শেলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
 
==বাসস্থান==
শেলাইবিলাক প্ৰধানত: জলজ৷ ইহঁতে লৱণ আৰু অলৱণ [[পানী]]ত বা অপৰিষ্কাৰ দুৰ্গন্ধময় [[পানী]]ত ওপঙি থাকে অথবা [[পানী]]ত নিমজ্জিত কোনো আধাৰ (substratum) ত লাগি থাকে৷ কিছুমানে [[উদ্ভিদ]] বা [[প্ৰাণী]]ৰ দেহত অন্তৰ (endophyte)[[উদ্ভিদ]] হিচাপে অথবা পৰাশ্ৰয়ী (epiphyte)হিচাপে বাস কৰে৷ কোনো কোনো ক্ষেত্ৰত শেলাই [[ভেঁকুৰ]]ৰ সৈতে সহজীৱী হিচাপে (যেনে-লাইকন) বাস কৰা দেখা যায়৷<ref name="গ্ৰন্থ ১" />
[[File:Gephyrocapsa oceanica color.jpg|thumb|300px|False-color [[Scanning electron micrograph]] of the unicellular [[coccolithophore]], ''[[Gephyrocapsa]] oceanica''.]]
==দেহৰ গঠন==
 
শেলাইৰ দেহৰ গঠন এককোষী সৰল প্ৰকৃতিৰপৰা বহুকোষী আৰু জটিল প্ৰকৃতিৰ হব পাৰে৷ এককোষী শেলাইসমূহ ফ্লেজেলাযুক্ত বা ফ্লেজেলাহীন আৰু অনেক ক্ষেত্ৰত দেখা যায় যে এইবিলাক লগহৈ উপনিবেশ (colony) গঠন কৰে৷ বহুকোষী শেলাইবিলাকৰ দেহ শাখাহীন বা শাখাযুক্ত সূত্ৰকাৰ (filamentous),ফোঁপোলা গোলাকাৰ বস্তুৰ দৰে বা উপনিবেশৰ দৰে হয়৷<ref name="গ্ৰন্থ ১" />
 
==কোষৰ গঠন==
 
শেলাইৰ [[কোষ]] সংকোষকেন্দ্ৰীয় (eukaryotic) হয়৷ প্ৰতিটো [[কোষ]] এখন দুতৰপীয়া (two layered) বেৰৰ দ্বাৰা আবৃত হৈ থাকে৷ বেৰখন চেলুল'জ,পেকটিন প্ৰভৃতিৰ দ্বাৰা গঠিত৷ [[কোষ]]ত এক বা একাধিক [[কোষকেন্দ্ৰ]],কোষপ্ৰৰস,গলগি বডি,ক্ল'ৰপ্লাষ্ট বা ক্ৰ'মেট'ফ'ৰ (chromatophore) ,অন্ত:প্ৰৰসীয় জালিকা থাকে৷ কিছুমানৰ দেহত চলন অংগ ফ্লেজেলা থাকে৷<ref name="গ্ৰন্থ ১" />
 
==ৰঞ্জক পদাৰ্থ==
18 নং শাৰী:
==সঞ্চিত খাদ্য==
 
শেলাইৰ দেহত প্ৰধান সঞ্চিত খাদ্যৰূপে [[কাৰ্ব'হাইড্ৰেট]] থাকে,কিন্তু ভিন্ন ভিন্ন শেলাইত [[কাৰ্ব'হাইড্ৰেট]]ৰ প্ৰকৃতিও বিভিন্ন ধৰণৰ হয়,যেনে- শ্বেতসাৰ (সেউজীয়া শেলাই),মেনিট'ল আৰু লেমিনেৰিম (manitol and laminarin)(মুগা বৰণীয়া শেলাই),ফ্ল'ৰিডিয়ান শ্বেতসাৰ (ৰঙা শেলাই) ইত্যাদি৷ বিভিন্ন ধৰণৰ [[কাৰ্ব'হাইড্ৰেট]]ৰ বাহিৰেও স্নেহপদাৰ্থ আৰু তেল (fats and oil),লিউক'ছিন (luecosin),পেৰামাইলাম (paramylum) আদি শেলাইৰ [[কোষ]]ত সঞ্চিত খাদ্যৰূপে থাকে৷<ref name="গ্ৰন্থ ১" />
 
==প্ৰজনন==
"https://as.wikipedia.org/wiki/শেলাই"ৰ পৰা অনা হৈছে