ভূমিকম্প: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''ভূমিকম্প''' ({{lang-en|Earthquake}}) হৈছে [[পৃথিৱী]]ৰ ভূগৰ্ভত কেতিয়াবা হঠাতে কোনো অদৃশ্য কাৰণত সৃষ্টি হোৱা জোকাৰণি৷ ভূগৰ্ভৰ শিলাস্তৰ সমূহৰ স্থিতিস্থাপক অৱস্থাৰ সাল-সলনি নাইবা মহাকৰ্ষনীয় (Gravitional) শক্তিৰ ভাৰসাম্যহীন অৱস্থাৰ ফলত যি জোকাৰণিৰ সৃষ্টি হয়,আচলতে তাকেই ভূমিকম্প বোলে৷ ভূমিকম্পৰ জোকাৰণি কেতিয়াবা মৃদু হয় আৰু কেতিয়াবা তীব্ৰ হয়৷ কেতিয়াবা ই ইমান তীব্ৰ হয় যে মানুহৰ ঘৰ-দুৱাৰ ভাগি পৰে,ভূ-পৃষ্টত গভীৰ ফাট মেলে,কোনো দ ঠাই ওপৰলৈ উঠি আহে আৰু কোনো বাম ঠাই তললৈ বহি যায়৷ ভূমিকম্পৰ উৎস হৈছে [[পৃথিৱী]]ৰ অভ্যন্তৰত৷ [[পৃথিৱী]]ৰ অভ্যন্তৰৰ যি ঠাইত কম্পন উৎপত্তি হয় তাক ভূমিকম্পটোৰ কেন্দ্ৰ (Focus) বোলা হয়৷ কেন্দ্ৰটো ভূ-পৃষ্টৰ পৰা বহুকিলোমিটাৰ গভীৰতালৈ থাকে৷ কেন্দ্ৰৰ ঠিক ওপৰৰ ধৰাপৃষ্টৰ ঠাইখনক উপকেন্দ্ৰ (Epicentre) বোলে৷ ভূমিকম্প বিজ্ঞানীসকলে ভূকম্পনলিখ (Seismograph) যন্ত্ৰৰ সহায়ত ভূমিকম্পৰ বিষয়ে অধ্যয়ন কৰে৷<ref name="গ্ৰন্থ ১">উচ্চতৰ মাধ্যমিক ভূগোল বিজ্ঞান" দ্বিতীয় খণ্ড (দ্বিতীয় বাৰ্ষিকৰ বাবে),লেখকদ্বয় - ড° লোকেশ্বৰ নাথ আৰু ড° চাৰু চহৰীয়া নাথ৷ প্ৰকাশক - স্বস্ত্যয়ন বুক ষ্টল,খাৰুপেটীয়া (দৰং)৷</ref>
 
 
Line 10 ⟶ 11:
#প্ৰথমবিধ হ'ল প্ৰাথমিক তৰংগ বা 'P' তৰংগ৷ এই তৰংগ কেন্দ্ৰৰ পৰা চাৰিওফালে বিস্তৃত হৈ যায়৷ এই কম্পন ওপৰ তল বা উলম্বভাৱে হয়৷ ইহঁতক সেইকাৰণে অনুদৈৰ্ঘিক তৰংগ (Longitudinal wave) বোলে৷
#ভূমিকম্পৰ দ্বিতীয় বিধ তৰংগৰ নাম 'S' তৰংগ নাইবা অনুপ্ৰাস্থিক তৰংগ (Transverse wave)৷ এইবিধ তৰংগৰ কঁপনি ইয়াৰ গতি পথৰ উলম্বিক দিশত হয়৷ এই তৰংগৰ প্ৰভাৱত [[শিল]]ৰ আয়তনৰ কোনো পৰিৱৰ্তন নহয়৷
#তৃতীয় বিধৰ নাম 'L' তৰংগ৷ এইবিধে উৎসৰ পৰা ভূ-ত্বকৰ উপৰি ভাগেদি গতি কৰে৷ এইবিধ তৰংগক পৃষ্ঠ তৰংগ (Surface wave) বোলে৷<ref> name="উচ্চতৰগ্ৰন্থ মাধ্যমিক ভূগোল বিজ্ঞান" দ্বিতীয় খণ্ড (দ্বিতীয় বাৰ্ষিকৰ বাবে),লেখকদ্বয় - ড° লোকেশ্বৰ নাথ আৰু ড° চাৰু চহৰীয়া নাথ৷ প্ৰকাশক - স্বস্ত্যয়ন বুক ষ্টল,খাৰুপেটীয়া (দৰং)৷</ref>
 
 
Line 36 ⟶ 37:
*সমুদ্ৰত দ্বীপৰ সৃষ্টি হব পাৰে৷
*কেতিয়াবা কোনো পৰ্বত - পাহাৰ আদিৰ উচ্চতা কম বা বেচি হ'ব পাৰে৷
*সমুদ্ৰ অঞ্চলত কেতিয়াবা ভূমিকম্পৰ ফলত [[পানী]]ৰ ঢৌ বহুত ওপৰলৈ উঠে৷ ফলত জাহাজ,নাও আদি ধ্বংস হয়৷<ref name="গ্ৰন্থ ১" />
 
 
"https://as.wikipedia.org/wiki/ভূমিকম্প"ৰ পৰা অনা হৈছে