উৎপাদন (অৰ্থনীতি): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান
re-indenting correctly
7 নং শাৰী:
উৎপাদন কাৰ্য সম্পাদন কৰিবৰ বাবে কিছুমান উপাদান বা সম্পদৰ প্ৰয়োজন হয়। এই আহিলা সমুহক অধ্যয়নৰ সুবিধাৰ বাবে চাৰিটা ভাগত ভগোৱা হয়। সেই সমুহ হ'ল:-
 
====[[ভূমি]]====
প্ৰকৃতিৰ পৰা পোৱা সকলো ধৰণৰ সম্পদকে অৰ্থবিজ্ঞানত 'ভুমি' (Land) বুলি কোৱা হয়।<ref>"উচ্চতৰ মাধ্যমিক অৰ্থতত্ত্ব আৰু ভাৰতীয় অৰ্থনীতি",পৃষ্ঠা: ১২৮, লিখক: ড° হেম বৰুৱা আৰু অৰ্চনা শৰ্ম্মা, সম্পাদনা: ড° বিমান কৰ। প্ৰকাশক: ষ্টুডেণ্টচ্‌ ষ্ট'ৰচ্‌, গুৱাহাটী।</ref>
 
=====ভূমিৰ বৈশিষ্ট্য=====
:১)ভূমি প্ৰকৃতিৰ দান। মানুহৰ শ্ৰমেৰে ইয়াক উৎপাদন কৰিব নোৱাৰি। সেয়ে ভূমিৰ উৎপাদন ব্যয় নাই।
:২)ভূমিৰ যোগান সীমাবদ্ধ। মানুহে কোনো কাৰণতে ভূমিৰ যোগান বঢ়াবো নোৱাৰে, কমাবও নোৱাৰে।
18 নং শাৰী:
:৬)ভূমিৰ উৎপাদন ক্ৰমহ্ৰাসমান উৎপন্ন বিধিৰ অধিন। একেখণ্ড ভূমিতে যেতিয়া উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে শ্ৰম আৰু মুলধনৰ মাত্ৰা বৃদ্ধি কৰা হয়, তেতিয়া প্ৰান্তিক উৎপাদন ক্ৰমে হ্ৰাস পায় বা মুঠ উৎপাদন ক্ৰমহ্ৰাসমান গতিত বৃদ্ধি পায়।
 
====[[শ্ৰম]]====
উৎপাদন কাৰ্য্যত খটোৱা সকলো ধৰণৰ প্ৰচেষ্টাকে অৰ্থবিজ্ঞানত 'শ্ৰম' (Labour) বোলে। অথবা আৰ্থিক বিবেচনাধীন হৈ মানুহে প্ৰবৃত্ত হোৱা শাৰীৰিক আৰু মানসিক সকলো কামকে অৰ্থ-বিজ্ঞানত শ্ৰম বোলে।("Any work, whether mental or manual, undertaken for a moneytary consideration is called Labour in Economics")<ref>"Principles of Economics"--Marshall.</ref> উৎপাদনৰ উপাদান হিছাবে শ্ৰমিকৰ স্থান মন কৰিব লগা।আন উপাদানৰ তুলনাত ই সম্পূৰ্ণ বেলেগ। শ্ৰমৰ যোগান ধৰোতা শ্ৰমিক এটা জীৱন্ত বস্তু, ই মানুহ। মানৱীয় বিচাৰ-বুদ্ধি সকলো ইয়াৰ আছে। শ্ৰমিক কেৱল উৎপাদনৰ উপাদানেই নহয়, উৎপাদনৰ লক্ষ্যও। শ্ৰম, উৎপাদনৰ এনে এটা আহিলা যাৰ লগত মানুহ প্ৰত্যক্ষভাৱে জৰিত। শ্ৰমিকৰ কেইবাটাও গুৰুত্বপুৰ্ণ বৈশিষ্ট্য আছে। তলত শ্ৰমৰ কেইটামান উদাহৰণ দিয়া হ'ল।
 
