ছুনামি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:ভূগোল যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
5 নং শাৰী:
 
==ইতিহাস==
২০০৪ চনৰ ২৬ ডিছেম্বৰ মাহত [[বিশ্ব]]ই এটা ভয়াবহ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হয়৷ [[ভাৰত মহাসাগৰ]]ৰ [[উপকূল]]বৰ্তী অঞ্চলত প্ৰথমতে আহিল ৮.৯ ৰিখটাৰ স্কেলৰ [[ভূমিকম্প]]৷ [[ইণ্ডোনেছিয়া]]ৰ (সুমাত্ৰা) উত্তৰত অভিকেন্দ্ৰ থকা এই [[ভূমিকম্প]]টো আৰু তাৰ পাছতে অহা ছুনামিয়ে [[ইণ্ডোনেছিয়া]],[[মালয়েছিয়া]],[[থাইলেণ্ড]],[[ম্যানমাৰ]],[[ভাৰত]],[[শ্ৰীলংকা]] আৰু [[মালদ্বীপ]]ক বিধ্বস্ত কৰি পেলায়৷ [[ভূমিকম্প]]ৰ বাবেই [[সাগৰ]]ত প্ৰবল ছুনামিৰ সৃষ্টি হয়৷ <ref name="গ্ৰন্থ ১" />
 
==ক্ষতিগ্ৰস্ত অঞ্চল==
প্ৰায়বোৰ ছুনামি কোনো ক্ষতি নকৰাকৈ [[সাগৰ]]ৰ বুকুত ঢৌ তুলি তাতে মাৰ যায়৷ "জিঅ'ফিজিকেল ডাটা ছেণ্টাৰ"ৰ তথ্য অনুসৰি ১৯৮০ চনৰপৰা ১৯৯৯ চনৰ ভিতৰত [[পৃথিৱী]]ত যি ৯৭০ তা ছুনামিৰ সৃষ্টি হৈছিল,তাৰ ৮৪২ টাই নিৰীহ আছিল৷ বাকীকেইটা কিছু ক্ষতিকাৰক হ'লেও সিমান ভয়াবহ নাছিল৷ আন এটা হিচাপ অনুযায়ী ১৭৮২ চনৰপৰা ১৯৬৪ চনৰ ভিতৰত সৃষ্টি হোৱা প্ৰলয়ংকাৰী ছুনামিৰ সংখ্যা ২৩৷
 
 
"https://as.wikipedia.org/wiki/ছুনামি"ৰ পৰা অনা হৈছে