ছুনামি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
7 নং শাৰী:
==ইতিহাস==
২০০৪ চনৰ ২৬ ডিছেম্বৰ মাহত [[বিশ্ব]]ই এটা ভয়াবহ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হয়৷ [[ভাৰত মহাসাগৰ]]ৰ [[উপকূল]]বৰ্তী অঞ্চলত প্ৰথমতে আহিল ৮.৯ ৰিখটাৰ স্কেলৰ [[ভূমিকম্প]]৷ [[ইণ্ডোনেছিয়া]]ৰ (সুমাত্ৰা) উত্তৰত অভিকেন্দ্ৰ থকা এই [[ভূমিকম্প]]টো আৰু তাৰ পাছতে অহা ছুনামিয়ে [[ইণ্ডোনেছিয়া]],[[মালয়েছিয়া]],[[থাইলেণ্ড]],[[ম্যানমাৰ]],[[ভাৰত]],[[শ্ৰীলংকা]] আৰু [[মালদ্বীপ]]ক বিধ্বস্ত কৰি পেলায়৷ [[ভূমিকম্প]]ৰ বাবেই [[সাগৰ]]ত প্ৰবল ছুনামিৰ সৃষ্টি হয়৷ <ref name="গ্ৰন্থ ১" />
 
==সৃষ্টিৰ কাৰণ==
সমুদ্ৰতলত সৃষ্টি হোৱা প্ৰবল [[ভূমিকম্প]]ই ২০০৪ চনৰ ২৬ ডিচেম্বৰৰ ছুনামিৰ মূল কাৰণ৷ সমুদ্ৰগৰ্ভত থকা এখন ভূতাত্ত্বিক প্লেট - ইণ্ডিয়া প্লেটৰ লগত আৰু আন এখন প্লেট বাৰ্মা প্লেটৰ সংঘৰ্ষ হোৱাৰ ফলত এই [[ভূমিকম্প]]টোৰ সৃষ্টি হৈছিল৷ ইয়াৰ ফলত ইণ্ডিয়া প্লেটখন বাৰ্মা প্লেটৰ কিছু তললৈ সোমাই গ'ল৷ সমুদ্ৰপৃষ্ঠৰ [[পানী]] উলম্বভাৱে ওপৰলৈ উঠি যোৱাৰ ফলত ছুনামিৰ সৃষ্টি হ'ল৷ মাজসমুদ্ৰত যি ছুনামিৰ বা প্ৰবল জলোচ্ছ্বাস সৃষ্টি হ'ল,সি অতি বেগেৰে (ঘণ্টাত ৮০০-১০০০ কিল'মিটাৰ বেগত) উপকূলৰ ফালে ধাবিত হৈ আহিল৷ সমুদ্ৰৰ মাজত কিন্তু তৰংগবোৰৰ দৈৰ্ঘ বেছি নাছিল৷ আনকি ঢৌবোৰৰ উচ্চতাও মাত্ৰ কেইফুটমানহে আছিল৷ কিন্তু উপকূলত আহি খুন্দা মৰাৰ সময়ত সেই একেবোৰ ঢৌৰে উচ্চতা হ'লগৈ ২০ ৰপৰা ৫৩ ফুট পৰ্যন্ত৷ ইয়াৰ কাৰণ হ'ল - [[উপকূল]]ৰ ফালে সমুদ্ৰৰ গভীৰতা কমি অহাৰ ফলত ছুনামিৰ বেগ কিছু কমি আহে আৰু ঢৌৰ উচ্চতা বাঢ়ি যায়৷ <ref name="গ্ৰন্থ ১" />
 
