আজান পীৰৰ দৰগাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{split|আজান পীৰৰ দৰগাহ|আজান পীৰ|date=July 2014}}
 
অসমৰ হিন্দু-মুছলমানৰ চিৰ যুগমীয়া সম্প্ৰীতিৰ প্ৰতীক তথা [[জিকিৰ]]ৰ জন্মদাতা আজানপীৰৰ দৰগাহ। এই দৰগাহ অৱস্থিত হৈ আছে [[শিৱসাগৰ]] নগৰৰ পৰা প্ৰায় ১৯-২০ কিঃমিঃ নিলগত। দিখৌ আৰু [[ব্ৰহ্মপুত্ৰ]]ৰ সংগমস্থলৰ ওচৰতে [[শৰাগুৰি চাপৰি]]ত। দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ নৈয়ে তিনিওফালে বেঢ়ি আছে। উল্লেখ্য যে আহোম ৰজাই সজাই দিয়া মঠৰ চিন এই দৰগাহত এতিয়াও দেখিবলৈ পোৱা যায়। বাহিৰত এটা গড় আৰু গড়টোৰ ভিতৰত আৰু এটা সৰু গড় আছে। এই গড়টোৰ সোঁমাজতে এটা [[মছজিদ]] আৰু ওচৰতে এটা কবৰ আৰু এটা পুখুৰী আছে। মছজিদৰপৰা অলপ আঁতৰত এটা ওখ আৰু আহল-বহল কবৰ আছে। এই কবৰটোকে আজান পীৰৰ কবৰ বুলি জনশ্ৰুতি আছে। পিছলৈ কবৰটো পুনৰ নিৰ্মাণ কৰা হয়। মঠটোৰ ভিতৰত এজোপা [[শৰা গছ]] আছে। জনশ্ৰুতি মতে, এই গছজোপাৰ তলতে আজান পীৰ চাহাবে সঙ্গীসকলৰ লগত একেলগে জিকিৰ গাইছিল, জিকিৰ ৰচিছিল আৰু চৰ্চা কৰিছিল। পিছলৈ এইজোপা শৰা গছৰপৰাই এই ঠাইখিনৰ নাম হ’লগৈ শৰাগুৰি চাপৰি।
 
==ইতিহাস==
 
[[আজানপীৰ]]ৰ প্ৰকৃত নাম আছিল চৈয়দ মইনুদ্দিন। বাগদাদৰ এটি চৈয়দ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। আজানপীৰ চাহাবক ছাহ মীৰাণ বা মীৰাণ ছাহ নামেৰেও জনা যায়। ডেকা বয়সতে আনুমাণিক ২৫-২৬ বছৰ বয়সতে ছাহ মীৰাণে ভায়েক নবীৰ সৈতে [[বাগদাদ]]ৰপৰা পূৱমুৱা যাত্ৰাৰে [[ইৰাক]], [[আফগানিস্তান]] পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল। তাতে মইনুদ্দিন চিস্তীৰ দৰগাহত কিছুদিন কটাই গৌড়দেশেদি আহি অসম পায়হি। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৰ্থাৎ, [[হাজো]]ত হজৰত গিয়াছুদ্দিন আউলিয়াৰ দৰগাহত কিছুদিন কটাই উজনি অসমলৈ ৰাওনা হয় আৰু চূণপোৰাত থাকিবলৈ লয়। অৱশ্যে আজানপীৰ চাহাব অসমলৈ কেতিয়া আহিছিল তাৰ কোনো নিশ্চিত তথ্য নাই যদিও ১৬২৫ চনৰপৰা ১৬৩৪-৩৫ চনৰ ভিতৰত তেওঁলোক আহি অসমত সোমাইছিল বুলি চৈয়দ আব্দুল মালিকৰ ‘‘আজান ফকীৰ আৰু সুৰীয়া জিকিৰ’’ নামৰ গ্ৰন্থত উল্লেখ কৰিছে।