নৰেন্দ্ৰ মোদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
25 নং শাৰী:
উত্তৰ গুজৰাটৰ মেহছানা জিলাৰ ৱাডনগৰ নামৰ এখন সৰু চহৰত ১৯৫০ চনৰ ছেপ্তেম্বৰত জন্ম গ্ৰহণ কৰা শ্ৰীনৰেন্দ্ৰ মোডী উদাৰতা, পৰোপকাৰিতা আৰু সমাজ সেৱাৰ গুণ সম্পন্ন এটা সংস্কৃতিৰ পৰিৱেশত ডাঙৰ- দীঘল হৈছিল। ষাঠিৰ দশকৰ মাজভাগত হোৱা ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত এজন চেমনীয়া হিচাপে তেতিয়াই ৰে'ল ষ্টেচনৰ ট্ৰেনজিট কেম্পসমূহত সৈনিকসকলৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছিল। ১৯৬৭ চনত, তেওঁ গুজৰাটৰ বানাক্ৰান্ত লোকসকলক সেৱা আগবঢ়াইছিল। দুৰ্দান্ত সাংগঠনিক ক্ষমতাৰ অধিকাৰী আৰু মানুহৰ মনস্তত্বৰ অভ্যন্তৰত গভীৰ অন্তৰ্দৃষ্টি থকা শ্ৰীমোডীয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত (এবিভিপি) সেৱা আগবঢ়াইছিল আৰু গুজৰাটৰ বিভিন্ন সামাজিক-ৰাজনৈতিক আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।শৈশৱকালৰ পৰাই তেওঁ বহুতো বাধা-বিঘিনিৰ সম্মুখীন হৈছিল, কিন্তু তেওঁ প্ৰত্যাহ্বানসমূহক নিভাঁজ চাৰিত্ৰিক বল আৰু সাহসেৰে সুযোগলৈ ৰূপান্তৰ কৰিছিল। বিশেষকৈ উচ্চ শিক্ষাৰ বাবে তেওঁ যেতিয়া মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত যোগদান কৰিছিল, তেওঁৰ জীৱন পথ কঠিন সংগ্ৰামে আৱৰি ধৰিছিল। কিন্তু তেওঁ জীৱন যুদ্ধত সদায়ে এজন অক্লান্ত যুঁজাৰু, এজন সঁচা সৈনিক আছিল। আগলৈ খোজ পেলাই তেওঁ কেতিয়াও পাছলৈ ঘূৰি নাচাইছিল। তেওঁ পলাই যাবলৈ বা পৰাজিত হ'বলৈ কেতিয়াওঁ মান্তি নহৈছিল। এই অংগীকাৰেই তেওঁক ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ সক্ষম কৰিছিল। তেওঁ ভাৰতৰ সামাজিক আৰু সাংস্কৃতিক বিকাশৰ হকে কাম কৰা সামাজিক-সাংস্কৃতিক সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত (আৰএছএছ) কাম কৰিবলৈ আৰম্ভ কৰিছিল আৰু নিস্বাৰ্থতা, সামাজিক দায়িত্ব, উৎসৰ্গকৰণ আৰু জাতীয়তাবাদৰ তাৎপৰ্য অনুধাৱন কৰিছিল।আৰএছএছত সেৱা আগবঢ়োৱাৰ সময়ত, শ্ৰীনৰেন্দ্ৰ মোডীয়ে ১৯৭৪ চনৰ নৱনিৰ্মাণ দুৰ্নীতি বিৰোধী আন্দোলন আৰু ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰৰ নেলু চেপি ধৰা দীৰ্ঘ ১৯ মাহৰ ভয়ংকৰ জৰুৰী অৱস্থাকে (জুন ১৯৭৫ৰ পৰা জানুৱাৰী ১৯৭৭) ধৰি বিভিন্ন ঘটনা প্ৰৱাহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মোডীয়ে এই সমগ্ৰ কালছোৱা আত্মগোপন কৰি আৰু সেই সময়ৰ কেন্দ্ৰীয় চৰকাৰৰ ফেচীবাদী নীতিৰ বিৰুদ্ধে শক্তিশালী যুঁজ কৰি গণতন্ত্ৰৰ উদ্যম বজাই ৰাখিছিল।
==প্ৰাৰভিক ৰাজনৈতিক জীৱন==
তেওঁ ১৯৮৭ চনত বিজেপিত যোগদান কৰাৰ দ্বাৰা ঘাইসুঁতিৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল। মাত্ৰ এবছৰৰ ভিতৰতে, তেওঁ গুজৰাট গোটৰ সাধাৰণ সম্পাদক পদলৈ উন্নীত হৈছিল। ইতিমধ্যে তেওঁ এজন উচ্চ মানদণ্ডৰ দক্ষতা সম্পন্ন সংগঠক হিচাপে সুখ্যাতি লাভ কৰিছিল। তেওঁ দলৰ কেডাৰসকলক শক্তিশালী কৰাৰ প্ৰত্যাহ্বানক আন্তৰিকতাৰে গ্ৰহণ কৰিছিল। দলে ৰাজনৈতিক মুনাফা লাভ কৰিবলৈ আৰম্ভ কৰিছিল আৰু ১৯৯০ চনত কেন্দ্ৰত জোঁট চৰকাৰ গঠন কৰিছিল। কেইমাহমানৰ ভিতৰতে এই অংশীদাৰীত্বৰ পতন ঘটিছিল, কিন্তু বিজেপিয়ে এককভাৱে দুই-তৃতীয়াংশ সংখ্যা গৰিষ্ঠতা লাভ কৰি গুজৰাটত ১৯৯৫ চনত ক্ষমতা দখল কৰিছিল। তেতিয়াৰ পৰাই বিজেপিয়ে গুজৰাটৰ শাসনভাৰ চলাই আহিছে।
 