==ক্ষতিগ্ৰস্ত অঞ্চল==
প্ৰায়বোৰ ছুনামি কোনো ক্ষতি নকৰাকৈ [[সাগৰ]]ৰ বুকুত ঢৌ তুলি তাতে মাৰ যায়৷ "জিঅ'ফিজিকেল ডাটা ছেণ্টাৰ"ৰ তথ্য অনুসৰি ১৯৮০ চনৰপৰা ১৯৯৯ চনৰ ভিতৰত [[পৃথিৱী]]ত যি ৯৭০ তা ছুনামিৰ সৃষ্টি হৈছিল,তাৰ ৮৪২ টাই নিৰীহ আছিল৷ বাকীকেইটা কিছু ক্ষতিকাৰক হ'লেও সিমান ভয়াবহ নাছিল৷ আন এটা হিচাপ অনুযায়ী ১৭৮২ চনৰপৰা ১৯৬৪ চনৰ ভিতৰত সৃষ্টি হোৱা প্ৰলয়ংকাৰী ছুনামিৰ সংখ্যা ২৩ ৷ এইবোৰে [[চীন]],[[জাপান]],[[জাভা]],[[পেৰু]],[[চিলি]],[[ইণ্ডোনেছিয়া]],[[মাৰ্কিন যুক্তৰাষ্ট্ৰ]] আদি দেশত ধ্বংস কাৰ্য ঘটাইছিল আৰু বিভিন্ন ঠাইত একোবাৰত ১,২০০ৰ পৰা ৪,০০০ পৰ্যন্ত লোকৰ মৃত্যু হৈছিল৷ ২৬ ডিছেম্বৰৰ এই ছুনামিৰ ফলত সৃষ্টি হোৱা জলোচ্ছ্বাসে ১১ খন দেশৰ অভাৱনীয় ক্ষতি কৰে৷ এই ১১ খন দেশত চৰকাৰী হিচাপমতে মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১,৬৫,০০০ জন৷ ইয়াৰ ভিতৰত [[ইণ্ডোনেছিয়া]]ত মৃতকৰ সংখ্যা সৰ্বাধিক,৮০ হাজাৰ জন৷ [[শ্ৰীলংকা]]ত ৩০ হাজাৰ,[[ভাৰত]]ৰ [[তামিলনাডু]],[[পণ্ডিচেৰী]],[[অন্ধ্ৰপ্ৰদেশ]] আৰু [[কেৰেলা]]ত মুঠ মৃতকৰ সংখ্যা ১৫,০০০ জন৷ [[আন্দামান]]ত ৭,০০০ জন৷ [[ম্যানমাৰ]],[[মালয়েচিয়া]],[[থাইলেণ্ড]],[[মালদ্বীপ]] আদিতো বহু লোকৰ মৃত্যু হয়৷ বহুলোকৰ সন্ধানেই পোৱা নগল৷<ref name="গ্ৰন্থ ১" />
[[File:1755 Lisbon earthquake.jpg|left|thumb|১৭৫৫চনত লিছবনত হোৱা ভূমিকম্প আৰু ছুনামিৰ ৰূপ]]
[[File:Propagation du tsunami en profondeur variable.gif|thumb|সাগৰীয় ঢৌসমূহ অগভীৰ অঞ্চললৈ আহিলে ইয়াৰ গতি কমে কিন্তু ঢৌৰ উচ্চতা বাঢ়ি যায় ]]
[[File:Tsunami2.JPG|thumb|সাগৰীয় ঢৌবোৰ পাৰৰ অঞ্চল পোৱালৈকে ক্ৰমান্বয়ে উচ্চতা বাঢ়ি গৈ থাকে]]
 
==ধ্বংসলীলা==
ছুনামিৰ পিছতেই বিপৰ্যস্ত দেশবোৰত খাদ্য,খোৱাপানী,আশ্ৰয় আদিৰ বাবে হাহাকাৰৰ সৃষ্টি হৈছিল৷ এই ছুনামিত [[ভাৰত]]ৰ ক্ষতি হয় প্ৰায় ৫ হাজাৰ কোটি টকা৷ ৰাষ্টীয় ঘাইপথৰ ১৬২ কিল'মিটাৰ ৰাজ্য আৰু জিলা পথৰ ৪৬২ কিল'মিটাৰ,৭খন দলং,৩৪টা পুল সম্পূৰ্ণৰূপে ধ্বংস হয়৷ এই ছুনামিটোত আটাইতকৈ ক্ষতিগ্ৰস্ত হয় শিশুসকল৷ মৃতকৰ ভিতৰত শিশুৰ সংখ্যাই সৰ্বাধিক৷ ইউনিচেফৰ এটা সমীক্ষাত দেশৰ ভিতৰত [[ইণ্ডোনেছিয়া]],[[ভাৰত]] আৰু [[শ্ৰীলংকা]]তে ধন-জন হানি আতাইতকৈ বেছি৷
 
[[ভাৰত]]ৰ যি সাতখন ৰাজ্যত ছুনামিয়ে ধ্বংসলীলা চলালে সেইকেইখন হ'ল - [[উৰিষ্যা]],[[পশ্চিমবংগ]],[[অন্ধ্ৰপ্ৰদেশ]],[[তামিলনাডু]],[[পণ্ডিচেৰী]],[[কেৰালা]] আৰু [[আন্দামান-নিকোবৰ দ্বীপপুঞ্জ]]৷ তাৰ ভিতৰত [[তামিলনাডু]] আৰু [[আন্দামান-নিকোবৰ]]তে ক্ষয়-ক্ষতি সৰ্বাধিক৷<ref name="গ্ৰন্থ ১" />
 
 
 
 
 
[[File:Propagation du tsunami en profondeur variable.gif|thumb|সাগৰীয় ঢৌসমূহ অগভীৰ অঞ্চললৈ আহিলে ইয়াৰ গতি কমে কিন্তু ঢৌৰ উচ্চতা বাঢ়ি যায় ]]
[[File:Tsunami2.JPG|thumb|সাগৰীয় ঢৌবোৰ পাৰৰ অঞ্চল পোৱালৈকে ক্ৰমান্বয়ে উচ্চতা বাঢ়ি গৈ থাকে]]
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/ছুনামি"ৰ পৰা অনা হৈছে