শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

37 নং শাৰী:
 
==ইতিহাস==
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ হৈছিল সেই কথা নিশ্চিত ভাৱে ঠাৱৰ কৰা সম্ভৱ নহয়। ছাৰ এডৱাৰ্ড গেইটৰ ‘History of Assam’ নামৰ বুৰঞ্জীত উল্লেখ কৰিছে যে ত্ৰয়োদশ শতিকাৰ কছাৰী ৰাজ্য কলং নদীৰ পৰা [[দিখো নদী]]লৈ বৃস্তিত আছিল। <ref> History Of Assam by E A Gait পৃষ্ঠা: ২৪৮-২৪৯ </ref> ১৬০০ শতিকাত এই অঞ্চলটো কছাৰী ৰাজ্যৰ অন্তৰ্গতহে আছিল।<ref name="ইতিহাস" /> সেই সূত্ৰে কোনোবা এজন কছাৰী ৰজাই বৰ্তমানৰ নামঘৰৰ স্থানত এটি শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰি উপাস্য দেৱতাক পূজা সেৱা কৰিছিল। অসম বুৰঞ্জীত সেই ঠাইত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কোনো কথা উল্লেখ নাই। [[গদাপানি]]ৰো [[বৈষ্ণৱ ধৰ্ম]]ৰ প্ৰতি কোনো ভাল ভাৱ নাছিল। সেয়ে, গদাপানিয়ে সেই অঞ্চলত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কথা বিশ্বাসযোগ্য নহয়। সময়ৰ সোঁতত কোনো প্ৰাকৃতিক কাৰণ যেনে – ভূমিকম্প, বানপানী বা অন্য বিশেষ কাৰণৰ হেতু এই মন্দিৰ ধ্বংস হ’ল। কাকডোঙা, মক্ৰং দুয়োখন নদীৰ প্লাৱনে মন্দিৰৰ ধ্বংসস্তুপ পুতি পেলালে। কালক্ৰমত হাবিয়ে ঢাকি পেলালে আৰু অজান পৰিৱেশৰ অটব্য অৰণ্যৰ সৃষ্টি হ’ল। কোনো সন্ত সিদ্ধ পুৰুষৰ ভক্তিৰ বলত এই স্থানত প্ৰকট হৈ পুনশ্চ দিব্য শক্তিৰ প্ৰকাশ ঘটিল।<ref name=" পৰ্যালোচনা "/> জনসাধাৰণৰ মাজত প্ৰচাৰ হোৱাৰ লগে লগে পুনৰ সেৱা পূজা উপাসনা আৰম্ভ হৈছিল। এই স্থানৰ পৰা ৫/৭ কিঃমিঃ নিলগৰ বৰহোলা চাহ বাগানৰ এটা নলা খান্দোতে এটা শিৱ মূৰ্তি উদ্ধাৰ হৈছিল। সেই মূৰ্তিটো পণ্ডিতসকলে নৱম শতিকাৰ অৰ্থাৎ প্ৰাক আহোম যুগৰ বুলি অনুমান কৰিছে।<ref> স্মৃতিগ্ৰন্থ; বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয় সোণালী জয়ন্তী </ref>
 
পূৰ্ব-পুৰুষৰ মৌখিক কথাৰ পৰাই জানিবলৈ পোৱা মতে সম্প্ৰীতি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ থকা পৱিত্ৰ ভূমিখণ্ডত এজন অজ্ঞাত কুলশীল সাধু সন্তলোকৰ আশ্ৰম আছিল।<ref name=" বুৰঞ্জী প্ৰসিদ্ধ ">{{cite journal | title= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৩০ৰপৰা ৪১ পৃ্ষ্ঠা }}</ref> সেই কালত বাট-পথ দুৰ্গম, হিংস্ৰ জীৱ-জন্তুৰে পৰিপূৰ্ণ, চাৰিওফালে অটব্য অৰণ্য, তাতে মানুহৰ বসবাসৰ স্থল আছিল কৰবাত কেনেবাকৈ দুই এঘৰ অৰ্থাৎ অতি সীমিত। অন্যহাতে, অসম বুৰঞ্জীত সেই ঠাইত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কোনো কথা উল্লেখ নাই। [[গদাপানি]]ৰো [[বৈষ্ণৱ ধৰ্ম]]ৰ প্ৰতি কোনো ভাল ভাৱ নাছিল। গদাপানিয়ে সেই অঞ্চলত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কথা বিশ্বাসযোগ্য নহয়। সেয়ে, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ প্ৰতিষ্ঠাৰ কথা সঠিককৈ জনা নাযায়। ১৬০০ শতিকাত এই অঞ্চলটো কছাৰী ৰাজ্যৰ অন্তৰ্গতহে আছিল।<ref name="ইতিহাস" />
 
আহোম স্বৰ্গদেউ ল’ৰাৰজাই অবৈধভাৱে আহোম ৰাজপাট দখল কৰিছিল। তেওঁৰ শাসনকালত গদাপাণি কোঁৱৰে (আহোম নাম: [[গদাধৰ সিংহ]]) ছদ্মৱেশ ধৰি পৰ্বতে-পাষণ্ডে ঘূৰি ফুৰোতে হঠাৎ এদিন আহি এই সন্ত লোকৰ আশ্ৰ পায়হি আৰু তেৰাক দৰ্শন পাই তেৰাৰ আশ্ৰয়তে কিছুদিন আশ্ৰমতে থাকিবলৈ লয়। প্ৰবাদ আছে যে গদাপাণি কোঁৱৰক বিচাৰি বিচাৰি ল’ৰা ৰজাৰ চাউদাংহঁতে সেই স্থান পাইছিলগৈ। কিন্তু আশ্ৰমৰ চাৰিওফালে বেত, বাঁহ, তৰা, ইকৰাকে আদি কৰি গছ-গছনিৰে ভৰপূৰ আৰু আশ্ৰমলৈ সোমাই যোৱা পথটিও অগণন ডাঠ মকৰা জাল আদিৰে আবৃত হোৱাত মানুহ থকাৰ কোনো সন্ধান নাপাই চাউদাংহঁতে তাৰ পৰা অন্য দিশে গতি কৰিছিল। গদাপাণি কোঁৱৰে আশ্ৰমৰ পৰা ওলাই যাওঁতে আশ্ৰমৰ পথত আবৃত হৈ থকা ডাঠ মকৰাজাল আঁতৰাই বাহিৰত মানুহৰ অসংখ্য খোজৰ চিন আৰু দুই এপদ ৰজাঘৰীয়া মানুহৰ সৰঞ্জাম পাই তেওঁক বিচাৰি ফুৰা চাউদাং বিলাক বিলাক বুলি নিঃসন্দেহে জানিব পাৰিছিল।<ref name=" বুৰঞ্জী প্ৰসিদ্ধ "/>