১৯৮৮ আৰু ১৯৯৫ চনৰ ভিতৰত গুজৰাটৰ বিজেপি গোটক ৰাজ্যৰ শাসনাধিষ্ঠ দল হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ নেপথ্যৰ কৌশল সফলভাৱে পৰিচালনা কৰা শ্ৰীনৰেন্দ্ৰ মোডীক এজন শ্ৰেষ্ঠ ৰণকৌশলবিদ হিচাপে স্বীকৃতি দিয়া হৈছিল। এই সময়চোৱাত, শ্ৰী এল.কে.আদৱানীৰ সোমনাথৰ পৰা অযোধ্যাৰ ৰথ যাত্ৰা (এটা অতি দীৰ্ঘ পদযাত্ৰা) আৰু ভাৰতৰ দক্ষিণ প্ৰান্ত কন্যাকুমাৰীৰ পৰা উত্তৰৰ কাশ্মীৰলৈ তেনেকুৱা আন এটা পদযাত্ৰাৰ দৰে দুটা অত্যন্ত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অনুষ্ঠান সংগঠিত কৰিবলৈ শ্ৰীমোডীক দায়িত্ব অৰ্পণ কৰা হৈছিল। ১৯৯৮ চনত নতুন দিল্লীত বিজেপিয়ে ক্ষমতা দখল কৰাৰ ক্ষেত্ৰত শ্ৰীমোডীয়ে গুৰি ধৰা এই দুটা অতি সফল ঘটনাৰ গুৰুত্বপূৰ্ণ অৰিহণা আছিল।১৯৯৫ চনত, তেওঁ দলৰ ৰাষ্ট্ৰীয় সম্পাদক নিৰ্বাচিত হয় আৰু ভাৰতৰ পাঁচখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ দায়িত্ব দিয়া হয় - যিটো এজন যুৱ নেতাৰ বাবে বিৰল সম্মান। ১৯৯৮ চনত, তেওঁ সাধাৰণ সম্পাদক (সাংগঠনিক) পদলৈ উন্নীত হয় আৰু অক্টোবৰ ২০০১লৈ এই পদত কাৰ্যনিৰ্বাহ কৰে আৰু তাৰ পাছত ভাৰতৰ এখন অন্যতম সমৃদ্ধিশালী আৰু প্ৰগতিশীল ৰাজ্য গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মনোনীত হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যনিৰ্বাহ কৰা এই সীমিত সময়ত শ্ৰীনৰেন্দ্ৰ মোডীক জম্মু আৰু কাশ্মীৰ আৰু উত্তৰ-পূৱৰ ৰাজ্যবোৰৰ দৰে সংবেদনশীল আৰু জটিল ৰাজ্যসহ কেবাখনো ৰাজ্যিক গোটৰ কাম-কাজ চোৱাচিতা কৰা দায়িত্ব দিয়া হৈছিল। কেবাখনো ৰাজ্যত দলৰ সাংগঠনিক পুনৰ্গঠনৰ দায়িত্বত আছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত, শ্ৰীনৰেন্দ্ৰ মোডী দলৰ গুৰুত্বপূৰ্ণ মুখপাত্ৰ হিচাপে প্ৰতিষ্ঠিত হয় আৰু ভালেমান গুৰুত্বপূৰ্ণ উপলক্ষ্যত মুখ্য ভূমিকা গ্ৰহণ কৰে।এই সময়ত, তেওঁ গোটেই বিশ্বজুৰি ব্যাপক ভ্ৰমণ কৰে আৰু কেবাখনো দেশৰ বিশিষ্ট নেতৃবৰ্গৰ সৈতে ভাৱ-বিনিময় কৰে। এই অভিজ্ঞতাই তেওঁক কেৱল আন্তৰ্জাতিক প্ৰেক্ষাপট বিকাশ কৰাতেই সহায় কৰা নাছিল, কিন্তু ভাৰতবৰ্ষক সেৱা আগবঢ়াবলৈ আৰু বন্ধুসুলভ ৰাষ্ট্ৰসমূহৰ ভিতৰত আৰ্থ-সামাজিক দিশত ভাৰতক শ্ৰেষ্ঠ কৰি তোলাত নেতৃত্ব দিবলৈ তেওঁৰ আবেগ সুদৃঢ় কৰিছিল।
==গুজৰাটৰ মুখ্যমন্ত্ৰী ৰূপে==
অক্টোবৰ ২০০১ ত দলে তেওঁক গুজৰাট চৰকাৰক নেতৃত্ব দিবলৈ আমন্ত্ৰণ কৰে। শ্ৰীমোডীৰ চৰকাৰে যেতিয়া ২০০১ চনৰ ৭ অক্টোবৰত শপত গ্ৰহণ কৰে, গুজৰাটৰ অৰ্থনীতিক জানুৱাৰী ২০০১ ৰ বিধ্বংসী ভূমিকম্পকে ধৰি কেবাটাও প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতিকূল প্ৰভাৱে দুৰ্বল কৰি তুলিছিল। অৱশ্য, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় জ্ঞান আৰু অভিজ্ঞতাৰে পুষ্ট শ্ৰেষ্ঠ ৰণকৌশলবিদ শ্ৰীনৰেন্দ্ৰ মোডীয়ে ইয়াৰ সঠিক মোকাবিলা কৰা সিদ্ধান্ত লয়।তেওঁ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত সম্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো আছিল ২০০১ চনৰ জানুৱাৰীত সংঘটিত বিধ্বংসী ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহৰ পুনৰ নিৰ্মাণ আৰু পুনৰ সংস্থাপন কৰা। ভুজ এখন ধ্বংসস্তুপৰ নগৰ হৈ পৰিছিল আৰু হেজাৰ হেজাৰ মানুহ কোনো মৌলিক সা-সুবিধা অবিহনে অস্থায়ী শিবিৰত জীৱনযাপন কৰি আছিল। আজিৰ ভুজ নগৰেই হ'ল শ্ৰীনৰেন্দ্ৰ মোডীয়ে কেনেকৈ যুগান্তকাৰী বিকাশৰ বাবে প্ৰতিকূলতাক সুযোগলৈ ৰূপান্তৰ কৰিছিল তাৰ প্ৰমাণ।আনকি পুনৰ নিৰ্মাণ আৰু পুনৰ সংস্থাপনৰ কাম চলি থকা অৱস্থাতো শ্ৰীনৰেন্দ্ৰ মোডীৰ দৃষ্টি বৃহৎ কাম সমূহৰ প্ৰতি আঁতৰ হোৱা নাছিল। গুজৰাটে সদায় উদ্যোগিক বিকাশৰ প্ৰতি দৃষ্টি নিৱদ্ধ কৰি আহিছে। শ্ৰীনৰেন্দ্ৰ মোডীয়ে সামাজিক ক্ষেত্ৰৰ প্ৰতি সঠিকভাৱে দৃষ্টি নিৱদ্ধ কৰি সংহত আৰ্থ-সামাজিক বিকাশৰ দ্বাৰা ভাৰসাম্যহীনতা দূৰ কৰিবলৈ সিদ্ধান্ত লয়। তেওঁ ৰাজ্যখনৰ সংহত উন্নয়নৰ বাবে পাঁচ-দফীয়া পঞ্চম্ৰুত আঁচনিৰ পোষণ কৰে।তেখেতৰ নেতৃত্বত, গুজৰাটে শিক্ষা, কৃষি, স্বাস্থ্যসেৱা, আৰু অন্য কেবাটাও খণ্ডসহ ভালেমান খণ্ডত বিস্তৃত ৰূপান্তৰ প্ৰত্যক্ষ কৰি আছে। ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে তেখেতে এটা নিজস্ব স্পষ্ট দৃষ্টিভংগী বিকাশ কৰিছে, নীতি পৰিচালিত সংস্কাৰ কাৰ্যসূচী আৰম্ভ কৰিছে, চৰকাৰী প্ৰশাসনিক গাঁঠনি পুনৰ্গঠন কৰিছে আৰু গুজৰাটক সফলভাৱে সমৃদ্ধিৰ পথেৰে আগুৱাই নিছে। ক্ষমতা দখলৰ প্ৰথম ১০০ দিনৰ ভিতৰতেই তেওঁৰ অভিপ্ৰায় আৰু সক্ষমতা দৃষ্টিগোচৰ হৈছিল। আচৰিত হ'বলগীয়া কথা যে তেওঁৰ এই দক্ষতা আৰু প্ৰশাসনিক সূক্ষ্মদৰ্শিতা, স্পষ্ট দূৰদৃষ্টি আৰু চাৰিত্ৰিক সততাই ডিচেম্বৰ ২০০২ চনৰ সাধাৰণ নিৰ্বাচনত বিপুলভাৱে তেওঁক জয়লাভ কৰাত সহায় কৰিছিল আৰু সদনৰ ১৮২ খন আসনৰ ভিতৰত ১২৪ খন আসনতেই বিপুলভাৱে জয়লাভ কৰি মোডী চৰকাৰ পুনৰ শাসনাধিষ্ঠ হৈছিল। এই চমৎকাৰ পাৰদৰ্শিতা ২০০৭ লৈ অব্যাহত আছিল আৰু শ্ৰীমোডীয়ে নিৰ্বাচনত পুনৰ অভিলেখ সৃষ্টি কৰি বিজেপিক জয়লাভ কৰাইছিল।শ্ৰীনৰেন্দ্ৰ মোডীয়ে ১৭ ছেপ্তেম্বৰ ২০১২ ত গুজৰাটত ৰাইজৰ সেৱাত অভিলেখ সংখ্যক ৪০০০ দিন অতিক্ৰম কৰিলে। তেখেতে একাদিক্ৰমে তিনিটা নিৰ্বাচনত গুজৰাটৰ ৰাইজৰ আশীষ লাভ কৰিলে। ২০০২ আৰু ২০০৭ চনৰ (১১৭ খন আসন) নিৰ্বাচনত দলক বিজয়ী কৰিবলৈ নেতৃত্ব দি শ্ৰীমোডীয়ে গুজৰাটৰ বিধান সভা নিৰ্বাচনত ২০১২ চনত পুনৰ বিজেপিক বিজয়ী কৰে। বিজেপিয়ে ১১৫ খন আসনত জয়লাভ কৰে আৰু ২০১২ চনৰ ২৬ ডিচেম্বৰৰ দিনা শ্ৰীমোডীয়ে একাদিক্ৰমে চতুৰ্থবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
==অৱদান==
আজি, জনতাৰ আশা প্ৰত্যাশা কৰাতকৈও বেছিকৈ পৰিপূৰ্ণ হৈছে। আজি, গুজৰাটে ই-প্ৰশাসন, বিনিয়োগ, দাৰিদ্ৰ্য দূৰীকৰণ, শক্তি, এছইজেড, পথ উন্নয়ন, আর্থিক শৃংখলা আৰু বহুতো বিভিন্ন খণ্ডতেই ৰাষ্ট্ৰক নেতৃত্ব দি আহিছে। বিকাশ কাহিনী কোনো এটা বিশেষ খণ্ডতেই আৱদ্ধ হৈ থকা নাই, বৰং তিনিওটা খণ্ডতেই (কৃষি, উদ্যোগ আৰু সেৱা) সমানে আগবাঢ়ি গৈছে। গুজৰাটৰ এই বলিষ্ঠ বিকাশৰ নেপথ্যত আছে শ্ৰীমোডীৰ সকলোৰে সৈতে, সকলোৰে বিকাশ (সব্‌কা সাথ, সব্‌কা বিকাশ) মন্ত্ৰ আৰু ৰাইজৰ পক্ষে, অতি-সক্ৰিয় সু-শাসন (পি2জি2), যি নীতিত তেওঁ গুজৰাটৰ জনতাক ৰাজ্যখনৰ প্ৰগতিৰ সক্ৰিয় অংশীদাৰ কৰি লৈছে।সকলোবোৰ মতভেদৰ বিৰুদ্ধে যুঁজ দি, তেওঁ নিশ্চিত কৰিছিল যাতে নৰ্মদা বান্ধৰ উচ্চতা ১২১.৯ মিটাৰ হয়- তেওঁ আনকি বান্ধ নিৰ্মাণৰ বিৰোধিতা কৰা সকলক প্ৰতিহত কৰিবলৈ অনশনো কৰিছিল। গুজৰাটত জল সম্পদৰ ভাণ্ডাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰা অভিলাষী আঁচনি "সুজলাম সুফলাম"- পানী সংৰক্ষণ কৰা আৰু ইয়াৰ সঠিক ব্যৱহাৰ কৰাৰ দিশত উদ্ভাৱনীমূলক পদক্ষেপ।ভূমি স্বাস্থ্য কাৰ্ড, ৰ'মিং ৰেচন কাৰ্ড আৰু ৰ'মিং স্কুল কাৰ্ড আদিৰ দৰে অভিনৱ ধাৰণাসমূহে ৰাজ্যৰ অতি সাধাৰণ লোকসকলৰ বাবে তেখেতৰ উদ্বেগৰ কথা সূচায়।কৃষি মহোৎসৱ, চিৰঞ্জীৱি যোজনা, মাতৃ বন্দনা, বেটি বাচাঁও অভিযান (কন্যা সন্তান বচাওঁক), জ্যোতিগ্ৰাম যোজনা, কৰ্মযোগী অভিযান, ই-মমতা, এমপাৱাৰ, স্কোপ, আইক্ৰিয়েট ইত্যাদি প্ৰচেষ্টাসমূহে গুজৰাটৰ বহু-মাত্ৰিক বিকাশৰ লক্ষ্য ৰাখে। এই অভিযানসমূহৰ লক্ষ্য, ধাৰণা আৰু সময় নিৰ্ধাৰিত ৰূপায়ণে শ্ৰীনৰেন্দ্ৰ মোডীক এজন বিচক্ষণ ৰাজনীতিবিদ হিচাপে পৰিগণিত কৰে, যিজনে সাধাৰণতে ৰাজনীতিবিদসকলে কেৱল পৰৱৰ্তী নিৰ্বাচনৰ কথা কৰিব পৰাৰ বিপৰীতে পৰৱৰ্তী প্ৰজন্মৰ কথাহে চিন্তা কৰে।
উদ্ভাৱনীমূলক চিন্তাধাৰাসম্পন্ন সাধাৰণ জনতাৰ যৌৱনসুলভ আৰু তেজস্বী নেতা হিচাপে পৰিগণিত শ্ৰীনৰেন্দ্ৰ মোডীয়ে তেখেতৰ লক্ষ্যক সফলভাৱে গুজৰাটৰ জনতাৰ সৈতে বিনিময় কৰিব পাৰিছে আৰু গুজৰাটৰ ৬ কোটি মানুহৰ মাজত বিশ্বাস, ভৰষা আৰু আৰু আশাৰ সঞ্চাৰ কৰিব পাৰিছে। সাধাৰণ মানুহসহ লাখ লাখ লোকক তেওঁলোকৰ প্ৰথম নামেৰে সম্বোধন কৰিব পৰা তেখেতৰ অপৰিসীম স্মৃতি শক্তিয়ে তেওঁক জনতাৰ প্ৰিয়তম নেতা কৰি তুলিছে। আধ্যাত্মিক নেতাসকলৰ প্ৰতি তেখেতৰ অসীম শ্ৰদ্ধাই বিভিন্ন ধৰ্মসমূহৰ মাজত সমন্বয় সাধন কৰাত সহায় কৰিছে। বিভিন্ন উপাৰ্জন গোট, ধৰ্ম, আৰু আনকি ৰাজনৈতিক মতবাদ নিৰ্বিশেষে গুজৰাটৰ বিভিন্ন শ্ৰেণীৰ মানুহে স্বচ্ছতা আৰু প্ৰত্যয়জনকভাৱে তেওঁলোকৰ জীৱন-যাপনৰ গুণমান উন্নত কৰা শ্ৰীনৰেন্দ্ৰ মোডীক এজন সক্ষম আৰু স্বপ্নদৰ্শী নেতা হিচাপে শ্ৰদ্ধা কৰে। এজন দক্ষ বক্তা আৰু নিপুণ মধ্যস্থতাকাৰী শ্ৰীমোডীয়ে গাওঁ আৰু চহৰ উভয়ৰে জনতাৰ পৰা একেই আদৰ-চেনেহ লাভ কৰিছে। তেওঁৰ অনুগামীসকলৰ মাজত সকলো ধৰণৰ বিশ্বাস, ধৰ্ম আৰু সমাজৰ প্ৰতিটো আৰ্থিক শ্ৰেণীৰ লোক আছে।
==কেন্দ্ৰীয় ৰাজনীতিত ভূমিকা==
 
