শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
48 নং শাৰী:
 
==খেল বা কুৰিসমূহ==
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ গঠিত হোৱা আঠটা ''খেল'' বা ''কুৰি'' সমূহ হৈছে:
# ''বচাকুড়ি'' : ৰজাই বিভিন্ন কামৰ বাবে এই খেলৰ লোকসকলক নিযুক্তি কৰিছিল।
#''বৈৰাগীকুড়ি'' : এই খেলৰ লোকসকলক অন্যন্য ৰাজ্য বা বিদেশৰ ৰজালৈ বাৰ্তা পঠিয়াবলৈ ৰজাৰ দূত হিচাপে নিযুক্তি দিয়া হৈছিল।
# ''ব্ৰাহ্মণকুড়ি'' : ধৰ্মীয় কাম-কাজৰ বাবে আহোম ৰজাসকলে দেশৰ বিভিন্ন ঠাইৰ পৰা ব্ৰহ্মণ আনিছিল। কিছু সংখ্যক ব্ৰাহ্মণৰ লগতে আন আন লোকো এই খেলৰ অন্তৰ্গত আছিল।
# ''নাঙলকুড়ি'' : এই খলৰ লোকসকল খেতিৰ লগত জড়িত কাম-কাজ সমূহৰ দায়িত্বত আছিল।
# ''শলালকুড়ি'' : শলাল মানে হৈছে জ্ঞানী। তেওঁলোকে গাঁৱৰ লোকসকলক পৰিচালনা কৰিছিল। তেওঁলোকৰ পৰিয়াল আৰু বংশধৰ সমূহ লগ লাগি এই খেলৰ সৃষ্টি কৰে।
# ''কছাৰীকুড়ি'' : কছাৰী এজন মানুহৰ নাম আছিল। তেওঁৰ নামতে এই খেলৰ উৎপত্তি হয়।
# ''বৰাহীকুড়ি'' : বৰাহী জনগোষ্ঠীৰ লোকসকল এই খেলৰ অন্তৰ্গত আছিল। পৰৱৰ্তী কালত, তেওঁলোক বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে।
# ''কাকতিকুড়ি'' : কাকতি হৈছে আহোম ৰজাই দিয়া এটা উপাধি। মাটি লগত সম্পৰ্কীয় বিভিন্ন হিচাপ তেওঁলোকে চোৱা-চিতা কৰিছিল। এই কাকতিসকল লগ লাগি এই খেলৰ সৃষ্টি কৰে।
 
;বচাকুৰি