অণুজীৱবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 86 interwiki links, now provided by Wikidata on d:q7193 (translate me)
No edit summary
 
1 নং শাৰী:
{{Stub}}
'''অণুজীৱবিজ্ঞান''' (Microbiology) চকুৰে মণিব নোৱাৰা জীৱ বা জীৱসদৃশ কণাৰ জীৱন প্ৰণালী, ইহঁতৰ প্ৰভাৱ, প্ৰতিৰোধ আৰু শৰীৰে এনে জীৱৰ প্ৰতি দেখুওৱা প্ৰতিক্ৰিয়াৰ অধ্যয়ন।<ref name=brit>http://www.britannica.com/EBchecked/topic/380246/microbiology আহৰণ কৰা তাৰিখঃ ০৬-০৩-২০১২</ref> এই বিষয়ৰ ক্ষুদ্ৰ জীৱ যেনে, [[ভাইৰাছ]], [[বেক্টেৰিয়া]], [[পৰজীৱী]], [[ভেঁকুৰ]], [[পেলু]] ইত্যাদি সাঙুৰি লোৱা হয়। [[প্ৰিঅ'ন]]ৰ দৰে অজীৱ কিন্তু জীৱিন্ত লক্ষণ থকা কণাসমূহকো এই বিজ্ঞানৰ ভিতৰতে অধ্যয়ন কৰা হয়। শৰীৰে অনুজীৱৰ সংক্ৰমণৰ প্ৰতি [[প্ৰতিৰোধী ব্যৱস্থা]]ৰে (Immune System) প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অণুজীৱবিজ্ঞানৰ আওতাতে প্ৰতিৰোধী ব্যৱস্থাও অধয়্যন কৰা হয়। অধ্যয়নৰ বিষয় ভেদে অণুজীৱবিজ্ঞানক [[ভাইৰ'লজী]], [[বেক্টেৰিঅ'লজী]], [[পেৰাছাইট'লজী]], [[মাইক'লজী]], [[ইম্যুনোলজী]] আদি ভাগত ভগোৱা হৈছে। অধ্যয়নৰ উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি অণুজীৱবিজ্ঞানক চিকিৎসা অণুজীৱবিজ্ঞান, কৃষি অণুজীৱবিজ্ঞান, ঔষধি অণুজীৱবিজ্ঞান ইত্যাদি বহুতো ভাগত ভাগ কৰা হৈছে। চিকিৎসা অণুজীৱবিজ্ঞানত মানৱ দেহত ৰোগৰ সৃষ্টি কৰিব পৰা [[অণুজীৱ]] বিলাকৰ বিষয়ে অধ্যয়ন কৰা হয়। তেনেকৈ কৃষিৰ ক্ষেত্ৰত বেমাৰ সৃষ্টি কৰিব পৰা অণুজীৱৰ অধ্যয়ন কৰা হয় কৃষি অণুজীৱবিজ্ঞানত।
 
অণুজীৱবিজ্ঞানৰ বিশেষজ্ঞ সকলক [[মাইক্ৰ'বায়োলজিষ্ট]] বোলা হয়।