নল গাহৰি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:স্তন্যপায়ী প্ৰাণী বিলোপ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
25 নং শাৰী:
নল গাহৰিয়ে জাক পাতি বিচৰণ কৰে এটা জাকত ৫টাৰ পৰা ১০টালৈকে প্ৰাপ্তবয়স্ক গাহৰি থাকে। সিহঁতে ডাঠ ঘাঁহনিৰ মাজত সহজতেই মিলি যোৱাকৈ ঘাঁহেৰেই বাহ সাজে । পোৱালি জগোৱাৰ আগে আগে গাভিনী গাহৰিয়ে জাকৰ পৰা নিলগত বেলেগকৈ বাহ সাজে । নল গাহৰিয়ে বছৰত এবাৰহে পোৱালি জগায়, ইহঁতৰ পোৱালি দিয়াৰ সময় হ'ল এপ্ৰিলৰ পৰা জুন মাহ । ইহঁতে এবাৰত ৪ বা ৫টাকৈ পোৱালি দিয়ে । জন্মৰ সময়ত পোৱালি এটা নিগনিৰ সমান ডাঙৰ আৰু ওজনত প্ৰায় ১৫০ গ্ৰাম মান হয়। নলগাহৰিয়ে হাবিত পোৱা বিভিন্ন শিপা, মূল, বনৰীয়া ফলৰ উপৰিও কেঁচু, উঁই, পৰুৱা, কণী আদি খায়।
==ষ্টেটাচ==
[[File:Pygmy hog.jpg|thumb|নল গাহৰি]]
আপুৰুগীয়া এই প্ৰানীবিধ দিনকদিনে হেৰুৱাবলৈ ধৰিছে ইহঁতৰ বাসস্থান । আনকি, ১৯৯০ চনলৈকে মানাহৰ বাহিৰেও বৰনদী অভয়াৰণ্যত নল গাহৰি পোৱা গৈছিল, কিন্তু বৰ্তমান বৰনদীত নল গাহৰিৰ বিলুপ্ত হৈ গৈছে। নল গাহৰিয়ে বাস কৰি থকা ঘাঁহনিবোৰ দ্ৰতগতিত নোহোৱাহৈ আহিছে, অথবা ইমান বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে যে সেইবোৰ বাসৰ অনুপযোগী হৈছেহি, মানুহৰ ঘৰচীয়া জীৱ-জন্তু বিশেষকৈ গৰুবোৰেই ইয়াৰ বাবে প্ৰধানকৈ দায়ী । মানুহেই ওখ ঘাঁহনিবোৰ খেতিপথাৰ, চৰণীয়া পথাৰ অথবা গাঁওলৈ ৰূপান্তৰিত কৰিছে। ইয়াৰ উপৰিও অনিয়ন্ত্ৰিত ভাৱে ফাগুণ-চত মাহত ঘাঁহনিবোৰত লগোৱা জুইয়েও এই প্ৰাণীৰ বাবে জীয়াই থকাত ভাবুকিৰ সৃষ্টি কৰিছে।
 
==সংৰক্ষণ==
১৯৯৬ চনত নল গাহৰি সংৰক্ষণ কাৰ্যক্ৰমৰ (Pigmy Hog Conservation programme) অধীনত মানাহৰ পৰা ৬টা নল গাহৰি ধৰি আনি গুৱাহাটিৰ বশিষ্ঠত থকা নল গাহৰি গবেষণা আৰু প্ৰজনন কেন্দ্ৰত ( Pigmy Hog Research and Breeding Centre) সফলতাৰে প্ৰজনন কৰোৱা হয় আৰু ২০১৩ চনলৈ সোনাই-ৰূপাই অভয়াৰণ্যত ৩৫টা আৰু ওৰাং ৰাষ্টীয় উদ্যানত ৩৯ টা নলগাহৰি এৰি দিয়া হয়। এৰি দিয়া নল গাহৰি বোৰে সোনাই-ৰূপাই আৰু ওৰাং ৰাষ্টীয় উদ্যানত সফলতাৰে বংশবৃদ্ধি কৰাৰ লগতে তাৰে ঘাঁহনি সমূহত বিচৰণ কৰি থকা বুলি প্ৰমান পোৱা গৈছে ।
"https://as.wikipedia.org/wiki/নল_গাহৰি"ৰ পৰা অনা হৈছে