কাৰ্ল মাৰ্ক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
56 নং শাৰী:
ব্রুন’ বয়াৰকে আদি কৰি বার্লিনস্থিত এই পুৰণি বন্ধুসকলক আক্রমণ কৰি মার্ক্সে কিছু দিনৰ পাছত লিখিলে,
 
"আমি কোনো শাস্ত্র আওঁৰাই পৃথিবীৰ বাবে নতুন নিয়ম বান্ধিবলৈ নাযাওঁ। আমি এইবুলি নকওঁ যে চোৱা! আমি এটা নতুন নিয়ম বান্ধিছোঁ, এয়াই সত্য নিয়ম। সকলোৱে ইয়াৰ আগত আঁঠু লোৱা! বৰঞ্চ আমি পৃথিবীৰ বাস্তৱিক নিয়মসমূহৰ পৰাই নতুন নিয়ম গঢ়িব বিচাৰোঁ। আমি জগতখনক এইবুলি কবলৈ নাযাওঁ: তোমালোকৰ সংগ্রাম বন্ধ কৰা, তোমালোক আটাইবোৰ মূর্খ; আমাৰ কথা শুনা, আমি তোমালোকক সংগ্রামৰ নতুন বাণী গঢ়ি দিম! বৰঞ্চ আমি সংগ্রামৰ প্রকৃত লক্ষ্যৰ প্রতিহে আঙুলিয়াই দিওঁ আৰু লগতে কওঁ যে এই লক্ষ্য সম্পর্কে [সংগ্রামী সকলে] যথোচিত চেতনা বিকশিত কৰি লবই লাগিব।" (Marx Engels Collected Works, Vol. iii, পৃষ্ঠা ১৪৪)।
 
শ্রমিক শ্রেণীৰ সংগ্রাম সম্পর্কীয় মার্ক্সৰ প্রাৰম্ভিক চিন্তা-ভাৱনাৰ এইখিনিতেই উমান পোৱা যায়। লগতেই উমান পোৱা যায় তত্ত্ববিদকসকলৰ সামাজিক ভূমিকা সম্পর্কীয় তেওঁৰ চিন্তাৰাজিৰো। মার্ক্সৰ মতে শ্রমিকক নীতি-নিয়ম শিকোৱাটো তাত্ত্বিকৰ কাম নহয়, বৰঞ্চ শ্রমিকসকলৰ সংগ্রামৰ প্রকৃত উদ্দেশ্যনো কি তথা কেনেকৈনো তেওঁলোকে এই উদ্দেশ্যত উপনীত হব পাৰিব এই সম্পর্কে বিশ্লেষণ কৰি আঙুলিয়াই দিয়াটোৱেই হৈছে তেওঁলোকৰ কর্তব্য।
68 নং শাৰী:
এই জার্মান তথা ফৰাচী কমিউনিষ্ট সংগঠনসমূহৰ যোগেদিয়েই পোন প্রথমবাৰৰ বাবে মার্ক্সে সংগঠিত শ্রমিক আন্দোলনৰ সৈতে সংস্পর্শ লাভ কৰিলে। মার্ক্সৰ মন-হৃদয়ত ইয়াৰ ফলাফল আছিল অভূতপূর্ব। ১৮৪৪ চনৰ আগষ্ট মাহত ফয়াৰবাখলৈ লিখা এখনি চিঠিত তেওঁ এইদৰে মনৰ ভাৱ প্রকাশ কৰিলে,
 
"এই ফৰাচী শ্রমিকসকলৰ এনে বিপুল কর্মোদ্যম, এনে অপূর্ব শক্তি, সেয়া নেদেখিলে বিশ্বাস কৰিব নোৱাৰি! আচলতে তথাকথিত সভ্য সমাজৰ পৰা দূৰৈত, এই [তথাকথিত] বর্বৰসকলৰ মাজতেই অনাগত মানব মুক্তিৰ ঐতিহাসিক সোপান লুকাই আছে" (Collected Works, Vol. iii, পৃষ্ঠা ৩৫৫)।
 
