পলাশীৰ যুদ্ধ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
48 নং শাৰী:
==পশ্চাদপট==
১৮শ শতিকাৰ আৰম্ভনিত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত তিনিটা শক্তিশালী ঘাটী আছিল। এই তিনিটা ঘাটী আছিল মাদ্ৰাছৰ চেইন্ট জৰ্জ দুৰ্গ, কলিকতাৰ ফৰ্ট উইলিয়াম দুৰ্গ আৰু পশ্চিম ভাৰতত বোম্বাই দুৰ্গ। এই তিনিওটা ঘাটী ইংলেন্ডৰ কৰ্ট অৱ ডিৰেক্টৰছ্ দ্বাৰা নিযুক্ত এজন সভাপতি আৰু পৰিষদৰ দ্বাৰা শাষিত স্বাধীন প্ৰভিন্স আছিল। ব্ৰিটিছ সকলৰ নীতি আছিল যে তেওলোকে সৰু সৰু ৰাজ্য আৰু নৱাব সকলৰ লগত মিত্ৰতা স্থাপন কৰি বিদ্ৰোহী সকলৰ পৰা নিৰাপত্তা প্ৰদান কৰিব আৰু বিনিময়ত নৱাব সকলে ৰাজ্যত ব্ৰিটিছ সকলত ব্যৱসায় কৰাৰ সুবিধা ও অনুমতি প্ৰদান কৰিব। সেই সময়লৈকে ডাট্চ্ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু পৰ্টুগীজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰায় সকলো ব্যৱসায়িক প্ৰতিদ্বন্দিতা শেষ হৈছিল। ফৰাছী সকলেও ৰজা চতুৰ্দশ লুইৰ অধীনত ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন কৰি ভাৰতত দুটা গুৰুত্বপুৰ্ণ ঘাটী, বেংগলৰ চন্দৰনগৰ আৰু পন্ডিচেৰীত বহুৱাই। যদিও ফৰাছী সকল ভাৰতত পলম কৈ আহিছিল, তেওলোকে খুব সোনকালে প্ৰতিষ্ঠিত হৈ ভাৰতত ব্ৰিটিছৰ একচেটিয়া নিয়ন্ত্ৰন ওফৰাই পেলোৱাৰ উপক্ৰম হৈছিল<ref name= HCarn>Harrington, p. 9</ref><ref>Mahon, p. 304</ref>।
 
 
===কাৰ্নাটিক যুদ্ধ সমুহ===
অষ্ট্ৰীয়ান যুদ্ধৰ লগে লগে ব্ৰিটেইন, ফ্ৰান্স আৰু আন আন ইউৰোপীয় শক্তিৰ মাজত ভাৰত উপমহাদেশৰ ওপৰত সামৰিক ও ৰাজনৈতিক প্ৰভুত্ব বিস্তাৰৰ বাবে সংঘৰ্ষ আৰম্ভ হয়। ১৭৪৮ চনৰ চেপ্টেম্বৰ মাহত মাহে-ডে-লা-বাৰ্ডনেইচ [[Bertrand-Francois Mahe de La Bourdonnais|(Mahé de La Bourdonnais)]] আৰু তেওৰ নৌ বাহিনীয়ে মাদ্ৰাজ চহৰত আক্ৰমন কৰে। তিনিদিন ধৰি হোৱা গোলাবৰ্ষনৰ পিছত মাদ্ৰাজ চহৰৰ সেনাই আত্মসমৰ্পন কৰে। আত্মসমৰ্পনৰ চৰ্ত অনুযায়ী ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নগদ ধনৰ ক্ষতিপুৰন দিব লগাত পৰে। অক্টোবৰ মাহত বাৰ্ডনেইচ ভাৰত এৰি যোৱাৰ পিচত কৰ্ণাটকৰ নৱাব আনোৱাৰউদ্দিন মহম্মহ খানে ব্ৰিটিছৰ সহায়ত মাদ্ৰাজ পুনৰ দখলৰ বাবে সৈন্য চালনা কৰে, কিন্তু নৱাবৰ সৈন্য বেছি হোৱা স্বত্তেও ফৰাছী সকলে এই আক্ৰমণ অতি সহজে ধ্বংস কৰে। প্ৰত্যুত্তৰত ব্ৰিটিছে মেজৰ লৰেন্স আৰু এডমিৰেল বচকাৱেনৰ([[Edward Boscawen|Boscawen]]) নেতৃত্বত পন্ডিচেৰী আক্ৰমন কৰে যদিও ৩১ দিন পিছত এৰি দিবলৈ বাধ্য হয়। ১৭৪৮ চনত এইক্স-লা-চেপেল চুক্তিৰ ([[Treaty of Aix-la-Chapelle(1748)|Treaty of Aix-la-Chapelle]]) মতে উত্তৰ আমেৰিকাৰ লুইছবাৰ্গ আৰু কেপ ব্ৰেটন আইলেন্ডৰ বিনিময়ত মাদ্ৰাজ পুনৰ ব্ৰিটিছৰ দখললৈ যায়<ref name= HCarn/><ref name="Mahon, pp. 307–311">Mahon, pp. 307–311</ref>।
 
