শিৱসাগৰ জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা
43 নং শাৰী:
 
==শিৱসাগৰ নামৰ উৎপত্তি==
স্বৰ্গদেও [[ৰুদ্ৰসিংহ]]ৰ মৃত্যুৰ পিছত শিৱসিংহ ৰাজসিংহাসনত বহে। সিংহাসনত বহি চাৰি গৰাকী কুঁৱৰী থকাৰ পিছতো স্বৰ্গদেও শিৱসিংহই চিনাতলীয়া নটৰ জীয়েক ফুলমতী বা ফুলেশ্বৰীক পৰ্বতীয়া কুঁৱৰী কৰি আনে। ৰজাৰ কুঁৱৰী হৈ ফুলমতীয়ে নাম ললে প্ৰমথেশ্বৰী। [[ফুলেশ্বৰী কুঁৱৰী]] কেৱল সুন্দৰীয়ে নাছিল, আছিল অতিকৈ বুদ্ধিমতী আৰু উচ্চাভিলাষী। ৰাজ্যাভিষেক হোৱাৰ ছমাহ নৌহওঁতে 'ছত্ৰভঙ্গ যোগ' পৰাৰ চেলু উলিয়াই স্বৰ্গদেওক ৰাজকাৰ্যৰ পৰা অব্যাহতি দিয়ালে আৰু সোণ-ৰূপৰ মোহৰ মৰাই নিজে বৰৰজা হ'ল। কিন্তু এনেহেন প্ৰতাপী ৰাণীৰো প্ৰতাপ এদিন শেষ হ'ল। প্ৰসৱ বেদনাত জৰ্জৰিত হৈ ফুলেশ্বৰী কুঁৱৰী ঢুকাই থাকিল। ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত তেওঁৰে ভনীয়েক দ্ৰৌপদীক স্বৰ্গদেৱে বিয়া কৰায়। ৰাণী হৈ দ্ৰৌপদীয়ে অম্বিকা নাম ল'লে। এইবাৰ বৰৰজা হ'ল অম্বিকা। বৰৰজা হৈ অম্বিকাই স্বামী শিৱসিংহৰ নামত এটা পুখুৰী খন্দায় আৰু তাৰ পাৰত দৌল নিৰ্মাণ কৰায়। এই পুখুৰীটোৱে হ'ল শিৱসাগৰ পুখুৰী।<ref>{{cite book | title=বেলি মাৰ গ'ল | publisher=বনলতা | author=লীলা গগৈ | authorlink=শিৱস্ংহ আৰু বৰৰজা ফুলেশ্বৰী; কৃষ্ণৰাম ভট্টাচাৰ্য্য, পৰ্বতীয়া গোসাঁই | year=২০০৭ চন | location=ডিব্ৰুগড়}}</ref> আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ। কাৰেংঘৰক কেন্দ্ৰ কৰি চৌপাশৰ অঞ্চলটোৱে আছিল তাহানিৰ ৰংপুৰ। বৃটিছসকল আহি প্ৰথমে শিৱসাগৰ পুখুৰীৰ আশে-পাশে এই অঞ্চলৰ প্ৰশাসনীয় কেন্দ্ৰ স্থাপন কৰিছিল। তেনেকৈয়ে কলঞ্চুপাৰ বুলি জনাজাত ঠাইখন লাহে লাহে শিৱসাগৰ নামেৰে পৰিচিত হয়।
 
==ইতিহাস==