মৃত সাগৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: ডেড ছি (Dead Sea) পশ্চিম এছিয়াৰ ইজৰাইল আৰু জর্ডানৰ সীমান্ত অৱস্থি...
(কোনো পাৰ্থক্য নাই)

20:06, 18 December 2013ৰ সংস্কৰণ

ডেড ছি (Dead Sea) পশ্চিম এছিয়াৰ ইজৰাইল আৰু জর্ডানৰ সীমান্ত অৱস্থিত লুণীয়া পানীৰ হ্ৰদ; মৃত সাগৰ । পৃথিৱীৰ আটাইতকৈ নিম্নতম স্থান (Lowest Point) ডেড ছি সাধাৰণ সমুদ্ৰ পৃষ্ঠৰ পৰা ৪০০ মিটাৰ (প্ৰায় ১,৩০০ ফুট) তলত অৱস্থিত । প্ৰায় ৭৪ কিলোমিটাৰ (৪৬ মাইল) দীঘল আৰু প্ৰায় ১৬ কিলোমিটাৰ (১০ মাইল) বহল এই হ্ৰদৰ কালি ১,০৪৯ বর্গ কিলোমিটাৰ (৪০৫ বর্গ মাইল) । হ্ৰদটোৰ গভীৰতা অঞ্চলভেদে সুকীয়া; সর্বনিম্ন ৯ মিটাৰ (৩০ ফুট) আৰু সর্ব্বোচ্চ গভীৰতা ৪০০ মিটাৰ (১৩০০ ফুট) ডেড ছিৰ পানী অতি লুণীয়া । সাগৰৰ পানীত সাধাৰণতে ৪-৬ শতাংশ লোণ থাকে । ডেড ছিৰ পানীত লোণৰ এই পৰিমাণ ২৩-২৫ শতাংশ । উত্তৰৰ জর্ডান নদী আহি ডেড ছিত পৰিছে । এই জলভাগ কোনো নদীৰ মাধ্যমেৰে নিষ্কাষিত হোৱাৰ ব্যৱস্থা নাই; কিন্তু ইয়াৰ বাস্পীভৱনৰ হাৰ বেছি, --- বছৰি প্ৰায় ১,৪০০ মিলিমিটাৰ (৫৫ ইন্সি) । ক্ৰমাগত বাষ্পীভৱনৰ ফলত ইয়াৰ পানীত লোণৰ পৰিমাণ অত্যাধিক । ইজৰাইল আৰু জর্ডানে খেতি পথাৰৰ বাবে ব্যাপক হাৰত জর্ডান নদীৰ পানী টানি নিয়াৰ ফলতো ডেড ছিত মিঠা পানীৰ (Fresh Water) অভাৱ ঘটিছে । ইয়াৰ পৰিণতিত হ্ৰদটোৰ পানী অত্যন্ত লৱণাক্ত আৰু পানীৰ ঘনত্বও অতি বেছি । সেইকাৰণে ইয়াত সাঁতুৰিবলৈ সহজ । ইয়াত মানুহে অনায়াসে ওপঙি থাকিব পাৰে । আনকি ইয়াৰ পানীত ওপৰমুৱাকৈ শুই বাতৰিকাকতো পঢ়িব পাৰি । ডেড ছিৰ পানী অত্যন্ত লৱণাক্ত হোৱা বাবে কিছুমান সৰল প্ৰাণীৰ বাহিৰে মাছ, কাছ একো ইয়াত জীয়াই থাকিব নোৱাৰে । সেয়ে ইয়াক ডেড ছি বা মৃত সাগৰ বোলা হয় ।

(বিঃদ্ৰঃ পৃথিৱীৰ বিভিন্ন জাতিৰ মাজত ‘ডেড ছি’ বিভিন্ন নামেৰে পৰিচিত । আৰবী ভাষাত ইয়াৰ নাম 'বাহায়াৰেট লুট' (Buhayrat Lut), হিব্ৰু ভাষাত 'য়াম হা-মেলাহ' (Yam Ha-Melah) আৰু ৰোমান ভাষাত ই 'লাকাছ এছফালিটেছ' (Lacus Asphalites) নামে পৰিচিত । আন কোনো হ্ৰদৰে ইমানকেইটা বিচিত্ৰ নাম নাই ।)