ধূমকেতু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: thumb|right|9P/Tempel collides with ''Deep Impact's'' impactor '''ধূমকেতু''' ({{lang-en|Comet}}) হ'ল বৰফ আ...
(কোনো পাৰ্থক্য নাই)

10:19, 21 December 2013ৰ সংস্কৰণ

ধূমকেতু (ইংৰাজী: Comet) হ'ল বৰফ আৰু ধূলিৰে গঠিত জোতিষ্ক৷ ধূমকেতুবোৰক প্ৰায়ে লেতেৰা বৰফৰ বল বুলি কোৱা হয়৷ ধূমকেতুৰ ধূলি বৰফ,কাৰ্বন-ডাইাক্সাইড,কাৰ্বন-মন'অক্সাইড,এম'নিয়া,মিথেন আদিৰে গঠিত৷ বহু গৱেষকৰ মতে ধূমকেতুৰ জৰিয়তে পৃথিৱীলৈ পানী আৰু জৈৱিক অণু আহিছিল,যি পাছলৈ পৃথিৱীজীৱ সৃষ্টিত সহায় কৰিলে৷ ধূমকেতুৱে আন আন সৌৰজগতৰ সদস্যৰ দৰেই সূৰ্য্যক প্ৰদক্ষিণ কৰে৷ ধূমকেতুবোৰ উৰ্ট ডাৱৰৰ অঞ্চলত বসবাস কৰে৷ প্লুটুৰ পৰাও দূৰত উৰ্ট ডাৱৰ অৱস্থিত৷ কেতিয়াবা কোনোটো ধূমকেতু উৰ্ট ডাৱৰ এৰি সৌৰজগতৰ ভিতৰ অঞ্চলত প্ৰৱেশ কৰে৷ কিছুমানে নিয়মিয়াকৈ এনেদৰে প্ৰৱেশ কৰে৷ বহুতে বহু বছৰৰ মূৰত এবাৰ প্ৰৱেশ কৰে৷ [1]

9P/Tempel collides with Deep Impact's impactor

গঠনপ্ৰণালী

 
Comet Wild 2

ধূমকেতুৰ দুটা অংশ,নেজ আৰু কমা৷ কমাৰ গেছীয় অংশৰ ভিতৰত গোটা পদাৰ্থৰ নিউক্লিয়াছ অৱস্থিত৷ নিউক্লিয়াছ প্ৰধানকৈ বৰফ আৰু জৈৱ পদাৰ্থৰে আবৃত ধূলিৰে গঠিত৷ বৰফৰ অংশত পানীবৰফৰ লগতে গোটা অৱস্থাৰ এম'নিয়া,কাৰ্বন-মন'অক্সাইড,কাৰ্বন-ডাই অক্সাইড আৰু মিথেন থাকিব পাৰে৷ নিউক্লিয়াছত সৰু শিলৰ কেন্দ্ৰ ভাগ থাকিব পাৰে৷ [1]

মানাকৰণ

 
Comet Lovejoy (C/2011 W3) from orbit

কেইটামান উল্লেখযোগ্য ধূমকেতু

  1. হুমাছন ধূমকেতু - এই ধূমকেতুটো চাৰি বছৰ ধৰি দেখা গৈছিল৷ ১৯৬২ চনৰ পৰা দেখা পোৱা এই ধূমকেতুটো সূৰ্য্যৰ পৰা ২.১৩ জ্যোতিবৈজ্ঞানিক একক দূৰত্বলৈকে ওচৰ চাপিছিল৷ এই ধূমকেতুটোৰ নেজ আছিল নীলা ৰং সৃষ্টি হৈছিল আৰু ইয়াৰ নেজত থকা কাৰ্বন মন'অক্সাইডৰ আয়নৰ বাবে৷ সূৰ্য্যৰপৰা তিনি জ্যোতিবৈজ্ঞানিক একক ওচৰ নাচাপিলে ধূমকেতুৰ পানী বাষ্পীভূত নহয়৷ ইয়াৰ নেজৰ ৰং চাই ইয়াৰ গঠন প্ৰধানকৈ কাৰ্বন-মন'অক্সাইড বুলি কোৱা হৈছে৷
  2. লাভজয় ধূমকেতু
  3. এৰেণ্ড-ৰলাণ্ড ধূমকেতু





তথ্য সংগ্ৰহ

  1. 1.0 1.1 "ধূমকেতু কি". (অকণিহঁতৰ বিজ্ঞান আলোচনী) নতুন আৱিষ্কাৰ খণ্ড ২৬শ বছৰ (দ্বাদশ সংখ্যা): পৃষ্ঠা ৮-১৩. ডিচেম্বৰ ২০১৩. 

বাহ্যিক সংযোগ