কহিনুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: কহিনুৰ এক বিখ্যাত, ঐতিহাসিক হীৰা ৷ বৰ্তমান ২১.৬ গ্ৰাম(১০৫ কেৰে...
 
No edit summary
1 নং শাৰী:
কহিনুৰ এক বিখ্যাত, কহিনুৰকঐতিহাসিক হীৰা ৷ বৰ্তমান ২১.৬ গ্ৰাম(১০৫ কেৰেট) ওজনৰ এই হীৰাখণ্ডই এসময়ত বিশ্বৰ বৃহত্তম হীৰা হিচাপে স্বীকৃতি লাভ কৰিছিল ৷কহিনুৰক প্ৰথমে কʼত পোৱা গৈছিল,সেই সম্পৰ্কে বহু কাহিনী আৰু কিংবদন্তি থাকিলেও ঐতিহসিক প্ৰমাণৰ মতে অন্ধ্ৰপ্ৰদেশৰ গোলকুণ্ডাত ইয়াৰ প্ৰথম উল্লেখ পোৱা যায় ৷ তেতিয়া অৱশ্যে ইয়াৰ নাম কহিনুৰ নাছিল ৷ দিল্লীত গিয়াছুদ্দিন টোগলক শ্বাহে ৰাজত্ব কৰাৰ সময়ত তেওঁৰ পুত্ৰ উলুঘ খানে দাক্ষিণাত্য অভিযান চলায় আৰু বহু মূল্যৱান মণি-মুকুতাৰ লগতে এই হীৰাখণ্ডও লুট কৰি লৈ যায়৷ তাৰ পাছৰ পৰা এই হীৰা দিল্লীৰ শাসকৰ সম্পত্তিত পৰিণত হয় আৰু ১৫২৬ চনত বাবৰে দিল্লীত মোগল সাম্ৰাজ্যৰ শাসন কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ পাছত কহিনুৰ বাবৰৰ হাতলৈ আহে ৷ বাবৰে ইয়াৰ মূল্য নিৰ্ধাৰণ কৰিছিল -সমগ্ৰ পৃথিৱীৰ মানুহক দুদিন খুৱাব পৰা পৰিমাণৰ ধন ৷ মোগল সম্ৰাট ছাহজাহানে তেওঁৰ ময়ূৰ সিংহাসনত এই হীৰাখণ্ড লগাই লৈছিল ৷ ১৭৩৯ চনত নাদিৰ শ্বাহে ভাৰত আক্ৰমণ কৰে আৰু বহু ধন-সম্পত্তিৰ লগতে কহিনুৰ হীৰাসহ ময়ূৰ সিংহাসনখনো পাৰস্যলৈ লৈ যায় ৷ দৰাচলতে ১৭৩৯ চনৰ পৰাহে এই হীৰাৰ নাম কহিনুৰ বুলি জনাজাত হৈ আহিছে ৷ ১৭৪৭ চনত নাদিৰ শ্বাহৰ মৃত্যুৰ পাছত কহিনুৰ হীৰা আফগানিস্তানৰ আহমেদ শ্বাহ আব্দালিৰ হাতলৈ আহে ৷১৮৩০ চনত আফগানিস্তানৰ ভগনীয়া ৰজা শ্বাহ চুজাই পলাই আহিবৰ সময়ত এই হীৰাও লৈ আহে আৰু সহায়ৰ বিনিময়ত কহিনুৰ পঞ্জাবৰ ৰজা ৰঞ্জিত সিঙৰ হাতত অৰ্পণ কৰে ৷১৮৪৯ চনত পঞ্জাব ইংৰাজৰ অধীনলৈ যায় আৰু এই হীৰাও ইংৰাজৰ দৃষ্টিলৈ আহে ৷ ১৮৫১ চনত ৰঞ্জিত সিংহৰ উত্তৰাধিকাৰী দিলীপ সিঙে ব্ৰিটিছ ভাইচৰয় লৰ্ড ডেলহাউছিৰ প্ৰস্তাৱ মৰ্মে এই হীৰা আনুষ্ঠানিকভাৱে মহাৰাণী ভিক্টোৰিয়াৰ হাতত অৰ্পণ কৰে ৷ ১৯৩৬ চনত এই হীৰাক ইংলেণ্ডৰ ৰাণীৰ মুকুটত সুশোভিত কৰা হয় আৰু ৰাণী এলিজাবেথে (পাছত ৰাণী মাতৃ নামেৰে পৰিচিত) সেই মুকুট পৰিধান কৰে ৷ ২০০২ চনত,তেওঁৰ কফিনৰ ওপৰত এই হীৰাকো সংযুক্ত কৰা হয় ৷ এতিয়া ই ʼটাৱাৰ অব লণ্ডনʼত সংৰক্ষিত অৱস্থাত আছে ৷
