আজান পীৰৰ দৰগাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: অসমৰ হিন্দু-মুছলমানৰ চিৰ যুগমীয়া সম্প্ৰীতিৰ প্ৰতীক তথা জিক...
 
No edit summary
1 নং শাৰী:
অসমৰ হিন্দু-মুছলমানৰ চিৰ যুগমীয়া সম্প্ৰীতিৰ প্ৰতীক তথা জিকিৰৰ[[জিকিৰ]]ৰ জন্মদাতা আজানপীৰৰ দৰগাহ। এই দৰগাহ অৱস্থিত হৈ আছে [[শিৱসাগৰ]] নগৰৰ পৰা প্ৰায় ১৯-২০ কিঃমিঃ নিলগত। দিখৌ আৰু বহ্মপুত্ৰৰ[[ব্ৰহ্মপুত্ৰ]]ৰ সংগমস্থলৰ ওচৰতে [[শৰাগুৰি চাপৰিত।চাপৰি]]ত। দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ নৈয়ে তিনিওফালে বেঢ়ি আছে। উল্লেখ্য যে আহোম ৰজাই সজাই দিয়া মঠৰ চিন এই দৰগাহত এতিয়াও দেখিবলৈ পোৱা যায়। বাহিৰত এটা গড় আৰু গড়টোৰ ভিতৰত আৰু এটা সৰু গড় আছে। এই গড়টোৰ সোঁমাজতে এটা [[মছজিদ]] আৰু ওচৰতে এটা কবৰ আৰু এটা পুখুৰী আছে। মছজিদৰপৰা অলপ আঁতৰত এটা ওখ আৰু আহল-বহল কবৰ আছে। এই কবৰটোকে আজান পীৰৰ কবৰ বুলি জনশ্ৰুতি আছে। পিছলৈ কবৰটো পুনৰ নিৰ্মাণ কৰা হয়। মঠটোৰ ভিতৰত এজোপা [[শৰা গছ]] আছে। জনশ্ৰুতি মতে, এই গছজোপাৰ তলতে আজান পীৰ চাহাবে সঙ্গীসকলৰ লগত একেলগে জিকিৰ গাইছিল, জিকিৰ ৰচিছিল আৰু চৰ্চা কৰিছিল। পিছলৈ এইজোপা শৰা গছৰপৰাই এই ঠাইখিনৰ নাম হ’লগৈ শৰাগুৰি চাপৰি। আজানপীৰৰ

[[আজানপীৰ]]ৰ প্ৰকৃত নাম আছিল চৈয়দ মইনুদ্দিন। বাগদাদৰ এটি চৈয়দ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। আজানপীৰ চাহাবক ছাহ মীৰাণ বা মীৰাণ ছাহ নামেৰেও জনা যায়। ডেকা বয়সতে আনুমাণিক ২৫-২৬ বছৰ বয়সতে ছাহ মীৰাণে ভায়েক নবীৰ সৈতে বাগদাদৰপৰা[[বাগদাদ]]ৰপৰা পূৱমুৱা যাত্ৰাৰে [[ইৰাক]], [[আফগানিস্তান]] পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল। তাতে মইনুদ্দিন চিস্তীৰ দৰগাহত কিছুদিন কটাই গৌড়দেশেদি আহি অসম পায়হি। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৰ্থাৎ, হাজোত[[হাজো]]ত হজৰত গিয়াছুদ্দিন আউলিয়াৰ দৰগাহত কিছুদিন কটাই উজনি অসমলৈ ৰাওনা হয় আৰু চূণপোৰাত থাকিবলৈ লয়। অৱশ্যে আজানপীৰ চাহাব অসমলৈ কেতিয়া আহিছিল তাৰ কোনো নিশ্চিত তথ্য নাই যদিও ১৬২৫ চনৰপৰা ১৬৩৪-৩৫ চনৰ ভিতৰত তেওঁলোক আহি অসমত সোমাইছিল বুলি চৈয়দ আব্দুল মালিকৰ ‘‘আজান ফকীৰ আৰু সুৰীয়া জিকিৰ’’ নামৰ গ্ৰন্থত উল্লেখ কৰিছে।
 
