ইষ্ট ইণ্ডিয়া কোম্পানী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
38 নং শাৰী:
}}
 
'''ইষ্ট ইণ্ডিয়া কোম্পানী''' ({{Lang-en|''' East India Company'''}}) গঠিত হয় ১৫৯৯ চনৰ ২২ছেপ্তেম্বৰত [[ইংলণ্ড]]ত। এইটো কোম্পানীক ইংলিচ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰেও জনা যায়। ১৫৯৯ চনৰে ৩১ ডিছেম্বৰত [[ৰাণী এলিজাবেথে]] এই কোম্পানীক উত্তমাশা অন্তৰীপৰপৰা উত্তৰ-পূব [[ভাৰত]]ৰ লগতে পূব আৰু দক্ষিণ-পূব [[এছিয়া]]ৰ যিকোনো অঞ্চলতে ব্যৱসায় কৰাৰ অনুমতি দিয়ে। ১৬০০ চনৰপৰা ১৭০৮ চনলৈকে ইষ্ট ইণ্ডিয়া কোম্পানীক "গৱৰ্নৰ এণ্ড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ লণ্ডন ট্ৰেডিং ইনটু দা ইষ্ট ইণ্ডিজ" (Governor and company of Merchants of London Trading into the East Indies) আৰু ১৭০৮ চনৰপৰা ১৮৭৩ চনলৈকে "ইউনাইটেড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ ইংলেণ্ড ট্ৰেডিং টু দা ইষ্ট ইণ্ডিছ" (United Company of Marchants of England Trading to The East Indies)নামেৰেও জনা গৈছিল। <ref name="গ্ৰন্থ ১" <ref>{{cite journal | title= জ্ঞানাঞ্জন | author= | journal= প্ৰান্তিক | year= ২০১২ | month= ১৬ - ৩০ ছেপ্তেম্বৰ | volume= ৩২শ বছৰ | issue= ২০শ সংখ্যা | pages=৪০ }} </ref>
 
==ইষ্ট ইণ্ডিয়া কোম্পানীৰ উদ্দেশ্য==
[[File:Jameslancaster.jpg|thumb|Sir [[James Lancaster]] commanded the first East India Company voyage in 1601]]
ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য আছিল ব্যৱসায় কৰা। ১৬০৮ চনত [[মোগল সম্ৰাট জাহাংগীৰ]]ৰ শাসনকালত (১৬০৫-১৬২৬) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে [[গুজৰাট]]ৰ [[চুৰাট]]ত প্ৰথম বাণিজ্যিক কেন্দ্ৰ স্থাপনৰ অনুমতি পায়। পাছলৈ [[আগ্ৰা]], [[আহমেদাবাদ]], হুগলি, মাদ্ৰাজ আদি কেইবা ঠাইতো এই কোম্পানীৰ বাণিজ্যিক কেন্দ্ৰ স্থাপিত হয়। <ref name="গ্ৰন্থ ১" />
 
==ৰাজনৈতিক প্ৰভাৱ==
১৭৫৭ চনত [[পলাশীৰ যুদ্ধ]]ত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে [[বংগৰ নবাব ছিৰাজোদ্দৌলা]]ক পৰাভূত কৰাত পূব ভাৰতৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰখনত কোম্পানীৰ প্ৰভাৱ বিস্তাৰিত হয়। ১৭৬৫ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মোগল সম্ৰাটৰপৰা [[বংগ]], [[বিহাৰ]], [[উৰিষ্যা]]ৰ স্বত্ব লাভ কৰে। পৰিণতিত এই সমগ্ৰ অঞ্চলজুৰি ইংৰাজৰ কৰ্তৃত্ব সুদৃঢ় হয়। তেওঁলোকৰ হাতলৈ বিশাল ভূমি ৰাজহৰ ধন আহিল। উনবিংশ শতিকালৈ এই কোম্পানী সমগ্ৰ [[ভাৰত]]ৰে শাসনকৰ্তাহৈ পৰিল।<ref name="গ্ৰন্থ ১" />
 
==শাসনকাল==
১৭৭২ চনৰপৰা ১৮৫৬ চনৰ ভিতৰত,অৰ্থাৎ [[গৱৰ্নৰ জেনেৰেল ৱাৰেন হেষ্টিংছ]] (Warren Hastings,১৭৩২-১৮১৮) আৰু [[লৰ্ড ডেলহাউছিৰ]] (Lord Dallhousie, ১৮১২-১৮৬০) শাসনকালত [[ভাৰত]]ত ব্ৰিটিছ সাম্ৰাজ্যই বিস্তাৰ লাভ কৰে। ১৮৫৮ চনত [[ব্ৰিটিছ সম্ৰাজ্ঞী ভিক্টোৰিয়া]]ই (১৮১৯-১৯০১) এটা ঘোষণা যোগে [[ভাৰত]]ৰ শাসনৰ দায়িত্ব ইংৰাজ চৰকাৰৰ হাতলৈ নিলে আৰু ইয়াৰ ফলত [[ভাৰত]]ত কোম্পানীৰ শাসনৰ অৱসান ঘটিল। <ref name="গ্ৰন্থ ১" />
 
==ইষ্ট ইণ্ডিয়া কোম্পানীৰ অৱদান==
কোম্পানীৰ শাসনকালতে [[ভাৰত]]ত [[সতীদাহ প্ৰথা]], শিশু হত্যা আদি প্ৰথাৰ অৱসান ঘটিল। কোম্পানীৰ ছত্ৰছায়াত স্কুল, কলেজ, বিশ্ববিদ্যালয়, মেডিকেল কলেজ, এছিয়াটিক ছছাইটি আদি বিভিন্ন শিক্ষা আৰু সাংস্কৃতিক প্ৰতিষ্ঠান স্থাপিত হয়। <ref name="গ্ৰন্থ ১" />
 
১৮৭৩ চনত ইষ্ট ইণ্ডিয়া কোম্পানী বন্ধ হৈ যায়।
57 নং শাৰী:
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
* জ্ঞানাঞ্জন(১৬-৩০ ছেপ্তেম্বৰ ২০১৩) ''প্ৰান্তিক'' খণ্ড ৩২ শ বছৰ (২০ শ সংখ্যা) ৪০
 
==বাহ্যিক সংযোগ==