আমাজন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিমিডিয়া দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা
Content deleted Content added
নতুন পৃষ্ঠা: আমাজন (Amazon) দক্ষিণ আমেৰিকাৰ দীর্ঘতম (পৃথিৱীৰ দ্বিতীয় দীর্ঘত...
(কোনো পাৰ্থক্য নাই)

19:37, 18 December 2013ৰ সংস্কৰণ

আমাজন (Amazon) দক্ষিণ আমেৰিকাৰ দীর্ঘতম (পৃথিৱীৰ দ্বিতীয় দীর্ঘতম নদী) আৰু জলপ্ৰৱাহত পৃথিৱীৰ বৃহত্তম নদী । পশ্চিম প্ৰশান্ত মহাসাগৰৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ নিলগৰ এণ্ডিজ পর্বতমালাৰ উত্তৰ-পশ্চিমাংশৰ পৰা উত্পন্ন এই নদু পূবমুৱা হৈ বৈ গৈ বিষুৱৰেখাৰ ওচৰত আটলাণ্টিক মহাসাগৰত পৰিছে । নদীখনৰ দৈর্ঘ্য প্ৰায় ৫,৬৪০ কিলোমিটাৰ । আমাজন অৱবাহিকা অঞ্চলৰ কালি প্ৰায় ৭০,৪৫,০০০ বর্গ কিলোমিটাৰ; এই পৰিমাণ সমগ্ৰ দক্ষিণ আমেৰিকাৰ আধা । ৫০০-ৰো অধিক উপনদী আৰু শাখা নদীয়ে আমাজনক গঢ়ি তুলিছে । এইবোৰ নদীৰ জলপ্ৰৱাহে আমাজনক অতিশয় স্ফীত আৰু স্ৰোতস্বিনী কৰি তুলিছে । আমাজনৰ অৱবাহিকাৰ অধিকাংশ অঞ্চল বিষুৱীয় অঞ্চলত অৱস্থিত হোৱা বাবে আৰু বিষুৱীয় অঞ্চলৰ প্ৰবল বৃষ্টিপাতৰ কাৰণে এই নদীয়েদি প্ৰৱাহিত হয় পৃথিৱীৰ সকলোবোৰ নদীতকৈ বেছি জলৰাশি । নদীখনে প্ৰতি ছেকেণ্ডত ১,৮০,০০০ ঘন মিটাৰ পানী আটলাণ্টিকলৈ প্ৰৱাহিত কৰে । পৃথিৱী পৃষ্ঠত প্ৰৱাহিত মুঠ জলৰাশিৰ ২৫ শতাংশ আমাজনেদি প্ৰৱাহিত হয় । এই বিপুল জলৰাশি ইমান প্ৰবল বেগেৰে আটলাণ্টিকত প্ৰৱেশ কৰে যে নদীখনৰ মোহনাৰ পৰা প্ৰায় ৬৪ কিলোমিটাৰ পর্যন্ত সাগৰৰ পানী ঘোলা আৰু লুণীয়া হৈ থাকে ।

আমাজন নদীৰ অৱবাহিকাৰ প্ৰায় ৫০ লাখ বর্গ কিলোমিটাৰ ঘন বর্ষাৰণ্য (Rain Forest) । আমাজন বর্ষাৰণ্যতেই বিশ্বৰ অধিক সংখ্যক বন ভূমি অঞ্চল আছে । পৃথিৱীৰ প্রায় বিশ শতাংশতকৈও অধিক অক্সিজেন এই অঞ্চলতেই সৃষ্টি হয় । যাৰ ফলত ইয়াক "ধৰিত্রীৰ কলিজা" আখ্যা দিয়া হৈছে । এই বর্ষাৰণ্যত বাস কৰে বিশ্বৰ প্রায় পাঁচ নিযুততকৈ অধিক উদ্ভিদ প্রাণী তথা পতংগৰ প্রজাতি । আমাজনত প্ৰায় ৪০ হাজাৰ প্ৰজাতিৰ গছ আৰু নদীত প্ৰায় ২,০০০ প্ৰজাতিৰ মাছ পোৱা যায় । বিশ্বত থকা উদ্ভিদ প্রজাতিৰ ৭০ শতাংশই এই অঞ্চলৰ । অৱশ্য বিগত দুটা দশকত পৃথিৱীত থকা বর্ষাৰণ্য সমূহ দ্রুতগতিত হ্রাস পাই আহিব লাগিছে । প্রতি ছেকেণ্ডত পৃথিৱীৰ পৰা এক একৰকৈ বর্ষাৰণ্য ধ্বংস হৈ যায় । যাৰ ফলস্বৰুপে প্রতিদিনে আমি হেৰুৱাব লগা হৈছে ১৩৭ টাকৈ ভিন ভিন প্রজাতি । বিকৃত আধুনিকতাৰ ৰাগিত মত্ত হৈ মানৱ জাতিয়ে চলোৱা ধ্বংসযজ্ঞৰ ফলতেই বিগত দুটা শতিকাত আমি হেৰুৱাব লগীয়া হ'ল আঠ শতাংশতকৈও অধিক বর্ষাৰণ্য অঞ্চল । সমগ্র পৃথিৱীতেই ব্যৱহৃত হৈ থকা প্রায় ১২০ বিধ ঔষধৰ গছ ইয়াত পোৱা যায় ।