নল গাহৰি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ref
21 নং শাৰী:
'''নল গাহৰি''' ({{Lang-en|Pygmy hog}} বৈ়জ্ঞানিক নাম: Porcula salvania) পৃথিবীৰ ভিতৰতে আটাইতকৈ সৰু প্ৰজাতিৰ বনৰীয়া গাহৰি। এটা সময়ত এই গাহৰি উত্তৰ প্ৰদেশ, নেপাল, উত্তৰবংগ আৰু অসম জুৰি হিমালয়ৰ পাদদেশৰ দক্ষিণে থকা এক সংকীৰ্ণ অঞ্চলৰ ঘাঁহনিত নল গাহৰি পোৱা গৈছিল । লাহে লাহে উত্তৰ প্ৰদেশ, নেপাল, উত্তৰবংগৰ ঘাঁহনিত নল গাহৰি বিলুপ্ত হৈ যোৱাত এই আপুৰুগীয়া গাহৰিৰ প্ৰজাতিটো বিলুপ্ত হোৱা বুলি ধৰি লোৱা হৈছিলে যদিও পিছলৈ কেৱল অসমৰ মানাহ ৰাষ্টীয় উদ্যানত পুনৰ ইয়াক দেখা পোৱা যায় । ঘোৰ-সংকটগ্ৰস্থ (Critically Endangered) তালিকা ভূক্ত এই প্ৰাণী বৰ্তমান অসমৰ বাহিৰে পৃথিবীৰ আন কতোই নাই আৰু ভাৰতীয় গঁড়কৈ বৰ্তমানত জীয়াই থকা নল গাহৰিৰ সংখ্যা কেইবাগুণে কম। গোটেই পৃথিবীতে সম্ভৱতঃ ৫০০টাতকৈও কম নল গাহৰি বৰ্তমান কেৱল অসমৰ হাবিত জীয়াই আছে।
==বিৱৰণ==
অতি বিৰল এই বনৰীয়া গাহৰিৰ বৈজ্ঞানিক নাম Porcula sulvania (পৰকুলা ছালভানিয়া)<ref name="iucn" /> আৰু ভাৰতৰ হাবিত দেখাপোৱা বনৰীয়া গাহৰিতকৈ ই পৃথক আৰু আকাৰতো প্ৰায় ৪ গুণ মান সৰু । অসমীয়াত ইয়াক নল গাহৰিৰ উপৰি টাকুৰি বৰা বুলিও কোৱা হয়। বড়ো ভাষাত ইয়াৰ নাম ওমা ঠাখ্ৰি, নেপালি ভাষাত ইয়াৰ নাম পুডেক বঁদেল। নলগাহৰি দীঘলে মাত্ৰ ৬০ ছে.মি. আৰু ওখই প্ৰায় ২৫ ছে.মি. মান হয়। এটা প্ৰাপ্তবয়স্ক মতাৰ ওজন ৮ পৰা ৯ কিলোগ্ৰাম মান হয়। মাইকী গাহৰিবোৰ মতাতকৈ কিছু সৰু।
ঘৰচীয়া বা বনৰীয়া গাহৰিতকৈ নল গাহৰিক পৃথকৈ চিনিব পৰা আটাইতকৈ সহজ উপায় হ'ল ইয়াৰ নেজ । এটা পূৰ্ণবয়স্ক নল গাহৰিৰ নেজ মাত্ৰ ১ ইঞ্চিহে দীঘল, পিছে ঘৰচীয়া বা বনৰীয়া গাহৰিৰ পোৱালিৰে নেজ প্ৰায় ৩ ইঞ্চিমান দীঘল হয়। ইয়াৰ উপৰি মাইকী নলগাহৰিৰ কেৱল ৩ যোৰহে স্তন থাকে; আনহাতে ঘৰচীয়া বা বনৰীয়া গাহৰিৰ ৫ৰ পৰা ৬ যোৰলৈ স্তন থাকে।
নল গাহৰিয়ে জাক পাতি বিচৰণ কৰে এটা জাকত ৫টাৰ পৰা ১০টালৈকে প্ৰাপ্তবয়স্ক গাহৰি থাকে। সিহঁতে ডাঠ ঘাঁহনিৰ মাজত সহজতেই মিলি যোৱাকৈ ঘাঁহেৰেই বাহ সাজে । পোৱালি জগোৱাৰ আগে আগে গাভিনী গাহৰিয়ে জাকৰ পৰা নিলগত বেলেগকৈ বাহ সাজে । নল গাহৰিয়ে বছৰত এবাৰহে পোৱালি জগায়, ইহঁতৰ পোৱালি দিয়াৰ সময় হ'ল এপ্ৰিলৰ পৰা জুন মাহ । ইহঁতে এবাৰত ৪ বা ৫টাকৈ পোৱালি দিয়ে । জন্মৰ সময়ত পোৱালি এটা নিগনিৰ সমান ডাঙৰ আৰু ওজনত প্ৰায় ১৫০ গ্ৰাম মান হয়। নলগাহৰিয়ে হাবিত পোৱা বিভিন্ন শিপা, মূল, বনৰীয়া ফলৰ উপৰিও কেঁচু, উঁই, পৰুৱা, কণী আদি খায়।
"https://as.wikipedia.org/wiki/নল_গাহৰি"ৰ পৰা অনা হৈছে