জাপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমৰ এক সাংস্কৃতিক প্ৰতীক
Content deleted Content added
নতুন পৃষ্ঠা: জাপি অসমীয়া সংস্কৃতিৰ বাহক, অসমীয়া জাতি আৰু সংস্কৃতিৰ বি...
(কোনো পাৰ্থক্য নাই)

19:24, 18 December 2013ৰ সংস্কৰণ

জাপি অসমীয়া সংস্কৃতিৰ বাহক, অসমীয়া জাতি আৰু সংস্কৃতিৰ বিশেষ প্ৰতীকৰুপে সর্বজনবিদিত । জাপিৰ জন্ম চীনত হৈছিল বুলি কোৱা হয় । প্ৰথমে জাপি দেখিবলৈ টুপিৰ দৰে আছিল । কালক্ৰমত তাৰ আকাৰ, ৰং, সজাৰ অর্থাত্ তৈয়াৰী কৰা সঁজুলি ভিন্ন ধৰণৰ হ'ল । বাঁহ, বেত, গছৰ পাত জাপি সজাৰ ঘাই উপকৰণ । কোনো কোনো দেশত গছপাত আৰু জন্তুৰ ছালেৰেও জাপি সজা হয় । চীন দেশত জাপি লাটুমৰ মূৰৰ দৰে জোঙা । চীনৰপৰা ই দক্ষিণপূব এছিয়া হৈ অসম পোৱাৰ লগে লগেই পদুমগঢ়ীয়া ৰুপ গ্ৰহণ কৰে । ৰুপ-সজ্জাৰ ফালৰপৰা ইয়াৰ ভাগ দুটা-ফুলাম জাপি আৰু উকা জাপি । আহোমৰ দিনত ডা-ডাঙৰীয়াসকলে মর্য্যাদা অনুসৰি বিভিন্ন জাপি ব্যৱহাৰ কৰিছিল । যেনে- বুঢ়াগোহাঁই, বৰপাত্ৰগোহাঁই, বৰগোহাঁয়ে সোণৰ চুলাৰে পানী জাপি আৰু টুপি জাপি । বৰফুকন সকলে ৰুপৰ চুলাৰ জাপি, উকা বৰজাপি ব্যৱহাৰ কৰিছিল । আহোম ৰজাৰ দিনত বৰদৈয়া জাপি, সৰুদৈয়া জাপি আদিও আছিল । ইয়াৰোপৰি পানীজাপি, গৰখীয়া জাপি আদিৰ প্ৰচলন আছিল । জাপি সাধাৰণতে টকৌপাতেৰে তৈয়াৰ কৰা হয় ।