কহিনুৰ এক বিখ্যাত, ঐতিহাসিক হীৰা ৷ বৰ্তমান ২১.৬ গ্ৰাম(১০৫ কেৰেট) ওজনৰ এই হীৰাখণ্ডই এসময়ত বিশ্বৰ বৃহত্তম হীৰা হিচাপে স্বীকৃতি লাভ কৰিছিল ৷
কহিনুৰক প্ৰথমে কʼত পোৱা গৈছিল,সেই সম্পৰ্কে বহু কাহিনী আৰু কিংবদন্তি থাকিলেও ঐতিহসিক প্ৰমাণৰ মতে অন্ধ্ৰপ্ৰদেশৰ গোলকুণ্ডাত ইয়াৰ প্ৰথম উল্লেখ পোৱা যায় ৷ তেতিয়া অৱশ্যে ইয়াৰ নাম কহিনুৰ নাছিল ৷ দিল্লীত গিয়াছুদ্দিন টোগলক শ্বাহে ৰাজত্ব কৰাৰ সময়ত তেওঁৰ পুত্ৰ উলুঘ খানে দাক্ষিণাত্য অভিযান চলায় আৰু বহু মূল্যৱান মণি-মুকুতাৰ লগতে এই হীৰাখণ্ডও লুট কৰি লৈ যায়৷ তাৰ পাছৰ পৰা এই হীৰা দিল্লীৰ শাসকৰ সম্পত্তিত পৰিণত হয় আৰু ১৫২৬ চনত বাবৰে দিল্লীত মোগল সাম্ৰাজ্যৰ শাসন কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ পাছত কহিনুৰ বাবৰৰ হাতলৈ আহে ৷ বাবৰে ইয়াৰ মূল্য নিৰ্ধাৰণ কৰিছিল -সমগ্ৰ পৃথিৱীৰ মানুহক দুদিন খুৱাব পৰা পৰিমাণৰ ধন ৷ মোগল সম্ৰাট ছাহজাহানে তেওঁৰ ময়ূৰ সিংহাসনত এই হীৰাখণ্ড লগাই লৈছিল ৷ ১৭৩৯ চনত নাদিৰ শ্বাহে ভাৰত আক্ৰমণ কৰে আৰু বহু ধন-সম্পত্তিৰ লগতে কহিনুৰ হীৰাসহ ময়ূৰ সিংহাসনখনো পাৰস্যলৈ লৈ যায় ৷ দৰাচলতে ১৭৩৯ চনৰ পৰাহে এই হীৰাৰ নাম কহিনুৰ বুলি জনাজাত হৈ আহিছে ৷ ১৭৪৭ চনত নাদিৰ শ্বাহৰ মৃত্যুৰ পাছত কহিনুৰ হীৰা আফগানিস্তানৰ আহমেদ শ্বাহ আব্দালিৰ হাতলৈ আহে ৷১৮৩০ চনত আফগানিস্তানৰ ভগনীয়া ৰজা শ্বাহ চুজাই পলাই আহিবৰ সময়ত এই হীৰাও লৈ আহে আৰু সহায়ৰ বিনিময়ত কহিনুৰ পঞ্জাবৰ ৰজা ৰঞ্জিত সিঙৰ হাতত অৰ্পণ কৰে ৷১৮৪৯ চনত পঞ্জাব ইংৰাজৰ অধীনলৈ যায় আৰু এই হীৰাও ইংৰাজৰ দৃষ্টিলৈ আহে ৷ ১৮৫১ চনত ৰঞ্জিত সিংহৰ উত্তৰাধিকাৰী দিলীপ সিঙে ব্ৰিটিছ ভাইচৰয় লৰ্ড ডেলহাউছিৰ প্ৰস্তাৱ মৰ্মে এই হীৰা আনুষ্ঠানিকভাৱে মহাৰাণী ভিক্টোৰিয়াৰ হাতত অৰ্পণ কৰে ৷ ১৯৩৬ চনত এই হীৰাক ইংলেণ্ডৰ ৰাণীৰ মুকুটত সুশোভিত কৰা হয় আৰু ৰাণী এলিজাবেথে (পাছত ৰাণী মাতৃ নামেৰে পৰিচিত) সেই মুকুট পৰিধান কৰে ৷ ২০০২ চনত,তেওঁৰ কফিনৰ ওপৰত এই হীৰাকো সংযুক্ত কৰা হয় ৷ এতিয়া ই ʼটাৱাৰ অব লণ্ডনʼত সংৰক্ষিত অৱস্থাত আছে ৷
 
<ref>বিশ্ব ঐতিহ্য,শান্তনু কৌশিক বৰুৱা,পৃষ্ঠা নং ৪৯,৫০</ref>
"https://as.wikipedia.org/wiki/কহিনুৰ"ৰ পৰা অনা হৈছে