শ্রমিকৰ ঐতিহাসিক ভূমিকা সম্পর্কীয় মার্ক্সৰ এই নতুন দৃষ্টিভংগীৰ প্রমাণ পোৱা যায় Deutsch-Französische Jahrbücher কাকতখনৰ ১৮৪৪ৰ মার্চ মাহত প্রকাশিত একমাত্র সংখ্যাটোৰ দুটা লেখনীৰ মাজত। (এফালে প্রুচিয়ান চৰকাৰৰ নিষেধাজ্ঞা, আনফালে ফৰাচী জনগণৰ কুহুমীয়া সহাঁৰি; তাৰ লগতে ভূতৰ লগত দানহ পৰাদি প্রকাশকে ধনৰ যোগান বন্ধ কৰি দিয়াৰ ফলত নিজৰ মাজতে কাজিয়াত মছগুল সম্পাদকদ্বয়ৰ বাবে কাকতখন বন্ধ কৰি দিয়াৰ বাহিৰে আন একো উপায় নাথাকিল!)। ‘On the Jewish Question’ শীর্ষক প্রথম লেখনীটোত ব্রুন’ বয়াৰৰ সমালোচনা কৰি মার্ক্সে লিখিলে: ‘১৭৮৯ৰ ফৰাচী বিপ্লৱ সদৃশ ৰাজনৈতিক বিপ্লৱে মানুহক কেৱল এটাই স্বাধীনতা দিব পাৰে - সেয়া হৈছে বৃহত্তৰ সম্প্রদায়ৰ পৰা আঁতৰি আহি নিজকে আত্মবিস্মৃত কৰি পেলোৱাৰ স্বাধীনতা, নিজৰে ব্যক্তিগত স্বার্থ তথা ফুর্তিত মছগুল হৈ পৰাৰ স্বাধীনতা। তাৰ বিপৰীতে, কেৱল এক সামাজিক বিপ্লৱেহে ব্যক্তিগত মালিকানা তথা ব্যক্তিবাদৰ অৱসান ঘটুৱাই প্রকৃত মানৱ মুক্তি মাতি আনিব পাৰিব’ (Collected Works, Vol. iii, পৃষ্ঠা ১৬৪)।
 
দ্বিতীয়টো লেখনীটোত মার্ক্সে লিখিলেঃ "কেৱল এনে এক সামাজিক বিপ্লৱহে জার্মান সমাজখনত সম্ভৱপৰ হব। কিয়নো বিপ্লৱকালীন ফ্রাঞ্চৰ তুলনাত সমকালীন জার্মান বুর্জোৱা বা মধ্যবিত্ত শ্রেণীটো অতিশয় দুর্বল; ই ৰাজতন্ত্রৰ বিৰুদ্ধে জনগণক বিপ্লৱী নেতৃত্ব প্রদান কৰিবলৈ একেবাৰেই অক্ষম। সেয়েহে ঔদ্যোগিক শ্রমিক শ্রেণী বা প্রলেটাৰিয়েটেই এই ভূমিকা পালন কৰিব লাগিব। শৃংখলত আৱদ্ধ এই [সর্বহাৰা] শ্রেণীটোৱে নিজকে মুক্ত কৰিবলৈ হলে সমাজৰ সকলো পর্যায়ৰ, সকলো বন্দীত্বৰ পৰা নিজকে মুকলি কৰিব লাগিব; অর্থাৎ ই নিজৰ মুক্তিৰ লগতে সমাজৰ আন আন সকলো অংশৰ মুক্তিৰ বতৰা আনিব লাগিব; আন কথাত কবলৈ গলে – সম্পূর্ণ আত্মবিস্মৃত হৈ পৰা মানৱ জাতিৰ মুক্তি সামগ্রিকভাৱে সকলোৰে মানৱীয়তা ঘূৰাই অনাৰ পথেৰেহে সম্ভৱপৰ হব।" (Collected Works, Vol. iii, পৃষ্ঠা ১৮৬)।
 