এইক্স-লা-চেপেল চুক্তিয়ে দুই ইউৰোপীয় শক্তিক প্ৰত্যক্ষ সংঘাটৰ পৰা বিৰত ৰাখিছিল যদিও স্থানীয় ৰাজ্য সমুহৰ যোগেদি পৰোক্ষ সংঘাট চলিয়ে আছিল। এই সংঘাট আছিল ডেক্কানৰ নিজাম আৰু কৰ্ণাটকৰ নৱাব পদৰ বাবে। ইংৰাজ আৰু ফ্ৰেন্স দুয়োপক্ষই নিজৰ নিজৰ প্ৰাৰ্থী নিযুক্ত কৰিছিল আৰু দুয়োপক্ষৰ প্ৰাৰ্থী ইজনে সিজনৰ বিপক্ষে সংঘাটত লিপ্ত হৈছিল। ১৭৫১ চনৰ মাজভাগত ফ্ৰেন্স সমৰ্থিত নৱাব পদৰ প্ৰাৰ্থী চন্দা চাহিবে ইংৰাজ প্ৰাৰ্থী মদম্মদ আলিক আক্ৰমন কৰে<ref name =HCarn/><ref name="Mahon, pp. 307–311"/>।
 
১৭৫১ চনৰ ১ চেপ্তেম্বৰত কেপ্টেইন ৰবাৰ্ট ক্লাইভৰ অধীনত ২৮০ ইউৰোপীয় সৈন্য আৰু ৩০০ ভাৰতীয় চিপাহীয়ে কৰ্ণাটকৰ ৰাজধানী আৰাকোট আক্ৰমন কৰি দখল কৰে। আশা কৰা মতেই চন্দা চাহিবে বাধ্য হৈ ৪,০০০ ভাৰতীয় আৰু ১৫০ ফ্ৰেন্স সৈন্য ৰাজা চাহিবৰ অধীনত আৰাকোট পুনৰ দখলৰ বাবে প্ৰেৰন কৰে। ৰাজা চাহিবৰ সৈন্যই দুৰ্গ ঘেৰাও কৰে আৰু কেইবা সপ্তাহৰ পিছত দেৱালৰ কিছু কিছু অংশত সফল আক্ৰমন চলাই। ক্লাইভে মুৰাৰী ৰাও নামৰ এজন মাইছোৰৰ পৰ্বতত চাউনি পাতি থকা মাৰাঠা অধীনা্যকলৈ বাৰ্তা প্ৰেৰন কৰে যাক মদম্মদ আলিক সহায় কৰাৰ বাবে অনুদান দিয়া হৈছিল। ৰাজা চাহিবে মাৰাঠা সেনাৰ পৰা আহিব পৰা আক্ৰমন উমান পায় নগদ ধনৰ বিনিময়ত ক্লাইভক আত্মসমৰ্পন কৰাৰ দাবি জনাই কিন্তু ক্লাইভে অগ্ৰাহ্য কৰে। ২৪ নভেম্বৰৰ পুৱা ৰাজা চাহিবে দুৰ্গ প্ৰবেশৰ কেইবাটাও চেষ্টা চলাই আৰু প্ৰতিবাৰে নিজৰ ক্ষতিৰ সৈতে বিফল হয়। পিছদিনা এই আক্ৰমন উঠাই লোৱা হয় আৰু ৰাজা চাহিবৰ সেনা বন্দুক বাৰুদ এৰি ঘটনাস্থলৰ পৰা পলায়ন কৰে। আৰাকোট, কঞ্জেভেৰাম([[Conjeeveram]]) আৰু ত্ৰিচিনপলি([[Trichinopoly]]) ৰ সফলতাৰ লগে লগে ইংৰাজে কৰ্ণাটক সুৰক্ষিত কৰি মদম্মদ আলিক নৱাব হিচাপে লগতে এক চুক্তি মতে ফ্ৰান্স গৱৰ্নৰ [[Charles Godeheu|Godeheu]] স্থাপন কৰে.<ref>Mahon, pp. 317–326</ref><ref>Harrington, pp. 11–16</ref>
 
===বংগ অভিযান===