বাঢ়ৈটোকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: বাঢ়ৈটোকা (Wood Pecker) বা কাঠৰোকা ঠোঁটেৰে গছ খুলি পোক উলিয়াই খোৱা ট...
(কোনো পাৰ্থক্য নাই)

20:11, 18 December 2013ৰ সংস্কৰণ

বাঢ়ৈটোকা (Wood Pecker) বা কাঠৰোকা ঠোঁটেৰে গছ খুলি পোক উলিয়াই খোৱা টান ঠোঁটৰ এবিধ মজলীয়া আকৃতিৰ চৰাইপৃথিৱীৰ প্ৰায়বোৰ অঞ্চলতে বিভিন্ন প্ৰজাতিৰ বাঢ়ৈটোকা পোৱা যায় ।

বাঢ়ৈটোকাৰ পাখিবিলাক বৰ ৰংচঙীয়া । পেটৰ ৰং বগা । মাজে মাজে ক'লা পাখি থাকে । পিঠিৰ ৰং সোণবৰণীয়া । ঠোঁটটো বটালিৰ দৰে টান । জোঙা আৰু মজবুত ঠোঁটটো খুব সঘনাই (মিনিটত এশবাৰ পর্যন্ত) গছৰ গাত বা কাঠত মাৰিব পাৰে আৰু এনেকৈ কাঠত ফুটাও উলিয়াব পাৰে । ঠেঙৰ আঙুলিবোৰৰ দুটা আগফাললৈ আৰু দুটা পিচফাললৈ মূৰ কৰি থাকে । আঙুলিৰ মূৰত তীক্ষ্ন হাকোটা থাকে । ইহঁতে গছত বা আন ঠাইত ভালদৰে খামুচি, যিকোনো অৱস্থানত সুস্থিৰ হৈ ৰৈ থাকিব পাৰে । বাঢ়ৈটোকাৰ মূৰ আৰু ডিঙিৰ গঠনো বিস্ময়কৰ । এই বিশেষ গঠনে মূৰটো সঘনাই লৰচৰ কৰি থকা অৱস্থাত স্প্ৰিঙৰ দৰে কাম কৰি মগজুটোক আঘাতৰ পৰা বচাই ৰাখে । বাঢ়ৈটোকাই গছৰ বাকলা ফুটা কৰি তাৰ তলত সোমাই থকা পোক-পতংগবোৰ খায় । ইহঁতৰ জিভাখন বৰ দীঘল, পলাবলৈ ধৰা পতংগবোৰ সেই দীঘল জিভাখনেৰে ই ধৰি আনে । কিছুমানে শস্যৰ দানাও খায় । বাঢ়ৈটোকাই প্ৰায়ে যোৰ পাতি থাকে । গছত খোৰোং সাজি বা এনেয়ে থকা ধোন্দত বাহ সাজে । খোৰোং বা ধোন্দৰ মুখৰ ব্যাস সাধাৰণতে তিনি ইঞ্চিমানৰ হয় ।

জানুৱাৰী পৰা মে' মাহৰ ভিতৰত ইহঁতে কণী পাৰে । তিনি সপ্তাহমান উমনি দিয়াৰ পাচত কণীৰ পৰা পোৱালি জাগে । পোৱালিবোৰ পাঁচসপ্তাহমানৰ পাচত বাহিৰ ওলায় । প্ৰজাতিৰ বিভিন্নতাৰ ওপৰত নির্ভৰ কৰি এটা বাঢ়ৈটোক চৰাই ৮ চেণ্টিমিটাৰৰ পৰা ৫৫ চেণ্টিমিটাৰ মানলৈকে দীঘল হ'ব পাৰে । কিছুমান ক'লা-বগা বৰণৰো বাঢ়ৈটোকা আছে । অৱশ্য প্ৰায়বোৰৰে মূৰত ৰঙা বৰণৰ দাগ থাকে ।