শৃংখলত আৱদ্ধ এই [সর্বহাৰা] শ্রেণীটোৱে নিজকে মুক্ত কৰিবলৈ হলে সমাজৰ সকলো পর্যায়ৰ, সকলো বন্দীত্বৰ পৰা নিজকে মুকলি কৰিব লাগিব; অর্থাৎ ই নিজৰ মুক্তিৰ লগতে সমাজৰ আন আন সকলো অংশৰ মুক্তিৰ বতৰা আনিব লাগিব; আন কথাত কবলৈ গলে – সম্পূর্ণ আত্মবিস্মৃত হৈ পৰা মানৱ জাতিৰ মুক্তি সামগ্রিকভাৱে সকলোৰে মানৱীয়তা ঘূৰাই অনাৰ পথেৰেহে সম্ভৱপৰ হব। (Collected Works, Vol. iii, পৃষ্ঠা ১৮৬)।
 
এই উদ্ধৃতিটোৰ পৰাই গম পোৱা যায়- এই সময়ছোৱালৈকে এজন বিশুদ্ধ দার্শনিকৰ দৃষ্টিৰেই মার্ক্সে ৰাজনৈতিক প্রশ্নসমূহৰ পর্যালোচনা কৰিছিল। তেওঁ দর্শনবিদ তথা শ্রমিকসকলৰ এক মিত্রতাৰ কথা কল্পনা কৰিছিল য’ত দার্শনিকসকলে নেতৃত্বকাৰী ভূমিকা পালন কৰিব। অর্থাৎ বিপ্লৱী প্রক্রিয়াত শ্রমিকসকলৰ ভূমিকা হব দ্বিতীয় পর্যায়ৰ, এইক্ষেত্রত দার্শনিকসকলহে আগৰণুৱা হব। মার্ক্সৰ ভাষাত ‘এই মুক্তি [সংগ্রাম]ৰ হৃদয় হ’ব শ্রমিকসকল আৰু মগজু হ’ব দার্শনিকসকল’(Collected Works, Vol. iii, পৃষ্ঠা ১৮৩, ১৮৭)। শ্রমিক শ্রেণীৰ বিপুল শক্তিৰ মাজতেই বিপ্লৱৰ সোপান সন্ধান কৰাৰ পৰিবর্তে ‘শ্রমিকৰ দাৰিদ্রতাই তেওঁলোকক বিপ্লৱী পথেৰে লৈ যাব’ – মার্ক্সৰ এই জাতীয় বাক্যাংশসমূহৰ মাজত মাজে সময়ে এলিট(elite)আৰু প্রশ্রয়মূলক (patronizing) দৃষ্টিভংগীৰ গোন্ধ পোৱা যায়।
 
