গৰম বতাহৰ বেলুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
[[File:Bibf hot air balloon.jpg|thumb|A hot air balloon in flight.]]
 
===ইতিহাস===
গৰম বায়ু সাধাৰণ বায়ুতকৈ পাতল এই তত্ত্বটোৰ ভিত্তিতেই আজিৰ পৰ প্ৰায় ২০০০ বছৰ আগোতে চীন দেশত এবিধ পুতলা ওলমা যান(লেণটাৰ্ণ্) উৰুওৱা হৈছিল। চীনা সৈন্যবাহিনীক সংকেত দিয়াৰ বাবেও এনেধৰণৰ যান ব্যৱহাৰ হৈছিল। ১৭০৯ চনত বাৰ্টলমেও ডি গুছ্মাউ নামৰ ব্ৰাজিলৰ পাদুৰীএজনে লিছবনত এটা ৰুমৰ ভিতৰত গৰম বতাহৰ এটি বেলুন নিৰ্মাণ কৰি উলিয়ায়। তেওঁ অন্য এক বেলুনৰ সহায়ত এক কিল’মিটাৰলৈকে দূৰত্ব অতিক্ৰম কৰে বুলি দাবী কৰিছিল যদিও সেয়া সৰ্বজনভাৱে গৃহীত নহ’ল। ১৭৬৬ চনত হেনৰী কেভেণ্ডিছে বায়ুতকৈ পাতল হাইড্ৰজেন গেছ আৱিষ্কাৰ কৰিলে। যোছেফ ব্লেক নামৰ এজন স্কটিছ পদাৰ্থবিদে পৰামৰ্শ আগবঢ়াইছিল যে হাইড্ৰজেন গেছেৰে পৰিপূৰ্ণ বেলুন এটা আকাশত সহজেই উপঙি থাকিব পাৰিব।