চন্দ্ৰপ্ৰসাদ শইকীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:অসম উপত্যকা সাহিত্য বঁটা বিজয়ী যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
17 নং শাৰী:
গল্পকাৰ আৰু ঔপন্যাসিক ৰূপে পৰিচিত '''চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া''' (১৯২৭-২০০৬) [[অসমীয়া]] সাহিত্য জগতৰ এটি চিৰনমস্য নাম । ছাত্ৰাৱস্থাতে তেখেতে [[ভাৰতৰ স্বাধীনতা সংগ্ৰাম]]ত যোগ দি কাৰাৰূদ্ধ হৈছিল । কলিকতা বিশ্ববিদ্যালয়ৰ [[ইংৰাজী]] বিষয়ত এম.এ. শ‍ইকীয়াই সাংবাদিকতাক বৃত্তি হিছাপে গ্ৰহণ কৰি কৰ্মজীৱনৰ পাতনি মেলে । এখন অসমীয়া তিনিদিনীয়া আৰু এখন দৈনিক কাকতৰ প্ৰতিষ্ঠাপক-সম্পাদক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াই অসম প্ৰকাশন পৰিষদৰ সচিব হিছাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰে । "[[মহাৰথী]]" উপন্যাসৰ বাবে তেখেতে [[সাহিত্য অকাডেমি বঁটা]]<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=নৱেম্বৰ ১৬, ২০১২}}</ref> লাভ কৰে আৰু ২০০২ চনত [[অসম উপত্যকা সাহিত্য বঁটা]]ও লাভ কৰে। অসমীয়া সাহিত্যৰ ধাৰাবাহিক প্ৰবাহ ৰক্ষা কৰি চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াই "অসমীয়া", "প্ৰকাশ" আৰু "[[গৰীয়ষী]]" কাকতৰ সম্পাদনাৰে মৃত্যু পৰ্যন্ত বিশেষ ভূমিকা পালন কৰি যায় । তেখেতে ১৯৯৯ আৰু ২০০০ চনত [[অসম সাহিত্য সভা]]ৰ সভাপতিৰ পদো অলংকৃত কৰিছিল<ref>[http://www.asamsahityasabha.com/index.php?option=com_content&view=article&id=46&Itemid=56 ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা] [[অসম সাহিত্য সভা]]ৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।</ref>।
 
==সময়ৰেখা==
# ১৯২৭ — শিৱসাগৰৰ আমগুৰিৰ জালুকগাঁৱত ৮ জুলাইত জন্ম ৷ পিতৃ — দুৰ্লভ চন্দ্ৰ শইকীয়া ৷ মাতৃ — দুৰ্গেশ্বৰী শইকীয়া ৷
# ১৯৩০ — পিতৃৰ আকস্মিক বিয়োগ ৷
# ১৯৩৩ — প্ৰাথমিক শিক্ষা আৰম্ভ, ভূঞাহাত প্ৰাথমিক বিদ্যালয়, আমগুৰি শিৱসাগৰ ৷
# ১৯৩৮ — আমগুৰি এম. ই. বিদ্যালয়ত নামভৰ্তি ৷
# ১৯৪১ — জাঁজী হাইস্কুলত নামভৰ্তি ৷
# ১৯৪২ — ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ ৷
# ১৯৪৩ — স্বাধীনতা আন্দোলনত অংশ ৷ গ্ৰেপ্তাৰ, চাৰিমাহ কাৰাবাস ৷
# ১৯৪৪ — পুনৰ গ্ৰেপ্তাৰ ৷ ন-মাহ কাৰাদণ্ড ৷
# ১৯৪৫ — প্ৰাইভেট পৰীক্ষাৰ্থীৰূপে মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যাৱয়ৰ পৰা ৷ কটন কলেজত আই. এ.