==কেন্দ্ৰীয় ৰাজনীতিত ভূমিকা==
==ব্যক্তিত্ব==
==বঁটা==
Line 38 ⟶ 43:
 
 
তেওঁ ১৯৮৭ চনত বিজেপিত যোগদান কৰাৰ দ্বাৰা ঘাইসুঁতিৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল। মাত্ৰ এবছৰৰ ভিতৰতে, তেওঁ গুজৰাট গোটৰ সাধাৰণ সম্পাদক পদলৈ উন্নীত হৈছিল। ইতিমধ্যে তেওঁ এজন উচ্চ মানদণ্ডৰ দক্ষতা সম্পন্ন সংগঠক হিচাপে সুখ্যাতি লাভ কৰিছিল। তেওঁ দলৰ কেডাৰসকলক শক্তিশালী কৰাৰ প্ৰত্যাহ্বানক আন্তৰিকতাৰে গ্ৰহণ কৰিছিল। দলে ৰাজনৈতিক মুনাফা লাভ কৰিবলৈ আৰম্ভ কৰিছিল আৰু ১৯৯০ চনত কেন্দ্ৰত জোঁট চৰকাৰ গঠন কৰিছিল। কেইমাহমানৰ ভিতৰতে এই অংশীদাৰীত্বৰ পতন ঘটিছিল, কিন্তু বিজেপিয়ে এককভাৱে দুই-তৃতীয়াংশ সংখ্যা গৰিষ্ঠতা লাভ কৰি গুজৰাটত ১৯৯৫ চনত ক্ষমতা দখল কৰিছিল। তেতিয়াৰ পৰাই বিজেপিয়ে গুজৰাটৰ শাসনভাৰ চলাই আহিছে।
 
