মেৰুপ্ৰভা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: মেৰুপ্ৰভা (Aurora) পৃথিৱীৰ দুই মেৰু অঞ্চলৰ (দৰাচলতে দুই চুম্বকীয...
(কোনো পাৰ্থক্য নাই)

20:08, 18 December 2013ৰ সংস্কৰণ

মেৰুপ্ৰভা (Aurora) পৃথিৱীৰ দুই মেৰু অঞ্চলৰ (দৰাচলতে দুই চুম্বকীয় মেৰুৰ) ওপৰৰ বায়ুমণ্ডলত দেখা পোৱা ধেনুভিৰীয়া উজ্জ্বল আভা ।

মেৰুপ্ৰভাৰ পোহৰ বগা, ৰঙা, সেউজীয়া, হালধীয়া আৰু নীলা হ'ব পাৰে । অৱশ্যে ৰঙা, সেউজীয়া ৰঙৰ প্ৰাধান্য কিছু বেছি । সুর্যৰ পৰা অহা আধানযুক্ত কণিকাবোৰে (বা মহাজাগতিক ৰশ্মিয়ে) পৃথিৱীৰ চৌম্বক ক্ষেত্ৰৰ প্ৰভাৱত সর্পিল পথেৰে মেৰুৰ ফালে গতি কৰে । এই গতিপথত সিহঁতে বায়ুমণ্ডলৰ অন্যান্য অণু-পৰমাণুবোৰক খুন্দিয়াই উত্তেজিত কৰে আৰু কেতিয়াবা আয়নিতো কৰে । এনে অনু-পৰমাণুবোৰে শক্তি বিকিৰণ কৰে আৰু এই বিকিৰিত শক্তিয়ে ভূ-চুম্বকৰ দুয়ো মেৰুৰ ফালে মনোমোহা পোহৰৰ সৃষ্টি কৰে ।

মেৰুপ্ৰভা ভূ-পৃষ্ঠৰ ওপৰৰ প্ৰায় ৮০ কিলোমিটাৰ ওপৰৰ পৰা ৯৬০ কিলোমিটাৰ ওপৰলৈকে দেখা যায় । সৌৰ শিখা (Solar Flares) সৃষ্টি হোৱাৰ সময়ত সূর্যই সাধাৰণ অৱস্থাতকৈ বহু বেছি পৰিমাণৰ আধানযুক্ত কণিকা নির্গত কৰে । ফলত সেই সময়ত মেৰুপ্ৰভা তীব্ৰ হৈ উঠা দেখা যায় । উত্তৰ মেৰুৰ ওচৰত দেখা মেৰুপ্ৰভাক সুমেৰু প্ৰভা (Aurora Borealis) আৰু দক্ষিণ মেৰুৰ ফালে দৃশ্যমান মেৰুপ্ৰভাক কুমেৰুপ্ৰভা (Aurora Australis) বুলি কোৱা হয় । ১৭৭৩ চনত কেপ্টেইন জেমছ কুকে মেৰু অভিযানৰ সময়ত মেৰুপ্ৰভা দেখি, পৃথিৱীৰ আন অংশৰ মানুহক এই সম্বন্ধে জানিবলৈ দিয়ে ।