ত নাম ভৰ্তি ৷
# ১৯৪৭ — আই. এ. পৰীক্ষাত উত্তীৰ্ণ, কটনৰ স্নাতক মহলাত নামভৰ্তি ৷
# ১৯৫০ — ইংৰাজীত অনাৰ্চসহ বি.এ. পৰীক্ষাত উত্তীৰ্ণ আৰু আমগুৰি হাইস্কুলত কম সময়ৰ বাবে শিক্ষকতা ৷
# ১৯৫১ — কলকাতা বিশ্ববিদ্যালয়ত এম. এ.ত নামভৰ্তি ৷
# ১৯৫৪ — ইংৰাজী বিষয়ত এম. এ. উত্তীৰ্ণ আৰু গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন ৷
# ১৯৫৬ — দ্য আচাম ট্ৰিবিউনত উপ সম্পাদক ৰূপে যোগদান ৷
# ১৯৫৬, ১০ মাৰ্চ — প্ৰভা দাসৰ সতে বিবাহ ৷
# ১৯৫৯ — শান্তনুৰ (পুত্ৰ) জন্ম ৷
# ১৯৬৩ — দ্য আচাম ট্ৰিবিউন ত্যাগ আৰু অসম বাতৰিত যোগদান ৷ প্ৰথমা কন্যা মৈত্ৰেয়ীৰ জন্ম ৷
# ১৯৬৪ — চুটি গল্প সংকলন ‘মায়ামৃগ’ প্ৰকাশ ৷
# ১৯৬৫ — ভাৰতীয় প্ৰতিনিধিৰূপে আমেৰিকাৰ ‘ইণ্টাৰনেশ্যনেল জাৰ্ণেলিষ্ট গ্ৰুপ’ত যোগদান ; ছমাহৰ বাবে আমেৰিকা চৰকাৰৰ নিমন্ত্ৰণ ৷
# ১৯৬৬ — সম্পাদক ৰূপে ‘মণিদ্বীপ’ (মাহেকীয়া সাহিত্য আলোচনী)ত যোগদান ৷
# ১৯৬৭ — অসম বাতৰি ত্যাগ আৰু অসম প্ৰকাশন পৰিষদৰ সচিবৰ দায়িত্ব গ্ৰহণ ষ
# ১৯৬৮ — মাহেকীয়া সাহিত্য আলোচনী ‘অসমীয়া’ৰ সম্পাদক ৷
# ১৯৬৯ — উপন্যাস ‘এদিন’ প্ৰকাশ ৷
# ১৯৭১ — দ্বিতীয়া কন্যা জীনাৰ জন্ম ৷
# ১৯৭২ — উত্তৰকাল উপন্যাস প্ৰকাশ ৷
# ১৯৭৪ — নাচপতিফুল (চুটি গল্প সংকলন) প্ৰকাশ ৷
# ১৯৭৫ — অসমীয়া আলোচনী ‘প্ৰকাশ’ৰ সম্পাদক ৷
# ১৯৭৬ — উপন্যাস ‘জন্মান্তৰ’ প্ৰকাশ ৷ মাতৃৰ বিয়োগ ৷
# ১৯৮৩ — জাৰ্মানীৰ বিখ্যাত ‘ফ্ৰাংকফুৰ্ট’ গ্ৰন্থমেলাত অংশগ্ৰহণ ৷
# ১৯৮৪ — গুৱাহাটীৰ জজ ফিল্ডত প্ৰথমখন গুৱাহাটী গ্ৰন্থমেলাৰ আয়োজন ৷
# ১৯৮৬ — অসম প্ৰকাশন পৰিষদৰ সচিব পদ ত্যাগ ৷
# ১৯৮৭ — চুটি গল্পৰ সংকলন ‘চক্ৰৱত’ প্ৰকাশ ৷
# ১৯৮৮ — দৈনিক কাকত ‘নতুন দৈনিক’ৰ সম্পাদক ৷
# ১৯৮৯ — চুটি গল্পৰ সংকলন ‘অংগীকাৰ’ প্ৰকাশ ৷
# ১৯৯১ — ‘মহাৰথী’ আৰু ‘তোৰে মোৰে আলোকৰে যাত্ৰা’ৰ প্ৰথম খণ্ড প্ৰকাশ ৷
# ১৯৯৩ — নতুন দৈনিকৰ সম্পাদক পদ ত্যাগ আৰু মাহেকীয়া সাহিত্য আলোচনী ‘গৰিয়সী’ৰ সম্পাদক পদ গ্ৰহণ ৷ ‘মহাৰথী’ৰ দ্বিতীয় খণ্ড প্ৰকাশ ৷
# ১৯৯৫ — ‘মহাৰথী’ৰ বাবে সাহিত্য একাডেমী বঁটা ৷ সম্পাদকীয় সংকলন ‘দৃষ্টিকোণ’ আৰু ‘নিৰ্বাচিত সম্পাদকীয়’ প্ৰকাশ ৷
# ১৯৯৬-৯৮ — গৰিয়সীৰ বাবে ‘কথা’ বঁটা লাভ ৷
# ১৯৯৮ — ‘অসম বাণী’ৰ সম্পাদক ৷ অসম সাহিত্য সভাৰ ৬৫ সংখ্যক হাজো অধিৱেশনৰ সভাপতি ৷ ‘ অসমৰ বাতৰি কাকত-আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস’ সম্পাদনা ৷
# ১৯৯৯ — ‘তোৰে মোৰে আলোকৰে যাত্ৰা’ৰ ২য় খণ্ড প্ৰকাশ ৷
# ২০০৬ — অন্তিম শয়ন ৷
 
==তথ্য সংগ্ৰহ==