১৯৮৮ আৰু ১৯৯৫ চনৰ ভিতৰত গুজৰাটৰ বিজেপি গোটক ৰাজ্যৰ শাসনাধিষ্ঠ দল হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ নেপথ্যৰ কৌশল সফলভাৱে পৰিচালনা কৰা শ্ৰীনৰেন্দ্ৰ মোডীক এজন শ্ৰেষ্ঠ ৰণকৌশলবিদ হিচাপে স্বীকৃতি দিয়া হৈছিল। এই সময়চোৱাত, শ্ৰী এল.কে.আদৱানীৰ সোমনাথৰ পৰা অযোধ্যাৰ ৰথ যাত্ৰা (এটা অতি দীৰ্ঘ পদযাত্ৰা) আৰু ভাৰতৰ দক্ষিণ প্ৰান্ত কন্যাকুমাৰীৰ পৰা উত্তৰৰ কাশ্মীৰলৈ তেনেকুৱা আন এটা পদযাত্ৰাৰ দৰে দুটা অত্যন্ত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অনুষ্ঠান সংগঠিত কৰিবলৈ শ্ৰীমোডীক দায়িত্ব অৰ্পণ কৰা হৈছিল। ১৯৯৮ চনত নতুন দিল্লীত বিজেপিয়ে ক্ষমতা দখল কৰাৰ ক্ষেত্ৰত শ্ৰীমোডীয়ে গুৰি ধৰা এই দুটা অতি সফল ঘটনাৰ গুৰুত্বপূৰ্ণ অৰিহণা আছিল।
 