অৱশ্যে অতি সোনকালেই মার্ক্সে এই দুর্বলতা শুদ্ধ কৰি ললে। এই ক্ষেত্রত দুটা কাৰকে ক্রিয়া কৰা দেখা যায়। প্রথমতে, পেৰিছতেই মার্ক্সে পোন প্রথমবাৰৰ বাবে আডাম স্মিথ, ডেভিদ ৰিকার্ডো আদি ধ্রুপদী ৰাজনৈতিক-অর্থনীতিবিদসকলৰ লেখনীবোৰ পঢ়িবলৈ আৰম্ভ কৰিলে। এই অধ্যয়ণসমূহৰ ফচল আছিল আন এখনি পাণ্ডুলিপিঃ The Economic and Philosophic Manuscripts, 1844। মার্ক্সৰ আন আন লেখনীৰ দৰেই এই পাণ্ডুলিপিখনৰো প্রথম প্রকাশন ১৯৩২ চনতহে সম্ভৱপৰ হয়গৈ। এই পাণ্ডুলিপিখনতেই ‘ইতিহাসৰ বস্তুবাদী তত্ত্ব’ (materialist conception of history) সম্পর্কীয় মার্ক্সৰ প্রাৰম্ভিক চিন্তাধাৰাৰ পৰিচয় পোৱা যায়। কিন্তু অধিক গুৰুত্বপূর্ণ ভাৱে, এইখনি ৰছনাতেই মার্ক্সে শ্রমিকৰ বৈপ্লৱিক ভূমিকাৰ কথা স্পষ্টকৈ উল্লেখ কৰিলে। মার্ক্সে লিখিলে যে পুঁজিবাদী উৎপাদন প্রক্রিয়াটোত শ্রমিকসকলৰেই আটাইতকৈ কেন্দ্রীয় ভূমিকা থাকে। সেয়েহে এই ব্যৱস্থাটো ধ্বংস কৰাৰ ক্ষেত্রত শ্রমিকসকলৰেই আটাইতকৈ বেছি ভূমিকা থাকিব। মার্ক্সৰ ভাষাত ‘ব্যক্তিগত"ব্যক্তিগত মালিকানা আৰু শ্রমৰ অহি-নকুল সম্পর্কৰ প্রতি লক্ষ্য কৰিলে দেখা যায় যে ব্যক্তিগত মালিকানা তথা দাসত্বৰ পৰা সামাজিক মুক্তি শ্রমিকসকলৰ ৰাজনৈতিক মুক্তিৰ ৰূপতেই সম্ভৱপৰ হব’।হব"। (Collected Works, Vol. iii, পৃষ্ঠা ২৮০)।
 
শ্রমিক সম্পর্কে মার্ক্সৰ দৃষ্টিভংগী সলনি হোৱাৰ আনটো কাৰণ হৈছে- সেই সময়ৰ জার্মান শ্রমিকসকলৰ চমকদাৰ তথা জংগী শক্তি প্রদর্শন। ইয়েই শ্রমিকসকল যে কোনো নিষ্ক্রিয় সত্তা (passive element )নহয়, সেই কথা মার্ক্সক বুজাই দিলে। ১৮৪৪ চনৰ জুন মাহত চিলেচিয়াৰ বস্ত্র শ্রমিকসকলে মালিকৰ শোষণৰ বিৰুদ্ধে এক তুমুল প্রতিবাদী কার্যসূচী হাতত ললে। বিদ্রোহী শ্রমিকসকলক নিয়ন্ত্রিত কৰিবলৈ আনকি সেনা বাহিনীও মোতায়েন কৰিব লগা হল। আর্নল্ড ৰুজে ছদ্মনামত পেৰিছৰ জার্মান কাকত এখনত বিদ্রোহটো নস্যাৎ কৰি শ্রমিকসকলৰ প্রতি ইতিকিংসূচক এটা প্রবন্ধ লিখিলে। বহুতে প্রবন্ধটো মার্ক্সেই লিখা বুলি ধৰি ললে। এই বিষয়ে গম পাই মার্ক্স তিঙিৰি তুলা হৈ পৰিল। ৰুজৰ প্রবন্ধটো কঠোৰ ভাষাৰে সমালোচনা কৰি মার্ক্সে বিদ্রোহী শ্রমিকসকলৰ সাহস, চেতনা আৰু সাংগঠনিক শক্তিৰ ভূয়সী প্রশংসা কৰিলে। মার্ক্সে ঘোষণা কৰিলে – শ্রমিকসকল ভাবী জার্মান বিপ্লৱৰ নিষ্ক্রিয় অংশ হোৱাৰ পৰিবর্তে, তেওঁলোকেই সমগ্র প্রক্রিয়াটোত আটাইতকৈ ‘গতিশীল উপাদান’ৰ ভূমিকা পালন কৰিব (Collected Works, Vol.iii, পৃষ্ঠা ২০২)। ইয়াৰ লগে লগেই অৱশেষত এজনা বিপ্লৱী কমিউনিষ্টৰ ৰূপত মার্ক্সৰ উদয় হল।
 
==বন্ধুত্ব আৰু বিপ্লৱ==