ষ্ট্ৰবেৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:উদ্ভিদজগত যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
19 নং শাৰী:
 
==ষ্ট্ৰবেৰিৰ প্ৰকাৰ==
ষ্ট্ৰবেৰি দুই প্ৰকাৰৰ – এবিধ বনৰীয়া আৰু আনবিধ বৰ্ণসংকৰ উন্নত জাত৷ এইবোৰ জাতক গাৰ্ডেন ষ্ট্ৰবেৰি বোলা হয়৷ আমি সাধাৰণতে দেখা পোৱা এই গাৰ্ডেন ষ্ট্ৰবেৰিৰ খেতি ১৮ শতিকাত ফ্ৰান্সত পোন প্ৰাথমবাৰৰ বাবে কৰা হৈছিল৷ ইয়াৰ পূৰ্বে মানুহে বনৰীয়া জাতৰ ষ্ট্ৰবেৰিক কেৱল বনৌষধ হিচাপে ব্যৱহাৰ কৰিছিল৷ লাহে লাহে ষ্ট্ৰবেৰিৰ বিষয়ে গৱেষণা আৰম্ভ হয় আৰু ১৭৫০ চনত পোন প্ৰথমবাৰৰ বাবে ষ্ট্ৰবেৰিৰ উন্নত বৰ্ণসংকৰ জাত উদ্ভাৱন হয়৷ উত্তৰ আমেৰিকাৰপৰা সংগৃহীত Fragaria virginiana আৰু ছিলিৰ Fragaria chiloensis নামৰ দুবিধ জাতৰ মাজত সংযোজন ঘটাই ফ্ৰান্সৰ ব্ৰিটানিত গাৰ্ডেন ষ্ট্ৰবেৰিৰ বৰ্ণসংকৰ জাত উদ্ভাৱন কৰা হয়,আৰু তেতিয়াৰ পৰাই ষ্ট্ৰবেৰিৰ নতুন অধ্যায় আৰম্ভ হয়৷<ref name="গ্ৰন্থ ১" />
[[File:D-BW-Tettnang-Erdbeerernte.JPG|thumb|Harvest]]
==ষ্ট্ৰবেৰিৰ উৎপাদন স্থলী==
বৰ্তমান ষ্ট্ৰবেৰি উৎপাদন কৰা বিশ্বৰ মুখ্য দেশ হল – আমেৰিকা যুক্তৰাষ্ট্ৰ,ইয়াৰ পাছতে তুৰ্কী,স্পেইন,ইজিপ্ট,দক্ষিণ কোৰিয়া,মেক্সিকো,জাপান,পোলেণ্ড,জাৰ্মেনি,ৰাছিয়া,ইটালি আৰু মৰক্কোৰ স্থান৷ ভাৰতবৰ্ষতো ষ্ট্ৰবেৰি কিছু পৰিমাণে কৰা হয়৷ বিশেষকৈ পাহাৰীয়া আৰু ঠাণ্ডা অঞ্চল বিশেষত ইয়াৰ খেতি ব্যৱসায়িক ভিত্তিত কৰা হয়৷ নাইনিতাল,ডেৰাডুন(উত্তৰ প্ৰদেশ),মহাবালেশ্বৰ(মহাৰাষ্ট্ৰ),কাস্মীৰ উপত্যকা,বেংগালুৰু আৰু কালিম্পঙত(পশ্চিমবংগ) ত এই খেতি বিস্তৃতভাৱে কৰা হয়৷ অৱশ্যে বৰ্তমান পুনে,নাচিক আৰু চাংগলীৰ সমতল ভূমিতো ষ্ট্ৰবেৰিৰ খেতি কৰা হয়৷ আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত কিছু ষ্ট্ৰবেৰিৰ বাগান দেখা যায়৷ তথ্যমতে মেঘালয়ে ভাৰতবৰ্ষৰ ষ্ট্ৰবেৰি উৎপাদন কৰা ৰাজ্যৰ ভিতৰত ষষ্ঠ স্থান দখল কৰিছে৷<ref name="গ্ৰন্থ ১" />
[[File:Charlotte aux fraises.JPG|thumbnail|left|Strawberry charlotte (Charlotte aux fraises)]]
==ষ্ট্ৰবেৰিৰ কৃষি পদ্ধতি==