১৯৯৫ চনত, তেওঁ দলৰ ৰাষ্ট্ৰীয় সম্পাদক নিৰ্বাচিত হয় আৰু ভাৰতৰ পাঁচখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ দায়িত্ব দিয়া হয় - যিটো এজন যুৱ নেতাৰ বাবে বিৰল সম্মান। ১৯৯৮ চনত, তেওঁ সাধাৰণ সম্পাদক (সাংগঠনিক) পদলৈ উন্নীত হয় আৰু অক্টোবৰ ২০০১লৈ এই পদত কাৰ্যনিৰ্বাহ কৰে আৰু তাৰ পাছত ভাৰতৰ এখন অন্যতম সমৃদ্ধিশালী আৰু প্ৰগতিশীল ৰাজ্য গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মনোনীত হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যনিৰ্বাহ কৰা এই সীমিত সময়ত শ্ৰীনৰেন্দ্ৰ মোডীক জম্মু আৰু কাশ্মীৰ আৰু উত্তৰ-পূৱৰ ৰাজ্যবোৰৰ দৰে সংবেদনশীল আৰু জটিল ৰাজ্যসহ কেবাখনো ৰাজ্যিক গোটৰ কাম-কাজ চোৱাচিতা কৰা দায়িত্ব দিয়া হৈছিল। কেবাখনো ৰাজ্যত দলৰ সাংগঠনিক পুনৰ্গঠনৰ দায়িত্বত আছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত, শ্ৰীনৰেন্দ্ৰ মোডী দলৰ গুৰুত্বপূৰ্ণ মুখপাত্ৰ হিচাপে প্ৰতিষ্ঠিত হয় আৰু ভালেমান গুৰুত্বপূৰ্ণ উপলক্ষ্যত মুখ্য ভূমিকা গ্ৰহণ কৰে।
 
এই সময়ত, তেওঁ গোটেই বিশ্বজুৰি ব্যাপক ভ্ৰমণ কৰে আৰু কেবাখনো দেশৰ বিশিষ্ট নেতৃবৰ্গৰ সৈতে ভাৱ-বিনিময় কৰে। এই অভিজ্ঞতাই তেওঁক কেৱল আন্তৰ্জাতিক প্ৰেক্ষাপট বিকাশ কৰাতেই সহায় কৰা নাছিল, কিন্তু ভাৰতবৰ্ষক সেৱা আগবঢ়াবলৈ আৰু বন্ধুসুলভ ৰাষ্ট্ৰসমূহৰ ভিতৰত আৰ্থ-সামাজিক দিশত ভাৰতক শ্ৰেষ্ঠ কৰি তোলাত নেতৃত্ব দিবলৈ তেওঁৰ আবেগ সুদৃঢ় কৰিছিল।
 
অক্টোবৰ ২০০১ ত দলে তেওঁক গুজৰাট চৰকাৰক নেতৃত্ব দিবলৈ আমন্ত্ৰণ কৰে। শ্ৰীমোডীৰ চৰকাৰে যেতিয়া ২০০১ চনৰ ৭ অক্টোবৰত শপত গ্ৰহণ কৰে, গুজৰাটৰ অৰ্থনীতিক জানুৱাৰী ২০০১ ৰ বিধ্বংসী ভূমিকম্পকে ধৰি কেবাটাও প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতিকূল প্ৰভাৱে দুৰ্বল কৰি তুলিছিল। অৱশ্য, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় জ্ঞান আৰু অভিজ্ঞতাৰে পুষ্ট শ্ৰেষ্ঠ ৰণকৌশলবিদ শ্ৰীনৰেন্দ্ৰ মোডীয়ে ইয়াৰ সঠিক মোকাবিলা কৰা সিদ্ধান্ত লয়।
 
তেওঁ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত সম্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো আছিল ২০০১ চনৰ জানুৱাৰীত সংঘটিত বিধ্বংসী ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহৰ পুনৰ নিৰ্মাণ আৰু পুনৰ সংস্থাপন কৰা। ভুজ এখন ধ্বংসস্তুপৰ নগৰ হৈ পৰিছিল আৰু হেজাৰ হেজাৰ মানুহ কোনো মৌলিক সা-সুবিধা অবিহনে অস্থায়ী শিবিৰত জীৱনযাপন কৰি আছিল। আজিৰ ভুজ নগৰেই হ'ল শ্ৰীনৰেন্দ্ৰ মোডীয়ে কেনেকৈ যুগান্তকাৰী বিকাশৰ বাবে প্ৰতিকূলতাক সুযোগলৈ ৰূপান্তৰ কৰিছিল তাৰ প্ৰমাণ।
 
আনকি পুনৰ নিৰ্মাণ আৰু পুনৰ সংস্থাপনৰ কাম চলি থকা অৱস্থাতো শ্ৰীনৰেন্দ্ৰ মোডীৰ দৃষ্টি বৃহৎ কাম সমূহৰ প্ৰতি আঁতৰ হোৱা নাছিল। গুজৰাটে সদায় উদ্যোগিক বিকাশৰ প্ৰতি দৃষ্টি নিৱদ্ধ কৰি আহিছে। শ্ৰীনৰেন্দ্ৰ মোডীয়ে সামাজিক ক্ষেত্ৰৰ প্ৰতি সঠিকভাৱে দৃষ্টি নিৱদ্ধ কৰি সংহত আৰ্থ-সামাজিক বিকাশৰ দ্বাৰা ভাৰসাম্যহীনতা দূৰ কৰিবলৈ সিদ্ধান্ত লয়। তেওঁ ৰাজ্যখনৰ সংহত উন্নয়নৰ বাবে পাঁচ-দফীয়া পঞ্চম্ৰুত আঁচনিৰ পোষণ কৰে।
 
