কাটলফিছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: কাটলফিছ (Cuttlefish) এবিধ সাগৰীয় অমেৰুদণ্ডী প্ৰাণী । ইহঁতৰ আঠডাল...
(কোনো পাৰ্থক্য নাই)

19:11, 18 December 2013ৰ সংস্কৰণ

কাটলফিছ (Cuttlefish) এবিধ সাগৰীয় অমেৰুদণ্ডী প্ৰাণী । ইহঁতৰ আঠডাল দীঘল বাহু থকাৰ লগতে দুডাল দীঘল আকর্ষ থাকে । দেহৰ দুয়োকাষে থকা পাখিৰ সহায়ত ইহঁতে পানীত সাঁতুৰি ফুৰে । কাটলফিছে পাৰিপার্শ্বিক অৱস্থাৰ লগত মিলি যোৱাকৈ তাৰ গাৰ বৰণ সলনি কৰিব পাৰে আৰু সেইবাবে আত্মৰক্ষা তথা আক্ৰমণ কৰিবলৈ ইহঁতৰ বৰ সুবিধা হয় । পৃথিৱীৰ দ্ৰুত ৰং সলোৱা প্ৰাণীবোৰৰ ভিতৰত কাটলফিছ অন্যতম । গাত থকা ৰঙীণ কোষৰ মোনাৰ পৰা ইহঁতে পানীত এবিধ ক'লা ৰং এৰি দিয়ে । লগে লগে পানীৰ ৰং আন্ধাৰ যেন হৈ পৰে । সেই সুযোগতে ইহঁতে শত্ৰুৰ আগৰ পৰা পলাই সাৰে ।

কাটলফিছে সৰু সৰু মিছামাছ, কেঁকোৰা, সৰু সৰু মাছ আদি খায় । সাধাৰণতে ই দীঘলে ১৫/২০ চেণ্টিমিটাৰমান হয় যদিও দুই মিটাৰ পর্যন্ত দীঘল কাটলফিছো পোৱা গৈছে ।

কাটলফিছৰ হৃদপিণ্ড তিনিটা । ইয়াৰ দুটা হৃদপিণ্ড ফুলৰ তলভাগত থাকে আৰু এই দুটাই ফুললৈ তেজ সঞ্চালন কৰে । আনটো হৃদপিণ্ড দেহৰ মাজভাগত থাকি শৰীৰৰ অন্যান্য অংশলৈ তেজ সৰবৰাহ কৰে ।