=====শ্ৰমৰ বৈশিষ্ট্য=====
:১)শ্ৰমক শ্ৰমিকৰ পৰা পৃথক কৰিব নোৱাৰি। ভূমি বা মুলধনক যেনেকৈ গৰাকীৰ পৰা আহিলাটোক বিচ্ছিন্ন কৰিব পাৰি তেনেকৈ শ্ৰমক শ্ৰমিকৰ পৰা আঁতৰাই আনিব নোৱাৰি। শ্ৰমিকে তেওঁৰ শ্ৰমহে বিক্ৰী কৰে, কিন্তু তেঁও নিজেই নিজৰ শ্ৰমৰ মালিক।
:২)শ্ৰম ক্ষণস্থায়ী। এজন শ্ৰমিক নিবনুৱা হৈ থকা মানে তেওঁৰ শ্ৰম শক্তি আৰু সময়ৰ অপচয়। সেই ক্ষতি অপুৰণীয়। নিবনুৱা হৈ থকাৰ অৰ্থ হ'ল শ্ৰমিকৰ শ্ৰম নষ্ট হোৱা।
32 নং শাৰী:
:৯)শ্ৰমৰ আতাইতকৈ লক্ষনীয় বৈশিষ্ট্য হ'ল, শ্ৰমৰ নিজা বিচাৰ বিবেচনা আছে।
 
====মূলধন====
[[মূলধন (অৰ্থনীতি)|মুলধন]] (Capital) হ’ল ভূমিৰ ওপৰত শ্ৰম খটুৱাই উৎপাদন কৰা যি বিলাক বস্তু আকৌ উৎপাদন কাৰ্য্যত খটুৱা হয়,সেই বোৰকে অৰ্থবিজ্ঞানত মুলধন বোলা হয়।
=====মূলধনৰ বৈশিষ্ট্য=====
:১)<big>মূলধন উৎপাদনক্ষম:</big>মূলধনৰ উৎপাদন ক্ষমতা আছে।অৰ্থাৎ মূলধনৰ সহায়ত শ্ৰমিকে অধিক উৎপাদন কৰিব পাৰে।এই বৈশিষ্ট্যৰ বাবেই উৎপাদনকাৰীৰ বাবে মূলধনৰ চাহিদা বেছি আৰু মূলধনৰ ব্যৱহাৰৰ বাবে সূদ প্ৰদান কৰা হয়।
:২)<big>মূলধন সঞ্চয়ৰ ফল:</big>মানুহে অৰ্জন কৰা আয়ৰ সম্পুৰ্ণকৈ ভোগ নকৰি সাঁচি থোৱাৰ ফলতে মূলধন সৃষ্টি হয়।সেই বাবেই মূলধনক সঞ্চয়ৰ ফল বা অপেক্ষাৰ ফল বুলি কোৱা হয়।
41 নং শাৰী:
:৫)<big>মূলধন গতিশীল:</big> শ্ৰমৰ দৰে মূলধনো গতিশীল।উৎপাদনৰ আটাইকেইটা উপাদানৰ ভিতৰত মূলধনেই আটাইতকৈ বেছি গতিশীল।
 
====সংগঠন====
সংগঠন (Organisation) বুলিলে কিছুমান বিশেষজ্ঞ বা বিশেষ পাৰদৰ্শিতা থকা লোকক বুজায় যেয়ে ভূমি, শ্ৰম আৰু মুলধন একেলগ কৰি উৎপাদন কাৰ্য্য সম্ভৱ কৰি তোলে আৰু উৎপাদনৰ ক্ষেত্ৰত সম্ভাব্য ক্ষতিৰ দায়িত্ত্ব গ্ৰহণ কৰে।
=====সংগঠনৰ বৈশিষ্ট্য=====
:১)সংগঠন শ্ৰমৰেই এক বিশেষ ৰূপ।শ্ৰমক যেনেকৈ শ্ৰমিকৰ পৰা পৃথক কৰৰিব নোৱাৰি, তেনেকৈ সংগঠনকো সংগঠকৰ পৰা পৃথক কৰিব নোৱাৰি।
:২)সংগঠক জনে উৎপাদনৰ বাকি কেইটা উপাদান একলগ কৰি উৎপাদন কাৰ্য্য সম্ভৱ কৰি তোলে।
:৩)সংগঠকজনে উৎপাদনত জৰিত সকলো অনিশ্চয়তা আৰু ক্ষতিশংকা বহন কৰে।
 
===তথ্যসূত্ৰ===
===তথ্য সংগ্ৰহ===
<references/>