তামোল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
20 নং শাৰী:
 
==বিৱৰণ==
সাধাৰণতে সেমেকা ক্ৰান্তীয় [[জলবায়ু]] অঞ্চলত তামোল গছৰ শ্ৰীবৃদ্ধি ভাল হয়৷ নিৰ্বাচিত মাতৃগছৰ পকা তামোলৰ পৰা তামোলৰ পুলি উৎপন্ন কৰা হয়৷ দুবছৰীয়া পুলিবিলাক ৮ ফুটৰ অন্তৰত [[পানী]] জমা নোহোৱা অঞ্চলত ৰোপন কৰা হয়৷ এজোপা তামোল গছত ইয়াৰ ৫-৬ বছৰমানৰ পৰা তামোল ডবিয়াবলৈ আৰম্ভ কৰে৷ তামোল ফুলাক ডবিয়া বুলি কয়৷ এজোপা পৈণত তামোল গছৰ পকা পাত ডিচেম্বৰ মাহ মানৰ পৰা তিনি সপ্তাহৰ অন্তৰত সৰিবলৈ ধৰে৷ এইদৰে সৰিবলৈ ধৰা ৪-৫ খিলা পাতৰ গুৰিৰ অংশৰ পৰা পুষ্পবিন্যাস (তামোল ধাৰণ কৰা থোক) বিলাক ওলায়৷ এবছৰত এজোপা তামোল গছত ৫ থোক পৰ্যন্ত তামোল লাগিব পাৰে যদিও গড় হিচাপত ২-৩ থোকহে তামোল লাগি থকা পৰিলক্ষিত হয়৷ তামোলবিলাক পকিবলৈ ৭ মাহমান লাগে৷ এজোপা তামোল গছত ২০০-২৫০ টা পৰ্যন্ত তামোল লাগে৷ তামোল গছ একোজোপা ৪০-৬০ ফুট পৰ্যন্ত ওখ হয়৷ গছজোপাৰ একেবাৰে শীৰ্ষভাগত যৌগিক পক্ষালবিলাক এটা মুকুতৰ দৰে সজ্জিত হৈ থাকে৷ প্ৰতিখিলা পাত ৪-৬ ফুট দীঘল হয়৷ পাতৰ ঠাৰি অংশক তামোলৰ ঢকোৱা বুলি কয়৷ <ref name="গ্ৰন্থ ১" />
 
==প্ৰজনন প্ৰক্ৰিয়া==
তামোলৰ পুষ্পবিন্যাস Spadix প্ৰকাৰৰ আৰু যথেষ্ট শাখা-প্ৰশাখাযুক্ত৷ গোটেই পুষ্পবিন্যাসটো পাৰম্ভণিটে এখন ঢাকনিৰে (Spath) আবৃত্ত হৈ থাকে যদিও পাছলৈ এই ঢাকনিখন সৰি পৰে আৰু ভিতৰত থকা একলিংগী [[ফুল]]ৰ শাখা-প্ৰশাখাবিলাক ওলাই পৰে৷ তামোলৰ পুষ্পবিন্যাসটোক তামোলৰ থোক বুলি জনা যায়৷ এথোক তামোলৰ পুষ্পবিন্যাসত বহুতো সৰু সৰু পুংপুষ্প ধাৰণ কৰাৰ বিপৰীতে নগণ্য সংখ্যক ডাঙৰ স্ত্ৰীপুষ্প থাকে৷ প্ৰতিটো স্ত্ৰীপুষ্প বিকশিত হৈ একোটা তামোললৈ ৰূপান্তৰিত হয়৷ তামোল ফল সাধাৰণতে ডিম্বাকৃতিৰ হয়৷ দীঘলে ৫-৭ চেণ্টিমিটাৰ আৰু পুতলে ৪-৫ চেণ্টিমিটাৰ মান হব৷ কেঁচা তামোল সেউজীয়া ,পকিলে উজ্জল কমলা বৰণ লয়৷ তামোল এবিধ Nut জাতীয় ফল৷ ইয়াৰ বহি:স্তক তন্তুময় আৰু ভিতৰৰ গুটিটো তামোল হিচাপে ব্যৱহাৰ হয়৷ তামোলৰ ভিতৰত ৰঙচুৱা-মূগা বৰণৰ কিছুমান ৰেখা থাকে৷ <ref name="গ্ৰন্থ ১" />
 
==উপাদান==
"https://as.wikipedia.org/wiki/তামোল"ৰ পৰা অনা হৈছে