আজান পীৰৰ দৰগাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
শ্ৰেণী:শিৱসাগৰ জিলা যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
9 নং শাৰী:
অসমলৈ আহি পীৰ চাহাবে অসমীয়াৰ সৈতে মিলি অসমীয়া কবলৈ শিকিলে। অসমৰ জাতি জন-জনগোষ্ঠীৰ লগত এক হৈ ওজাপালি, দেহবিচাৰৰ গীতৰ লগতে অন্যান্য গীতসমূহো ভালদৰে অধ্যয়ন কৰিলে। অসমীয়া ভাষা শিকি অসমীয়া, পাৰ্চী, উৰ্দু আদিৰে ভাষাৰ সংমিশ্ৰণেৰে প্ৰায় দহ কুৰিৰো জিকিৰ ৰচনা কৰিছিল। যিবোৰৰ যোগেদি অসমীয়া মুছলমানসকলৰ অন্তৰত ধৰ্মীয় চেতনা যোগাই তুলিছিল। তদুপৰি অসমীয়াৰ লগতে তেওঁ জনা ফাৰ্চী, আৰবী আৰু ভাৰতত আহি শিকা উৰ্দু ভাষাৰ শব্দ মিহলাই অসমত ঠন ধৰি উঠা সেই সময়ৰ বৈষ্ণৱ ধৰ্মৰ বৰগীত, নাম-প্ৰসংগ আদি ভাবধাৰাৰ সংমিশ্ৰণেৰে জিকিৰ ৰচনা কৰি অসমীয়া সাহিত্যলৈ বহুমূলীয়া অৱদান আগবঢ়াই গ’ল।
প্ৰথম অৱস্থাত এই জিকিৰবোৰ উজনি অসমৰ মুছলমানসকলৰ মাজতে আবদ্ধ আছিল যদিও বৰ্তমান এই গীতবোৰক সাৰ্বজনীন আবেদনপূৰ্ণ অসমীয়া লোকগীতৰ মৰ্যদা দিয়া হৈছে। আজান পীৰ চাহাবে অসমত ধৰ্ম প্ৰচাৰ কৰা সময়ত আহোম স্বৰ্গদেউ আছিল স্বৰ্গদেউ [[প্ৰতাপ সিংহ]]। তেওঁ চূণপোৰাত থকা সময়ত ৰংপুৰৰ এজনী ছোৱালী বিয়া কৰাই। এৱেঁই অসমত পোন প্ৰথমে [[ইছলাম ধৰ্ম]] প্ৰচাৰ কৰিছিল। চূণপোৰাত থকা কালতে এজন মুছলমান ৰাজবিষয়াই আহোম ৰজাজনক তেওঁৰ বিষয়ে লগাইছিল। কিন্তু ৰজাই তেওঁক প্ৰকৃত সাধক বুলি জানিব পাৰি দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ সংগম স্থলত শৰাগছৰ এজোপাৰ ১০০ বিঘা মাটি দি এটা গড় বন্ধাই দিছিল। ইয়াতে পীৰ চাহাবে আশ্ৰম পাতে। হজৰত পীৰ চাহাবৰ মৃত্যু কেতিয়া হ’ল সেই বিষয়ে নিশ্চিত কৰিব পৰা নাযায়। শৰাগুৰি চাপৰিৰ কাষত তেওঁৰ কবৰ আছে বুলি বিশ্বাস কৰি মুছলমানসকলে তেওঁক দৰ্শন কৰিবলৈ যায়। তেওঁৰ সমাধি স্থলটো হিন্দু-মুছলমানৰমানৰ মিলন ভূমি। গোটেই বছৰজুৰি দিখৌ মুখৰ ঘাটেদি তেওঁৰ দৰগাহলৈ অসংখ্য লোকৰ সমাগম হয়।
 
[[শ্ৰেণী:শিৱসাগৰ জিলা]]