অশ্বক্ৰান্ত মন্দিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: অশ্বক্ৰান্ত মন্দিৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত উত্তৰ গুৱাহাটীত...
 
No edit summary
1 নং শাৰী:
অশ্বক্ৰান্ত মন্দিৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত উত্তৰ গুৱাহাটীত অৱস্থিত তীৰ্থস্থান৷ইয়াত প্ৰায় সম আয়তনৰ দুটা মন্দিৰ আছে৷এটা ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰৰ নামনি ভাগত,আনটো পাহাৰৰ ওপৰ ভাগত অৱস্থিত৷কিংবদন্তি অনুসৰি নৰকাসুৰক বধ কৰিবৰ অৰ্থে শ্ৰীকৃষ্ণ কামৰূপলৈ আহোঁতে এই ঠাইডোখৰ অশ্ব বা ঘোৰাৰঘোঁৰাৰ দ্বাৰা ক্ৰান্ত বা অতিক্ৰান্ত হোৱা বাবে এই অঞ্চলৰ নাম অশ্বক্ৰান্ত হয়৷কোনো কোনোৱে এই অঞ্চলক অশ্বক্লান্ত বুলিও কয়৷জনশ্ৰুতি অনুসৰি এই অঞ্চলতে খোজ পেলাই শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল৷ইয়াতেই তেওঁৰ অশ্ব ক্লান্ত হৈ পৰে আৰু ঠাইডোখৰে অশ্বক্লান্ত নাম পায়৷ব্ৰহ্মপুত্ৰৰ পাৰৰ টিলা এটাৰ শিল কিছুমানত ঘোঁৰাৰ খুৰাৰ দৰে চিন দেখা যায়৷শ্ৰীকৃষ্ণই যʼত ভৰিৰ খোজ পেলাইছিল তাৰ নাম বিষ্ণুপদ৷পৌৰাণিক শাস্ত্ৰ মতে এয়ে অশ্বগয়া আৰু ইয়াতে মৃতকৰ আত্মাৰ সদ্গতিৰ অৰ্থে পিণ্ডদান কৰা হয়৷আজিকালি ʼঅশ্বক্লান্তʼ বা ʼঅশ্বক্ৰান্তʼ দুয়োটা শব্দই সমঅৰ্থত প্ৰয়োগ হোৱা দেখা যায়৷পাহাৰৰ নামনি অংশত অৱস্থিত মন্দিৰটোৰ কাষতে অশ্বক্ৰান্ত নামৰ এটা কুণ্ডও আছিল৷বৰ্তমান অৱশ্যে এই কুণ্ড ব্ৰহ্মপুত্ৰৰ বুকুত লীন গʼল৷চʼত মাহৰ অশোকাষ্টমী তিথিত ইয়াত স্নান কৰিবৰ বাবে বহু তীৰ্থযাত্ৰীৰ সমাগম হয়৷১৭২০ চনত আহোম স্বৰ্গদেউ শিৱসিংহই এই মন্দিৰ নিৰ্মাণ কৰোৱাইছিল বুলি জনা যায়৷হিন্দুসকলৰ বাবে অশ্বক্ৰান্তৰ মাহাত্ম্য অসীম৷সত্য যুগত পুষ্কৰ,ত্ৰেতাত নৈমিষাৰণ্য,দ্বাপৰত কুৰুক্ষেত্ৰ আৰু কলিত অশ্বক্ৰান্ত পৱিত্ৰ তীৰ্থ বুলি জনবিশ্বাস প্ৰচলিত৷মন্দিৰটোৰ বৰ্তমান মাটিকালি প্ৰায় ৪৩ বিঘা ৪ কঠা ১৭ লেচা৷<ref>বিশ্ব ঐতিহ্য,দ্বিতীয় প্ৰকাশ,শান্তনু কৌশিক বৰুৱা,পৃষ্ঠা নং ১০</ref>
 
==তথ্য সংগ্ৰহ==