তেখেতৰ নেতৃত্বত, গুজৰাটে শিক্ষা, কৃষি, স্বাস্থ্যসেৱা, আৰু অন্য কেবাটাও খণ্ডসহ ভালেমান খণ্ডত বিস্তৃত ৰূপান্তৰ প্ৰত্যক্ষ কৰি আছে। ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে তেখেতে এটা নিজস্ব স্পষ্ট দৃষ্টিভংগী বিকাশ কৰিছে, নীতি পৰিচালিত সংস্কাৰ কাৰ্যসূচী আৰম্ভ কৰিছে, চৰকাৰী প্ৰশাসনিক গাঁঠনি পুনৰ্গঠন কৰিছে আৰু গুজৰাটক সফলভাৱে সমৃদ্ধিৰ পথেৰে আগুৱাই নিছে। ক্ষমতা দখলৰ প্ৰথম ১০০ দিনৰ ভিতৰতেই তেওঁৰ অভিপ্ৰায় আৰু সক্ষমতা দৃষ্টিগোচৰ হৈছিল। আচৰিত হ'বলগীয়া কথা যে তেওঁৰ এই দক্ষতা আৰু প্ৰশাসনিক সূক্ষ্মদৰ্শিতা, স্পষ্ট দূৰদৃষ্টি আৰু চাৰিত্ৰিক সততাই ডিচেম্বৰ ২০০২ চনৰ সাধাৰণ নিৰ্বাচনত বিপুলভাৱে তেওঁক জয়লাভ কৰাত সহায় কৰিছিল আৰু সদনৰ ১৮২ খন আসনৰ ভিতৰত ১২৪ খন আসনতেই বিপুলভাৱে জয়লাভ কৰি মোডী চৰকাৰ পুনৰ শাসনাধিষ্ঠ হৈছিল। এই চমৎকাৰ পাৰদৰ্শিতা ২০০৭ লৈ অব্যাহত আছিল আৰু শ্ৰীমোডীয়ে নিৰ্বাচনত পুনৰ অভিলেখ সৃষ্টি কৰি বিজেপিক জয়লাভ কৰাইছিল।
 
শ্ৰীনৰেন্দ্ৰ মোডীয়ে ১৭ ছেপ্তেম্বৰ ২০১২ ত গুজৰাটত ৰাইজৰ সেৱাত অভিলেখ সংখ্যক ৪০০০ দিন অতিক্ৰম কৰিলে। তেখেতে একাদিক্ৰমে তিনিটা নিৰ্বাচনত গুজৰাটৰ ৰাইজৰ আশীষ লাভ কৰিলে। ২০০২ আৰু ২০০৭ চনৰ (১১৭ খন আসন) নিৰ্বাচনত দলক বিজয়ী কৰিবলৈ নেতৃত্ব দি শ্ৰীমোডীয়ে গুজৰাটৰ বিধান সভা নিৰ্বাচনত ২০১২ চনত পুনৰ বিজেপিক বিজয়ী কৰে। বিজেপিয়ে ১১৫ খন আসনত জয়লাভ কৰে আৰু ২০১২ চনৰ ২৬ ডিচেম্বৰৰ দিনা শ্ৰীমোডীয়ে একাদিক্ৰমে চতুৰ্থবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
 
আজি, জনতাৰ আশা প্ৰত্যাশা কৰাতকৈও বেছিকৈ পৰিপূৰ্ণ হৈছে। আজি, গুজৰাটে ই-প্ৰশাসন, বিনিয়োগ, দাৰিদ্ৰ্য দূৰীকৰণ, শক্তি, এছইজেড, পথ উন্নয়ন, আর্থিক শৃংখলা আৰু বহুতো বিভিন্ন খণ্ডতেই ৰাষ্ট্ৰক নেতৃত্ব দি আহিছে। বিকাশ কাহিনী কোনো এটা বিশেষ খণ্ডতেই আৱদ্ধ হৈ থকা নাই, বৰং তিনিওটা খণ্ডতেই (কৃষি, উদ্যোগ আৰু সেৱা) সমানে আগবাঢ়ি গৈছে। গুজৰাটৰ এই বলিষ্ঠ বিকাশৰ নেপথ্যত আছে শ্ৰীমোডীৰ সকলোৰে সৈতে, সকলোৰে বিকাশ (সব্‌কা সাথ, সব্‌কা বিকাশ) মন্ত্ৰ আৰু ৰাইজৰ পক্ষে, অতি-সক্ৰিয় সু-শাসন (পি2জি2), যি নীতিত তেওঁ গুজৰাটৰ জনতাক ৰাজ্যখনৰ প্ৰগতিৰ সক্ৰিয় অংশীদাৰ কৰি লৈছে।
 
সকলোবোৰ মতভেদৰ বিৰুদ্ধে যুঁজ দি, তেওঁ নিশ্চিত কৰিছিল যাতে নৰ্মদা বান্ধৰ উচ্চতা ১২১.৯ মিটাৰ হয়- তেওঁ আনকি বান্ধ নিৰ্মাণৰ বিৰোধিতা কৰা সকলক প্ৰতিহত কৰিবলৈ অনশনো কৰিছিল। গুজৰাটত জল সম্পদৰ ভাণ্ডাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰা অভিলাষী আঁচনি "সুজলাম সুফলাম"- পানী সংৰক্ষণ কৰা আৰু ইয়াৰ সঠিক ব্যৱহাৰ কৰাৰ দিশত উদ্ভাৱনীমূলক পদক্ষেপ।
 