অসমলৈ আহি পীৰ চাহাবে অসমীয়াৰ সৈতে মিলি অসমীয়া কবলৈ শিকিলে। অসমৰ জাতি জন-জনগোষ্ঠীৰ লগত এক হৈ ওজাপালি, দেহবিচাৰৰ গীতৰ লগতে অন্যান্য গীতসমূহো ভালদৰে অধ্যয়ন কৰিলে। অসমীয়া ভাষা শিকি অসমীয়া, পাৰ্চী, উৰ্দু আদিৰে ভাষাৰ সংমিশ্ৰণেৰে প্ৰায় দহ কুৰিৰো জিকিৰ ৰচনা কৰিছিল। যিবোৰৰ যোগেদি অসমীয়া মুছলমানসকলৰ অন্তৰত ধৰ্মীয় চেতনা যোগাই তুলিছিল। তদুপৰি অসমীয়াৰ লগতে তেওঁ জনা ফাৰ্চী, আৰবী আৰু ভাৰতত আহি শিকা উৰ্দু ভাষাৰ শব্দ মিহলাই অসমত ঠন ধৰি উঠা সেই সময়ৰ বৈষ্ণৱ ধৰ্মৰ বৰগীত, নাম-প্ৰসংগ আদি ভাবধাৰাৰ সংমিশ্ৰণেৰে জিকিৰ ৰচনা কৰি অসমীয়া সাহিত্যলৈ বহুমূলীয়া অৱদান আগবঢ়াই গ’ল।
প্ৰথম অৱস্থাত এই জিকিৰবোৰ উজনি অসমৰ মুছলমানসকলৰ মাজতে আবদ্ধ আছিল যদিও বৰ্তমান এই গীতবোৰক সাৰ্বজনীন আবেদনপূৰ্ণ অসমীয়া লোকগীতৰ মৰ্যদা দিয়া হৈছে। আজান পীৰ চাহাবে অসমত ধৰ্ম প্ৰচাৰ কৰা সময়ত আহোম স্বৰ্গদেউ আছিল স্বৰ্গদেউ [[প্ৰতাপ সিংহ।সিংহ]]। তেওঁ চূণপোৰাত থকা সময়ত ৰংপুৰৰ এজনী ছোৱালী বিয়া কৰাই। এৱেঁই অসমত পোন প্ৰথমে [[ইছলাম ধৰ্ম]] প্ৰচাৰ কৰিছিল। চূণপোৰাত থকা কালতে এজন মুছলমান ৰাজবিষয়াই আহোম ৰজাজনক তেওঁৰ বিষয়ে লগাইছিল। কিন্তু ৰজাই তেওঁক প্ৰকৃত সাধক বুলি জানিব পাৰি দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ সংগম স্থলত শৰাগছৰ এজোপাৰ ১০০ বিঘা মাটি দি এটা গড় বন্ধাই দিছিল। ইয়াতে পীৰ চাহাবে আশ্ৰম পাতে। হজৰত পীৰ চাহাবৰ মৃত্যু কেতিয়া হ’ল সেই বিষয়ে নিশ্চিত কৰিব পৰা নাযায়। শৰাগুৰি চাপৰিৰ কাষত তেওঁৰ কবৰ আছে বুলি বিশ্বাস কৰি মুছলমানসকলে তেওঁক দৰ্শন কৰিবলৈ যায়। তেওঁৰ সমাধি স্থলটো হিন্দু-মুছলমানৰমানৰ মিলন ভূমি। গোটেই বছৰজুৰি দিখৌ মুখৰ ঘাটেদি তেওঁৰ দৰগাহলৈ অসংখ্য লোকৰ সমাগম হয়।