স্বামী নিগমানন্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ fixing dead links |
|||
148 নং শাৰী:
সাৰস্বত মঠ যোৰহাটৰ ছয় মাইলৰ মাজত এক অপৰূপ তৃণভূমিৰ কোলাত আশ্ৰিত আছিল। মঠৰ এপাশে আছিল এখন উপজাতীয় গাঁও আৰু ইয়াৰ তিনি দিশে গভীৰ বনে আগুৰা আছিল। মৰিয়ানি-যোৰহাট ৰেলপথ উপজাতীয় গাঁওখনৰ মাজেৰে কোকিলামুখ পৰ্যন্ত গৈছে। [[হিমালয়]] পৰ্বতমালা এই ঠাইৰ উত্তৰে, উদয়গিৰি পূৰ্বে আৰু ''নগা'' পৰ্বত দক্ষিণলৈ অৱস্থিত। আশ্ৰমৰ দৃশ্যই প্ৰাচীনকালৰ আশ্ৰমৰ দৃশ্যলৈ মনত পেলাই দিয়ে। পাশ্বৱৰ্তী জঙ্গল আৰু ঠাইখনৰ নিৰ্জনতা ধ্যানৰ অত্যন্ত অনুকূল আছিল। ধৰ্মগ্ৰন্থ পাঠ আৰু ধ্যানৰ সৈতে জীৱ-জন্তু পশুগণ চৰোৱা, ঘাঁহ খুওৱা আৰু এইবোৰৰ বাবে শুকান খাদ্য সংগ্ৰহ আছিল আশ্ৰমৰ ব্ৰহ্মচাৰীসকলৰ উপৰত অৰ্পিত কাম। স্বামী নিগমানন্দৰ দ্বাৰা সম্পাদিত "সাৰস্বত গ্ৰন্থাবলী"ৰ কাম এই মঠৰ প্ৰেচত প্ৰকাশিত হৈছিল। ''আৰ্য দৰ্পণ'' নামেৰে ধৰ্মীয় মাহেকীয়া আলোচনী এখনো মুদ্ৰিত হোৱা অব্যাহত আছিল। ইয়াৰ বাদেও প্ৰতিষ্ঠানটোকে স্বয়ংসম্পূৰ্ণ কৰাত আশ্ৰমতে মুদ্ৰণ, আৰু অন্যান্য শিল্প যেনে কাঠৰ কাম, কমাৰৰ কাম আৰু হস্তচালিত তাঁত বোৱাৰ ব্যাৱস্থা কৰা হৈছিল। দাতব্য ঔষধালয়টো মঠৰ এটা গুৰুত্বপূৰ্ণ বিভাগত পৰিণত হৈছিল য’ত দুখীয়া ৰোগীসকলক ঔষধসহ চিকিৎসা সেৱা দিয়া হৈছিল। ছাত্ৰসকলৰ [[যোগ_(হিন্দুধৰ্ম)|যোগ]] শিক্ষা দিয়াৰ বাবে ঋষি বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে।<ref>[http://books.google.com/books?id=6eVWAAAAMAAJ&q=rishi Religious movements in modern Bengal] Author-Benoy Gopal Ray, Visva-Bharati, 1965, ''Rishi Vidyalaya have been founded to train up students....'' Page -102</ref><ref>[http://www.halisahar.org/heritage.php Assam Bangiya Saraswat Math] and Cemetery of Swami Nigamananda</ref><ref name="banglapedia.org">[http://www.banglapedia.org/httpdocs/HT/N_0174.HTM Swami Nigamananda] Collection,''Bangala Pedia''</ref><ref name="ReferenceB">Shree Shree Thakur Nigamananda-Oriya Jeevani,CHAPTER-"SARASWATA MATHA" Writer: Durgacharan Mohanty, Banmali Das, Nilanchala Saraswata Sangha, Puri</ref>
স্বামী নিগমানন্দই মহান [[শঙ্কৰাচাৰ্য|শঙ্কৰাচাৰ্যৰ]] আদেশত "সৰস্বতী"ৰ ঐতিহ্যত তেখেতৰ দহ জন ধৰ্মপ্ৰাণ শিষ্যক [[সন্ন্যাস|সন্ন্যাসত]] দীক্ষা দিয়ে, যিসকলৰ মাজত কনিষ্ঠতম আছিল "স্বামী নিৰ্বাণানন্দ সৰস্বতী" (এজন বিদ্বান, পণ্ডিত, দাৰ্শনিক আৰু লেখক যি পাছত অনিৰ্বাণ হিচাপে বিখ্যাত হয়) আৰু "স্বামী প্ৰজনানন্দ সৰস্বতী"। স্বামী প্ৰজনানন্দক সাৰস্বত মঠ আৰু আশ্ৰম প্ৰতিষ্ঠানসমূহৰ ট্ৰাষ্টি আৰু মোহন্ত হিচাপে শপত পাঠ কৰায় <ref>[http://web.archive.org/web/20140620175953/http://www.cincinnatitemple.com/articles/EncyHinduism.pdf
===সাৰস্বত মঠৰ ১০০ বছৰ (১৩১৯ - ১৪১৮ বঙ্গাব্দ)===
|