তামোল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:উদ্ভিদজগত যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
20 নং শাৰী:
 
==বিৱৰণ==
সাধাৰণতে সেমেকা ক্ৰান্তীয় [[জলবায়ু]] অঞ্চলত তামোল গছৰ শ্ৰীবৃদ্ধি ভাল হয়৷ নিৰ্বাচিত মাতৃগছৰ পকা তামোলৰ পৰা তামোলৰ পুলি উৎপন্ন কৰা হয়৷ দুবছৰীয়া পুলিবিলাক ৮ ফুটৰ অন্তৰত [[পানী]] জমা নোহোৱা অঞ্চলত ৰোপন কৰা হয়৷ এজোপা তামোল গছত ইয়াৰ ৫-৬ বছৰমানৰ পৰা তামোল ডবিয়াবলৈ আৰম্ভ কৰে৷ তামোল ফুলাক ডবিয়া বুলি কয়৷ এজোপা পৈণত তামোল গছৰ পকা পাত ডিচেম্বৰ মাহ মানৰ পৰা তিনি সপ্তাহৰ অন্তৰত সৰিবলৈ ধৰে৷ এইদৰে সৰিবলৈ ধৰা ৪-৫ খিলা পাতৰ গুৰিৰ অংশৰ পৰা পুষ্পবিন্যাস (তামোল ধাৰণ কৰা থোক) বিলাক ওলায়৷ এবছৰত এজোপা তামোল গছত ৫ থোক পৰ্যন্ত তামোল লাগিব পাৰে যদিও গড় হিচাপত ২-৩ থোকহে তামোল লাগি থকা পৰিলক্ষিত হয়৷ তামোলবিলাক পকিবলৈ ৭ মাহমান লাগে৷ এজোপা তামোল গছত ২০০-২৫০ টা পৰ্যন্ত তামোল লাগে৷<ref name="গ্ৰন্থ ১" />
 
==উপাদান==
পকা তামোলত থকা উপাদানসমূহ -
{| class="wikitable"
|-
| জলীয় বাষ্প || ৩১.৩%
|-
| প্ৰটিন || ৪.৯%
|-
| ফেট || ৪.৪%
|-
|কাৰ্বোহাইড্ৰেট || ৪৭.২%
|-
| অজৈৱ || ১%
|-
| কেলছিয়াম || ০.৫৫%
|-
| ফছফৰাছ || ০.১৩%
|-
|আইৰন || ১.৫ মিলিগ্ৰাম (প্ৰতি ১০০ গ্ৰামত)
|}
তামোলত থকা Arecoline নামৰ ৰাসায়নিক পদাৰ্থবিধ মানৱ শৰীৰৰ বাবে হানিকাৰক৷ তামোলৰ পেলুনাশক গুণ আছে৷<ref name="গ্ৰন্থ ১" />
==ব্যৱহাৰ==
[[অসম]]ত তামোল ইয়াৰ কুমলীয়া অৱস্থাৰ পৰা পকালৈকে ব্যৱহাৰ কৰে৷ [[মাটি]]ত গাঁত খান্দি থোৱা তামোলক বুঢ়া তামোল বোলে৷ কিছুমানে পকা তামোল বুঢ়া কৰিবলৈ [[মাটি]]ৰ কলহ বা তেনে ধৰণৰ পাত্ৰত [[পানী]]ত দুমাহমান গোৰাই থয়৷ [[পশ্চিমবংগ]]ত সাধাৰণতে চুপাৰি তামোলহে ব্যৱহাৰ কৰে৷ কুমলীয়া তামোলৰ কেঁহা ভাৱটো পকা তামোলত প্ৰায় নাথাকে৷ তামোলৰ কেঁহাৰ সোৱাদ টেনিন জাতীয় এবিধ ৰাসায়নিক পদাৰ্থ থকাৰ কাৰণে পোৱা যায়৷ চুপাৰি তামোল পকা তামোল দুফাল কৰি বা গোটে গোটে ৰ'দত শুকুৱাই প্ৰস্তুত কৰা হয়৷ বিভিন্ন ধৰণৰ জৰ্দা [[পাণ]],মিঠা [[পাণ]] আদি চুপাৰিৰ অবিহনে পূৰ্ণতা পাব নোৱাৰে৷ তামোল গছ কেঁচা ঘৰ সজা আদি কামত খুঁটাৰূপে ব্যৱহাৰ কৰাৰ লগতে পুখুৰীৰৰ পৰা [[পানী]] আনিবলৈ সজা বাঁহৰ দলংখনত খুঁটা হিচাপে ব্যৱহাৰ কৰে৷ তামোলৰ ঢকুৱাৰপৰা [[বিচনী]] সাজি গৰমৰ দিনত বতাহ লয়৷<ref name="গ্ৰন্থ ১" />
 
== চিত্ৰৰ ভঁৰাল ==
"https://as.wikipedia.org/wiki/তামোল"ৰ পৰা অনা হৈছে