চীন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{পোখালি}}
 
'''চীন''' (সৰল চীন ভাষাত:中国) পূব এছিয়াৰ এখন ৰাষ্ট্ৰ। ১৩০ কোটি জনসংখ্যাৰ অধিকাৰী চীন পৃথিবীৰ সবাতোকৈ জনবহুল<ref>https://en.wikipedia.org/wiki/List_of_countries_by_population এই পৃ্ষ্ঠাত চীনক ১ম স্থানত দেখুৱা হৈছে। </ref> আৰু আয়তনৰ দিশৰ পৰা এছিয়াৰ সৰ্ববৃহৎ ৰাষ্ট্ৰ। ইয়াৰ আয়তন প্ৰায় মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সমান। পৃথিৱীৰ ৩য় বৃহত্তম ৰাষ্ট্ৰ<ref>https://en.wikipedia.org/wiki/List_of_countries_by_area</ref> চীনৰ উত্তৰে আছে [[মঙ্গোলিয়া]]; উত্তৰ পূবে [[ৰাছিয়া]] আৰু উত্তৰে [[কোৰিয়া]]; পূবে চীন সাগৰ; দক্ষিণে [[ভিয়েটনাম]], [[লাওছ]], [[ম্যানমাৰ]], [[ভাৰত]], [[ভূটান]], [[নেপাল]]; দক্ষিণ পশ্চিম দিশে [[পাকিস্তান]]; পশ্চিমে [[আফগানিস্তান]], [[তাজিকিস্তান]], [[কিৰ্গিজিস্তান]] আৰু [[কাজাকিস্তান]]। এই ১৪খন দেশৰ উপৰিও চীনৰ পূবত পীত সাগৰৰ ওচৰত [[দক্ষিণ কোৰিয়া]] আৰু [[জাপান]] আছে; দক্ষিণ চীন সাগৰৰ বিপৰীত দিশত আছে [[ফিলিপাইন]]। চীনাসকলে তেওঁলোকৰ দেশক চুংকুও নামেৰে মাতে, যাৰ অৰ্থ "মধ্যদেশ" বা "মধ্যৱৰ্তী ৰাজ্য"। "চীন" নামটো বিদেশীসকলে দিয়া; এইটো সম্ভৱত খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ চীন ৰাজবংশৰ নামৰ বিকৃত ৰূপ। চীনৰ স্বীকৃত নামটো হ'ল 'পিপুলচ্‌ ৰিপাব্লিক অৱ চাইনা' (People's Republic of China)।
 
চীনত বিশ্বৰ জনসংখ্যাৰ এক-পঞ্চমাংশ লোকে বাস কৰে। সেইসকলৰ ৯০% ৰো অধিক হ’ল চৈনিক হান জাতিৰ লোক। হান জাতি বাদেও চীনত আৰু ৫৫টা সংখ্যালঘু জাতিয়ে বাস কৰে। তাৰ মাজত আছে তিব্বতি, মঙ্গোল, উইঘুৰ, ছুয়াং, মিয়াও আদি অনেক সৰু সৰু জাতি। হান জাতিৰ লোকসকলৰ মাজত অঞ্চলভেদে ভাষাগত পাৰ্থক্য দেখা যায়। যদিও শিক্ষাব্যৱস্থা্ত আৰু গণমাধ্যমত পুতোংহুয়া নামেৰ এটা সাধাৰণ ভাষা ব্যৱহাৰ কৰা হয়, আঞ্চলিক কথিত ভাষাসমূহৰ বেছিভাগেই পৰস্পৰৰ বোধগম্য নহয়। তেনেক্ষেত্ৰত চিত্ৰলিপিভিত্তিক লিখন পদ্ধতি ব্যৱহাৰ কৰি লিখা চীনা উপভাষাই একক ভাবে লেখা দেখা যায়; ফল ক্ৰমে সমূহ চীনত যোগাযোগ সহজ হৈছে।
 
চীন হৈছে পৃথিৱীৰ ২য় বৃহৎ অৰ্থনীতি (১মত [[আমেৰিকা যুক্তৰাষ্ট্ৰ]])। চীন বিশ্বৰ আটাইতকৈ জনবহুল [[দেশ]]। চীন এখন 'চিংগ্ল্ পাৰ্টী ষ্টেট, অৰ্থাৎ চীনত মাত্ৰ এটা পাৰ্টীৰ ৰাজত্ব, সেই পাৰ্টীটো হ'ল- 'কমিউনিষ্ট পাৰ্টী অৱ চাইনা'।<ref>"Constitution of the People's Republic of China". People's Daily. Retrieved 14 July 2009.</ref>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/চীন"ৰ পৰা অনা হৈছে