ভূমি স্বাস্থ্য কাৰ্ড, ৰ'মিং ৰেচন কাৰ্ড আৰু ৰ'মিং স্কুল কাৰ্ড আদিৰ দৰে অভিনৱ ধাৰণাসমূহে ৰাজ্যৰ অতি সাধাৰণ লোকসকলৰ বাবে তেখেতৰ উদ্বেগৰ কথা সূচায়।
 
কৃষি মহোৎসৱ, চিৰঞ্জীৱি যোজনা, মাতৃ বন্দনা, বেটি বাচাঁও অভিযান (কন্যা সন্তান বচাওঁক), জ্যোতিগ্ৰাম যোজনা, কৰ্মযোগী অভিযান, ই-মমতা, এমপাৱাৰ, স্কোপ, আইক্ৰিয়েট ইত্যাদি প্ৰচেষ্টাসমূহে গুজৰাটৰ বহু-মাত্ৰিক বিকাশৰ লক্ষ্য ৰাখে। এই অভিযানসমূহৰ লক্ষ্য, ধাৰণা আৰু সময় নিৰ্ধাৰিত ৰূপায়ণে শ্ৰীনৰেন্দ্ৰ মোডীক এজন বিচক্ষণ ৰাজনীতিবিদ হিচাপে পৰিগণিত কৰে, যিজনে সাধাৰণতে ৰাজনীতিবিদসকলে কেৱল পৰৱৰ্তী নিৰ্বাচনৰ কথা কৰিব পৰাৰ বিপৰীতে পৰৱৰ্তী প্ৰজন্মৰ কথাহে চিন্তা কৰে।
 
উদ্ভাৱনীমূলক চিন্তাধাৰাসম্পন্ন সাধাৰণ জনতাৰ যৌৱনসুলভ আৰু তেজস্বী নেতা হিচাপে পৰিগণিত শ্ৰীনৰেন্দ্ৰ মোডীয়ে তেখেতৰ লক্ষ্যক সফলভাৱে গুজৰাটৰ জনতাৰ সৈতে বিনিময় কৰিব পাৰিছে আৰু গুজৰাটৰ ৬ কোটি মানুহৰ মাজত বিশ্বাস, ভৰষা আৰু আৰু আশাৰ সঞ্চাৰ কৰিব পাৰিছে। সাধাৰণ মানুহসহ লাখ লাখ লোকক তেওঁলোকৰ প্ৰথম নামেৰে সম্বোধন কৰিব পৰা তেখেতৰ অপৰিসীম স্মৃতি শক্তিয়ে তেওঁক জনতাৰ প্ৰিয়তম নেতা কৰি তুলিছে। আধ্যাত্মিক নেতাসকলৰ প্ৰতি তেখেতৰ অসীম শ্ৰদ্ধাই বিভিন্ন ধৰ্মসমূহৰ মাজত সমন্বয় সাধন কৰাত সহায় কৰিছে। বিভিন্ন উপাৰ্জন গোট, ধৰ্ম, আৰু আনকি ৰাজনৈতিক মতবাদ নিৰ্বিশেষে গুজৰাটৰ বিভিন্ন শ্ৰেণীৰ মানুহে স্বচ্ছতা আৰু প্ৰত্যয়জনকভাৱে তেওঁলোকৰ জীৱন-যাপনৰ গুণমান উন্নত কৰা শ্ৰীনৰেন্দ্ৰ মোডীক এজন সক্ষম আৰু স্বপ্নদৰ্শী নেতা হিচাপে শ্ৰদ্ধা কৰে। এজন দক্ষ বক্তা আৰু নিপুণ মধ্যস্থতাকাৰী শ্ৰীমোডীয়ে গাওঁ আৰু চহৰ উভয়ৰে জনতাৰ পৰা একেই আদৰ-চেনেহ লাভ কৰিছে। তেওঁৰ অনুগামীসকলৰ মাজত সকলো ধৰণৰ বিশ্বাস, ধৰ্ম আৰু সমাজৰ প্ৰতিটো আৰ্থিক শ্ৰেণীৰ লোক আছে।
 
তেওঁৰ সাৱলীল নেতৃত্বত গুজৰাটে গোটেই বিশ্বৰ পৰা ভালেমান বঁটা আৰু সন্মান লাভ কৰিছে - ইয়াৰ ভিতৰত আছে দুৰ্যোগ হ্ৰাসৰ বাবে ৰাষ্ট্ৰসংঘৰ ছচাকাৱা পুৰস্কাৰ, উদ্ভাৱনীমূলক প্ৰশাসনৰ বাবে কমনৱেল্থ এছ'চিয়েশ্বন ফ'ৰ পাব্লিক এডমিনিষ্ট্ৰেচন এণ্ড মেনেজমেণ্ট (CAPAM) পুৰস্কাৰ, ইউনেস্কো পুৰস্কাৰ, ই-প্ৰশাসনৰ বাবে ছিএছআই পুৰস্কাৰ ইত্যাদি। প্ৰকৃততে একাদিক্ৰমে তিনি বছৰ জনতাৰ দ্বাৰা এক নম্বৰ মুখ্যমন্ত্ৰী হিচাপে সমাদৃত হোৱাটোৱে তেখেতৰ সাফল্যৰ খতিয়ান ডাঙি ধৰে।