২৭ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: '''২৭ আগষ্ট''' দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২৪০...
(কোনো পাৰ্থক্য নাই)

07:49, 28 August 2014ৰ সংস্কৰণ

২৭ আগষ্ট দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২৪০ তম (অধিবৰ্ষত ২৪১ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৬ টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম

  1. ১৯০৮ চনৰ আজিৰ দিনটোতে ক্ৰিকেট খেলুৱৈ ছাৰ ডন ব্ৰেডমেনৰ জন্ম হয় ।

মৃত্যু

  1. ১৯৬৫ চনৰ আজিৰ দিনটোতেই ফ্ৰান্সৰ এগৰাকী খ্যাতনামা স্থপতিবিদ, শিল্পী আৰু লেখক লী ক'ৰবাজিয়েৰ মৃত্যু হয়।
  2. ১৯৭৯ আজিৰ দিনটোতে লৰ্ড মাউণ্টবেটেনৰ মৃত্যু হয়।

অনান্য

  1. ১৬০৪ চনৰ আজিৰ দিনটোতে শিখ গুৰু অৰ্জুনদেৱৰ উদ্যোগত ‘গ্ৰন্থ চাহেব’ সংকলন আৰু সংগৃহীত হয় । সেই বছৰৰে সেই দিনটোত অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ইয়াক সংৰক্ষণ কৰা হয় ।
  2. ১৮৫৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ পেনছিলভেনিয়াত খাৰুৱা তেলৰ সন্ধান পোৱা হয় ।
  3. ১৮৮৩ চনৰ আজিৰ দিনটোতে ক্ৰাকাষ্ট’ৱাত সৰ্ববৃহৎ আগ্নেয়গিৰিটো উদ্গীৰণ হৈছিল ৷
  4. ১৯৩৯ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ ডন অহাইনে নিৰ্মাণ কৰা জেট ইঞ্জিনেৰে সজ্জিত উৰাজাহাজ পৰীক্ষামূলক উৰণ সম্পন্ন হয় ।
  5. ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ বৃহত্তম সংবাদ সংস্থা প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়া, সংক্ষেপে পি. টি. আই. গঠন হয়।
  6. ২০০৩ চনৰ আজিৰ দিনটোতে প্ৰায় ৬০ হাজাৰ বছৰৰ অন্তত মংগল গ্ৰহ পৃথিৱীৰ নিকটতম স্থানত অৱস্থিত হয়।

বাহ্যিক সংযোগ