ষ্ট্ৰবেৰিৰ বাবে মাটিৰ অম্লতা ৫.৭ – ৬.৫ হোৱা উচিত৷ এনে জোখৰ অম্লতাত ইয়াৰ শিপাৰ গঠন ভাল হয়৷ মাটিডৰা ভালদৰে চহাই যথেষ্ট পৰিমাণে গোবৰ বা পচনসাৰ দিব লাগে৷ অৱশ্যে অনুমোদিত হাৰত ৰাসায়নিক সাৰো প্ৰয়োগ কৰিব লাগে৷ ষ্ট্ৰবেৰি খেতিৰ বাবে ঘাঁহ-বনহীন সেমেকা মাটি উপযুক্ত৷ অধিক কেলচিয়ামযুক্ত মাটিত পাতবোৰ হালধীয়া হয়৷ ষ্ট্ৰবেৰিৰ বংশবৃদ্ধি সাধাৰণতে ফুল ধৰা সময়ত গছৰ গুৰিৰপৰা ওলোৱা লতাকৃতিৰ ৰানাৰ(Runner)পৰা কৰা হয়৷ বংশবৃদ্ধিৰ বাবে ৰখা ষ্ট্ৰবেৰিৰ মাতৃগছত ফল ধৰিবলৈ দিয়া নহয়৷ এজোপা গছৰ গুৰিৰপৰা ওলোৱা সকলো ৰানাৰ পুলি হিচাপে ব্যৱহাৰ কৰিব পাৰি৷ সাধাৰণতে এজোপা গছৰপৰা ১২ – ১৮টা পৰ্যন্ত ৰানাৰ পোৱা যায়৷ ষ্ট্ৰবেৰিৰ টিছু কালচাৰৰদ্বাৰা উৎপাদিত পুলিও ৰুব পাৰি৷ ষ্ট্ৰবেৰি সমান মাটিত অথবা মাটিৰ দীঘলীয়া ঢিপ তৈয়াৰ কৰিও ৰুব পাৰি৷ গছৰ মাজৰ দূৰত্ব ৪৫ ছেণ্টিমিটাৰ আৰু শাৰীৰ মাজৰ দূৰত্ব ৬০ – ৭৫ ছেণ্টিমিটাৰ হ’ব লাগে৷ পাহাৰীয়া অঞ্চলত ষ্ট্ৰবেৰি ৰোৱাৰ সময় হ’ল মাৰ্চ-এপ্ৰিল আৰু ছেপ্টম্বৰ-অক্টোবৰ৷ সমতলৰ বাবে উত্তম সময় হ’ল অক্টোবৰ – নৱেম্বৰ৷ ৱোৱাৰ কিছুদিনৰ পাছতে ই ঠন ধৰি উঠে আৰু পোখা মেলিবলৈ আৰম্ভ কৰে৷ অলাগতিয়াল পোখাবোৰ আঁতৰাই পেলাব লাগে৷ এনে কৰিলে গছজোপা সবল হয় আৰু অধিক ফল ধৰে৷ সময়ে সময়ে জলসিঞ্চন কৰিব লাগে৷ গছৰ গুৰি খুঁচৰি দিব লাগে আৰু মাটিৰ উপৰিভাগ খেৰেৰে ঢাকি দিব লাগে যাতে ই মাটিৰ জীপটো ধৰি ৰাখে৷ প্ৰকৃতাৰ্থত খেৰৰ (Straw) ওপৰত কৰা খেতি বাবেই এই ফলৰ নাম Straw berry ৰখা হ’ল৷ ৰোৱাৰ প্ৰায় ৪৫ দিন পাছৰপৰা ফুল ফুলিবলৈ আৰম্ভ কৰে আৰু ৭০ দিনৰ পাছত ফল পূৰঠ হৈ ছিঙিবৰ হয়৷ অৱশ্যে সম্পূৰ্ণ গছপকা ফলহে ছিঙিব লাগে৷ সাধাৰণতে কেঁচা ফল ছিঙাৰ পাছত ই নপকে৷ ফল ছিঙোতে ফলৰ মূৰৰ চুপহিসহ ছিঙা হয়৷ ফল ছিঙাৰ সময় হ’ল ৰাতিপুৱা৷ ছিঙাৰ পাছত ফলবোৰ পানীৰে ধোৱা নহয়,কেৱল খোৱাৰ সময়তহে ধুই খাব লাগে৷ যিহেতু সামান্য উষ্ণতাতে ফলবোৰ নষ্ট হয় আৰু ইয়াৰ উজ্জল ৰং স্তিমিত হৈ পৰে,সেয়ে ছিঙাৰ পাছত ইয়াক ঠাণ্ডা স্থানত বা ৰেফ্ৰিজাৰেটৰত থোৱা হয়৷ ভাৰতত বিভিন্ন উন্নত জাতৰ ষ্ট্ৰবেৰিৰ খেতি কৰা হয়৷ পাহাৰীয়া স্থানৰ বাবে অনুমোদিত জাতবোৰ হ’ল – Royal sovereign,Bangalore,Srinagar আৰু Dilpasand ৷ অৱশ্যে বহি:ৰাজ্যৰ Torrey,Toiga আৰু Salana ও জনপ্ৰিয় জাত৷ উত্তৰ ভাৰতৰ সমতল ভূমিৰ বাবে অনুমোদিত এবিধ চাপৰ জাত হ’ল Pusa early dwarf ৷<ref name="গ্ৰন্থ ১" />
[[File:Strawberry flower.jpg|thumb|Garden strawberry flower]]
 
"https://as.wikipedia.org/wiki/ষ্ট্ৰবেৰী"ৰ পৰা অনা হৈছে