নল গাহৰি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ref
বানান, লিংক
19 নং শাৰী:
| synonyms = <center>''Sus salvanius''
}}
'''নল গাহৰি''' ({{Lang-en|Pygmy hog}} বৈ়জ্ঞানিক নাম: Porcula salvania) পৃথিবীৰ ভিতৰতে আটাইতকৈ সৰু প্ৰজাতিৰ বনৰীয়া গাহৰি। এটা সময়ত এই গাহৰি [[উত্তৰ প্ৰদেশ]], [[নেপাল]], উত্তৰবংগ আৰু [[অসম]] জুৰি হিমালয়ৰ[[হিমালয়]]ৰ পাদদেশৰ দক্ষিণে থকা এক সংকীৰ্ণ অঞ্চলৰ ঘাঁহনিত নল গাহৰি পোৱা গৈছিল । লাহে লাহে উত্তৰ প্ৰদেশ, নেপাল, উত্তৰবংগৰ ঘাঁহনিত নল গাহৰি বিলুপ্ত হৈ যোৱাত এই আপুৰুগীয়া গাহৰিৰ প্ৰজাতিটো বিলুপ্ত হোৱা বুলি ধৰি লোৱা হৈছিলে যদিও পিছলৈ কেৱল অসমৰ [[মানাহ ৰাষ্টীয় উদ্যানতউদ্যান]]ত পুনৰ ইয়াক দেখা পোৱা যায় । ঘোৰ-সংকটগ্ৰস্থ (Critically Endangered) তালিকা ভূক্ত এই প্ৰাণী বৰ্তমান অসমৰ বাহিৰে পৃথিবীৰ আন কতোইকতো নাই আৰু [[এশিঙীয়া গঁড়|ভাৰতীয় গঁড়কৈগঁড়]]তকৈ বৰ্তমানত জীয়াই থকা নল গাহৰিৰ সংখ্যা কেইবাগুণে কম। গোটেই পৃথিবীতে সম্ভৱতঃ ৫০০টাতকৈও কম নল গাহৰি বৰ্তমান কেৱল অসমৰ হাবিত জীয়াই আছে।
==বিৱৰণ==
অতি বিৰল এই বনৰীয়া গাহৰিৰ বৈজ্ঞানিক নাম Porcula sulvania (পৰকুলা ছালভানিয়া)<ref name="iucn" /> আৰু ভাৰতৰ[[ভাৰত]]ৰ হাবিত দেখাপোৱা বনৰীয়া গাহৰিতকৈ ই পৃথক আৰু আকাৰতো প্ৰায় ৪ গুণ মান সৰু । অসমীয়াত ইয়াক নল গাহৰিৰ উপৰি টাকুৰি বৰা বুলিও কোৱা হয়। [[বড়ো ভাষাতভাষা]]ত ইয়াৰ নাম ওমা ঠাখ্ৰি, নেপালি[[নেপালী ভাষাতভাষা]]ত ইয়াৰ নাম পুডেক বঁদেল। নলগাহৰিনল গাহৰি দীঘলে মাত্ৰ ৬০ ছে.মি. আৰু ওখই প্ৰায় ২৫ ছে.মি. মান হয়। এটা প্ৰাপ্তবয়স্ক মতাৰ ওজন ৮ পৰা ৯ কিলোগ্ৰাম মান হয়। মাইকী গাহৰিবোৰ মতাতকৈ কিছু সৰু।
ঘৰচীয়া বা বনৰীয়া গাহৰিতকৈ নল গাহৰিক পৃথকৈ চিনিব পৰা আটাইতকৈ সহজ উপায় হ'ল ইয়াৰ নেজ । এটা পূৰ্ণবয়স্ক নল গাহৰিৰ নেজ মাত্ৰ ১ ইঞ্চিহে দীঘল, পিছে ঘৰচীয়া বা বনৰীয়া গাহৰিৰ পোৱালিৰে নেজ প্ৰায় ৩ ইঞ্চিমান দীঘল হয়। ইয়াৰ উপৰি মাইকী নলগাহৰিৰ কেৱল ৩ যোৰহে স্তন থাকে; আনহাতে ঘৰচীয়া বা বনৰীয়া গাহৰিৰ ৫ৰ পৰা ৬ যোৰলৈ স্তন থাকে।
