২৮ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: '''২৮ আগষ্ট''' দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২৪১...
(কোনো পাৰ্থক্য নাই)

07:57, 28 August 2014ৰ সংস্কৰণ

২৮ আগষ্ট দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২৪১ তম (অধিবৰ্ষত ২৪২ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৫ টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম

  1. ১৭৪৯ চনৰ আদিৰ দিনটোতে জাৰ্মান সাহিত্যিক যোহান উলফেগং ভন গ্যেটৰ জন্ম হয় ।
  2. ১৯৯৯ চনৰ আজিৰ দিনটোতেই অসমৰ এজন নৃত্যশিল্পী জিতুমণি কলিতাৰ জন্ম হয়। জি. টিভি. (Zee TV)ৰ ৰিয়েলিটী শ্ব’ ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰছ, (Dance India Dance Li'l Masters) ২০১০ বৰ্ষৰ চূড়ান্ত বিজয়ী আছিল।

অনান্য

  1. ১৭৮৯ চনৰ আজিৰ দিনটোতে উইলিয়াম হাছেলৰ দ্বাৰা শনিৰ গ্ৰহৰ ষষ্ঠটো উপগ্ৰহ এনেচলাডুছ আৱিষ্কাৰ হয়।
  2. ১৮৩৩ চনৰ আজিৰ দিনটোতে আমেৰিকাত দাস প্ৰথা বিলুপ্তি আইন গৃহীত হয় ৷
  3. ১৯৯০ চনৰ আজিৰ দিনটোতে কুৱেইটক ইৰাকৰ ১৯তম প্ৰদেশ ৰূপে ঘোষণা কৰা হয়।
  4. ১৯০৪ চনৰ আজিৰ দিনটোতে কলকাতা আৰু বেৰেকপুৰৰ মাজত ভাৰতৰ প্ৰথম কাৰ ৰেলী অনুষ্ঠিত হয়।
  5. ১৯১১ চনৰ আজিৰ দিনটোতে এলমাৰ এ স্পেৰিৰদ্বাৰা ‘জাইৰ’ কম্পাছ নিৰ্মাণ হয় ৷
  6. ১৯৭২ চনৰ আজিৰ দিনটোতে ভাৰতৰ সাধাৰণ বীমা ৰাষ্ট্ৰীয়কৰণ কৰা হয় ৷
  7. ২০০২ চনৰ আজিৰ দিনটোতে অসমৰ ৰাজ্যপাল ৰূপে দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যপাল এ. কে. সিনহাক মনোনীত কৰা হয় ।
  8. ২০০২ চনৰ আজিৰ দিনটোতে দেশৰ ভিতৰতে প্ৰথমটো বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ অসমৰ কাজিৰঙাত স্থাপন কৰা হয় ।

বাহ্যিক সংযোগ