নৰেন্দ্ৰ মোদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

67 নং শাৰী:
|accessdate=२४ मार्च २०१३}}</ref>
 
 
==প্ৰাৰম্ভিক ৰাজনৈতিক জীৱন==
তেওঁ ১৯৮৭ চনত বিজেপিত যোগদান কৰাৰ দ্বাৰা ঘাইসুঁতিৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল। মাত্ৰ এবছৰৰ ভিতৰতে, তেওঁ গুজৰাট গোটৰ সাধাৰণ সম্পাদক পদলৈ উন্নীত হৈছিল। ইতিমধ্যে তেওঁ এজন উচ্চ মানদণ্ডৰ দক্ষতা সম্পন্ন সংগঠক হিচাপে সুখ্যাতি লাভ কৰিছিল। তেওঁ দলৰ কেডাৰসকলক শক্তিশালী কৰাৰ প্ৰত্যাহ্বানক আন্তৰিকতাৰে গ্ৰহণ কৰিছিল। দলে ৰাজনৈতিক মুনাফা লাভ কৰিবলৈ আৰম্ভ কৰিছিল আৰু ১৯৯০ চনত কেন্দ্ৰত জোঁট চৰকাৰ গঠন কৰিছিল। কেইমাহমানৰ ভিতৰতে এই অংশীদাৰীত্বৰ পতন ঘটিছিল, কিন্তু বিজেপিয়ে এককভাৱে দুই-তৃতীয়াংশ সংখ্যা গৰিষ্ঠতা লাভ কৰি গুজৰাটত ১৯৯৫ চনত ক্ষমতা দখল কৰিছিল। তেতিয়াৰ পৰাই বিজেপিয়ে গুজৰাটৰ শাসনভাৰ চলাই আহিছে{{Cn}}।
১৯৮৮ আৰু ১৯৯৫ চনৰ ভিতৰত গুজৰাটৰ বিজেপি গোটক ৰাজ্যৰ শাসনাধিষ্ঠ দল হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ নেপথ্যৰ কৌশল সফলভাৱে পৰিচালনা কৰা নৰেন্দ্ৰ মোদীক এজন শ্ৰেষ্ঠ ৰণকৌশলবিদ হিচাপে স্বীকৃতি দিয়া হৈছিল{{Cn}}। এই সময়চোৱাত, [[এল কে আদৱানী]]ৰ সোমনাথৰ পৰা অযোধ্যাৰ ৰথ যাত্ৰা (এটা অতি দীৰ্ঘ পদযাত্ৰা) আৰু ভাৰতৰ দক্ষিণ প্ৰান্ত [[কন্যাকুমাৰী]]ৰ পৰা উত্তৰৰ কাশ্মীৰলৈ তেনেকুৱা আন এটা পদযাত্ৰাৰ দৰে দুটা অত্যন্ত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অনুষ্ঠান সংগঠিত কৰিবলৈ মোদীক দায়িত্ব অৰ্পণ কৰা হৈছিল। ১৯৯৮ চনত [[নতুন দিল্লী]]ত বিজেপিয়ে ক্ষমতা দখল কৰাৰ ক্ষেত্ৰত মোদীয়ে গুৰি ধৰা এই দুটা অতি সফল ঘটনাৰ গুৰুত্বপূৰ্ণ অৰিহণা আছিল{{Cn}}। ১৯৯৫ চনত, তেওঁ দলৰ ৰাষ্ট্ৰীয় সম্পাদক নিৰ্বাচিত হয় আৰু ভাৰতৰ পাঁচখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ দায়িত্ব দিয়া হয় - যিটো এজন যুৱ নেতাৰ বাবে বিৰল সম্মান। ১৯৯৮ চনত, তেওঁ সাধাৰণ সম্পাদক (সাংগঠনিক) পদলৈ উন্নীত হয় আৰু অক্টোবৰ ২০০১লৈ এই পদত কাৰ্যনিৰ্বাহ কৰে আৰু তাৰ পাছত ভাৰতৰ এখন অন্যতম সমৃদ্ধিশালী আৰু প্ৰগতিশীল ৰাজ্য গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মনোনীত হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যনিৰ্বাহ কৰা এই সীমিত সময়ত নৰেন্দ্ৰ মোদীক [[জম্মু আৰু কাশ্মীৰ]] আৰু [[উত্তৰ-পূৱ ভাৰত]]ৰ ৰাজ্যবোৰৰ দৰে সংবেদনশীল আৰু জটিল ৰাজ্যসহ কেবাখনো ৰাজ্যিক গোটৰ কাম-কাজ চোৱাচিতা কৰা দায়িত্ব দিয়া হৈছিল। কেবাখনো ৰাজ্যত দলৰ সাংগঠনিক পুনৰ্গঠনৰ দায়িত্বত আছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত, নৰেন্দ্ৰ মোদী দলৰ গুৰুত্বপূৰ্ণ মুখপাত্ৰ হিচাপে প্ৰতিষ্ঠিত হয় আৰু ভালেমান গুৰুত্বপূৰ্ণ উপলক্ষ্যত মুখ্য ভূমিকা গ্ৰহণ কৰে।এই সময়ত, তেওঁ গোটেই বিশ্বজুৰি ব্যাপক ভ্ৰমণ কৰে আৰু কেবাখনো দেশৰ বিশিষ্ট নেতৃবৰ্গৰ সৈতে ভাৱ-বিনিময় কৰে। এই অভিজ্ঞতাই তেওঁক কেৱল আন্তৰ্জাতিক প্ৰেক্ষাপট বিকাশ কৰাতেই সহায় কৰা নাছিল, কিন্তু ভাৰতবৰ্ষক সেৱা আগবঢ়াবলৈ আৰু বন্ধুসুলভ ৰাষ্ট্ৰসমূহৰ ভিতৰত আৰ্থ-সামাজিক দিশত ভাৰতক শ্ৰেষ্ঠ কৰি তোলাত নেতৃত্ব দিবলৈ তেওঁৰ আবেগ সুদৃঢ় কৰিছিল{{Cn}}।