নল গাহৰিয়ে জাক পাতি বিচৰণ কৰে এটা জাকত ৫টাৰ পৰা ১০টালৈকে প্ৰাপ্তবয়স্ক গাহৰি থাকে। সিহঁতে ডাঠ ঘাঁহনিৰ মাজত সহজতেই মিলি যোৱাকৈ ঘাঁহেৰেই বাহ সাজে । পোৱালি জগোৱাৰ আগে আগে গাভিনী গাহৰিয়ে জাকৰ পৰা নিলগত বেলেগকৈ বাহ সাজে । নল গাহৰিয়ে বছৰত এবাৰহে পোৱালি জগায়, ইহঁতৰ পোৱালি দিয়াৰ সময় হ'ল এপ্ৰিলৰ পৰা জুন মাহ । ইহঁতে এবাৰত ৪ বা ৫টাকৈ পোৱালি দিয়ে । জন্মৰ সময়ত পোৱালি এটা নিগনিৰ সমান ডাঙৰ আৰু ওজনত প্ৰায় ১৫০ গ্ৰাম মান হয়। নলগাহৰিয়েনল গাহৰিয়ে হাবিত পোৱা বিভিন্ন শিপা, মূল, বনৰীয়া ফলৰ উপৰিও কেঁচু, উঁই, পৰুৱা, কণী আদি খায়।
==ষ্টেটাচ==
[[File:Pygmy hog.jpg|thumb|নল গাহৰি]]
আপুৰুগীয়া এই প্ৰানীবিধ দিনকদিনেদিনক দিনে হেৰুৱাবলৈ ধৰিছে ইহঁতৰ বাসস্থান । আনকি, ১৯৯০ চনলৈকে মানাহৰ বাহিৰেও [[বৰনদী অভয়াৰণ্যতঅভয়াৰণ্য]]ত নল গাহৰি পোৱা গৈছিল, কিন্তু বৰ্তমান বৰনদীত নল গাহৰিৰ বিলুপ্ত হৈ গৈছে। নল গাহৰিয়ে বাস কৰি থকা ঘাঁহনিবোৰ দ্ৰতগতিত নোহোৱাহৈ আহিছে, অথবা ইমান বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে যে সেইবোৰ বাসৰ অনুপযোগী হৈছেহি, মানুহৰ ঘৰচীয়া জীৱ-জন্তু বিশেষকৈ গৰুবোৰেই ইয়াৰ বাবে প্ৰধানকৈ দায়ী । মানুহেই ওখ ঘাঁহনিবোৰ খেতিপথাৰ, চৰণীয়া পথাৰ অথবা গাঁওলৈ ৰূপান্তৰিত কৰিছে। ইয়াৰ উপৰিও অনিয়ন্ত্ৰিত ভাৱে ফাগুণ-চত মাহত ঘাঁহনিবোৰত লগোৱা জুইয়েও এই প্ৰাণীৰ বাবে জীয়াই থকাত ভাবুকিৰ সৃষ্টি কৰিছে।
 
==সংৰক্ষণ==
১৯৯৬ চনত নল গাহৰি সংৰক্ষণ কাৰ্যক্ৰমৰ (Pigmy Hog Conservation programme) অধীনত মানাহৰ পৰা ৬টা নল গাহৰি ধৰি আনি গুৱাহাটিৰ বশিষ্ঠত থকা নল গাহৰি গবেষণা আৰু প্ৰজনন কেন্দ্ৰত ( Pigmy Hog Research and Breeding Centre) সফলতাৰে প্ৰজনন কৰোৱা হয় আৰু ২০১৩ চনলৈ সোনাই-ৰূপাই অভয়াৰণ্যত ৩৫টা আৰু ওৰাং ৰাষ্টীয় উদ্যানত ৩৯ টা নলগাহৰি এৰি দিয়া হয়। এৰি দিয়া নল গাহৰি বোৰে সোনাই[[সোণাই-ৰূপাই অভয়াৰণ্য|সোণাই-ৰূপাই]] আৰু [[ওৰাং ৰাষ্টীয় উদ্যানতউদ্যান]]ত সফলতাৰে বংশবৃদ্ধি কৰাৰ লগতে তাৰে ঘাঁহনি সমূহত বিচৰণ কৰি থকা বুলি প্ৰমান পোৱা গৈছে ।
==তথ্য সংগ্ৰহ==
{{Reflist}}
"https://as.wikipedia.org/wiki/নল_গাহৰি"ৰ পৰা অনা হৈছে