ভূমিকম্প: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
10 নং শাৰী:
#প্ৰথমবিধ হ'ল প্ৰাথমিক তৰংগ বা 'P' তৰংগ৷ এই তৰংগ কেন্দ্ৰৰ পৰা চাৰিওফালে বিস্তৃত হৈ যায়৷ এই কম্পন ওপৰ তল বা উলম্বভাৱে হয়৷ ইহঁতক সেইকাৰণে অনুদৈৰ্ঘিক তৰংগ (Longitudinal wave) বোলে৷
#ভূমিকম্পৰ দ্বিতীয় বিধ তৰংগৰ নাম 'S' তৰংগ নাইবা অনুপ্ৰাস্থিক তৰংগ (Transverse wave)৷ এইবিধ তৰংগৰ কঁপনি ইয়াৰ গতি পথৰ উলম্বিক দিশত হয়৷ এই তৰংগৰ প্ৰভাৱত [[শিল]]ৰ আয়তনৰ কোনো পৰিৱৰ্তন নহয়৷
#তৃতীয় বিধৰ নাম 'L' তৰংগ৷ এইবিধে উৎসৰ পৰা ভূ-ত্বকৰ উপৰি ভাগেদি গতি কৰে৷ এইবিধ তৰংগক পৃষ্ঠ তৰংগ (Surface wave) বোলে৷<ref>"উচ্চতৰ মাধ্যমিক ভূগোল বিজ্ঞান" দ্বিতীয় খণ্ড (দ্বিতীয় বাৰ্ষিকৰ বাবে),লেখকদ্বয় - ড° লোকেশ্বৰ নাথ আৰু ড° চাৰু চহৰীয়া নাথ৷ প্ৰকাশক - স্বস্ত্যয়ন বুক ষ্টল,খাৰুপেটীয়া (দৰং)৷</ref>
 
 
37 নং শাৰী:
*কেতিয়াবা কোনো পৰ্বত - পাহাৰ আদিৰ উচ্চতা কম বা বেচি হ'ব পাৰে৷
*সমুদ্ৰ অঞ্চলত কেতিয়াবা ভূমিকম্পৰ ফলত [[পানী]]ৰ ঢৌ বহুত ওপৰলৈ উঠে৷ ফলত জাহাজ,নাও আদি ধ্বংস হয়৷
 
 
==ভূমিকম্পৰ বিতৰণ==
 
কিছুমান বিশেষ ভূতাত্ত্বিক অৱস্থালৈ লক্ষ্য ৰাখি [[পৃথিৱী]]ৰ কেতবোৰ অঞ্চল ভূমিকম্প অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে৷
 
#'''প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয় অঞ্চল''' - এই অঞ্চলটোৱে প্ৰশান্ত মহাসাগৰ অঞ্চলক আগুৰি আছে৷ [[পৃথিৱী]]ত হোৱা মুঠ ভূমিকম্পৰ ৬৮ শতাংশ এই প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয় অঞ্চলত হয়৷ বিশেষকৈ কেলিফৰ্ণিয়া,চিলি,আলাস্কা,জাপান,ফিলিপাইনচ,নিউজিলেণ্ড আদিত ভূমিকম্পৰ প্ৰাদুৰ্ভাৱ বেছি৷
#'''ভূমধ্যসাগৰীয় অঞ্চল'''
এই অঞ্চলসমূহ হৈছে - আল্পছ,ককেছাছ,হিমালয়ৰ ওচৰ-চুবুৰীয়া অঞ্চল,পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ আৰু মধ্য আমেৰিকাত প্ৰায় ২১ শতাংশ ভূমিকম্প হয়৷ [[পৃথিৱী]]ৰ আন আন অঞ্চলত বাকী ১১শতাংশ ভূমিকম্প হয়৷ ভূমিকম্প সংঘটিত হোৱা ভূমধ্য অঞ্চলৰ ভিতৰত হিমালয়ৰ ওচৰ-চুবুৰীয়া অঞ্চলৰ উত্তৰ-পূব ভাৰত অন্তৰ্ভুক্ত হৈছে৷ [[অসম]],[[অৰুণাচল প্ৰদেশ]],[[মণিপুৰ]],[[মেঘালয়]],মিজো হিলচ,[[নগালেণ্ড]] আৰু [[ত্ৰিপুৰা]] এই অঞ্চলত ধৰা হৈছে৷
বি.চি.এলেনৰ মতে ১৮৯৭ চনৰ ১২ জুনত হোৱা ভূমিকম্পটো আটাইতকৈ ভয়ানক আছিল৷
 
==ভূমিকম্পৰ ক্ষয়ক্ষতিৰ উপশম ঘটোৱাৰ ব্যৱস্থা==
 
*ভয়ত ত্ৰাসযুক্ত হ'ব নালাগে৷
*ঘৰৰ ভিতৰত থাকিলে ভূমিকম্পৰ জোকাৰণি কম নোহোৱা পৰ্যন্ত বাহিৰলৈ ওলাব নালাগে৷
*দৰ্জাৰ মুখত দুৱাৰৰ চৌকাঠৰ ওচৰত সাজু হৈ থাকিব লাগে৷ নাইবা টেবুল বা বিচনাৰ ঠিক ওচৰত থকাৰ প্ৰয়োজন৷
*চেলফ নথকা বা লাইটৰ বোৰ্ড নথকা ঘৰৰ দেৱালৰ ওচৰত থিয় হৈ থাকিব লাগে৷
*ভূমিকম্প শেষ হোৱাৰ লগে লগে কোঠালিৰ পৰা ওলাই আহি গছ-গছনি নথকা মুকলি ঠাইত থিয় হ'ব লাগে৷
*মোবাইল ফোন,টৰ্চ লাইট,দিয়াচলাই,মমবাতি,দীঘল ৰচী,জখলা,বিস্কুট জাতীয় খাদ্য,পানীৰ বটল,গৰম কাপোৰ আদি সহজে পোৱা ঠাইত ৰাখিব লাগে৷
*ঘৰ-দুৱাৰ সদায় ভূমিকম্প প্ৰতিৰোধক ব্যৱস্থাৰে সজাবলৈ যত্ন কৰিব লাগে৷
 
 
Line 47 ⟶ 62:
{{Reflist}}
 
==বাহ্যিক সংযোগ==
"উচ্চতৰ মাধ্যমিক ভূগোল বিজ্ঞান" দ্বিতীয় খণ্ড (দ্বিতীয় বাৰ্ষিকৰ বাবে),লেখকদ্বয় - ড° লোকেশ্বৰ নাথ আৰু ড° চাৰু চহৰীয়া নাথ৷ প্ৰকাশক - স্বস্ত্যয়ন বুক ষ্টল,খাৰুপেটীয়া (দৰং)৷
 
[[শ্ৰেণী:ভূগোল]]
"https://as.wikipedia.org/wiki/ভূমিকম্প"ৰ পৰা অনা হৈছে