কাৰ্ল মাৰ্ক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

wikify tag
28 নং শাৰী:
সুখ আৰু সমৃদ্ধিৰে ভৰা এক মধ্যবিত্তীয় পৰিবেশত মার্ক্সৰ শৈশৱ অতিবাহিত হয়। ত্রায়াৰ চহৰতেই তেওঁ পঢ়াশুনা আৰম্ভ কৰে আৰু পৰিয়ালৰ বন্ধু তথা প্রুছিয়ান ৰাষ্ট্রৰ প্রশাসনিক বিষয়া চার্ভেণ্ট বেৰণ লুদৱিগ ভন ৱেষ্টফালেনৰ তত্ত্বাৱধানত তেওঁ ত্রায়াৰ উচ্চ বিদ্যালয়ৰ পৰা ধ্রুপদী শিক্ষা লাভ কৰে। পাছলৈ এই লুদৱিগৰে দুহিতা জেনী ভন ৱেষ্টফালেনক মার্ক্সে বিয়া কৰায়। অৱশ্যে স্কুলীয়া সময়ছোৱাত মার্ক্সে কোনো বিশেষ প্রতিভা প্রদর্শন কৰিবলৈ সক্ষম হোৱা নাছিল। লুদৱিগৰ প্রভাৱতেই মার্ক্সে হোমাৰ তথা শেক্সপীয়েৰৰ ৰছনাৱলী পঢ়িবলৈ ললে।
 
==শিক্ষা আৰু প্রেম==
 
১৮৩৫ চনত উচ্চশিক্ষাৰ বাবে মার্ক্সে বন বিশ্ববিদ্যালয়লৈ গমন কৰিলে। প্রথমতে দেউতাকৰ দৰে এক মধ্যবিত্তীয় কেৰিয়াৰ গঢ়ি তোলাই তেওঁৰ উদ্দেশ্য আছিল। কিন্তু অচিৰেই আন আন ডেকা বন্ধুসকলৰ সংগত পৰি ল’ৰাটিয়ে মদ খাই, ধাৰ কৰি, কাজিয়াত মত্ত হৈ সময় কটাবলৈ ললে! এবাৰ সুৰাত ৰাগীত মাৰপিট কৰি মহাশয়ে আনকি জেলৰ ভাতো খাব লগা হৈছিল! এনে সময়তে গৰমৰ বন্ধত ঘৰলৈ আহোঁতে জেনীৰ সৈতে মার্ক্সৰ দেখাদেখি হয়। ভৱিষ্যতৰ মহান দার্শনিক গৰাকীয়ে এইবাৰ দিন ৰাতি একাকাৰ কৰি দীঘল দীঘল প্রেমৰ কবিতা লিখিবলৈ আৰম্ভ কৰিলে। কাব্য ৰছনাৰ দিশৰ পৰা অতিশয় তৰল (কাৰো কাৰো মতে আবর্জনাসদৃশ!) হোৱা স্বত্তেও সিবিলাকে অৱশ্যে জেনীৰ হৃদয় জিনাৰ ক্ষেত্রত বাৰুকৈয়ে সহায় কৰিলে! সমগ্র চহৰখনতে সুন্দৰী বুলি নাম থকা জেনী মার্ক্সতকৈ চাৰি বছৰে ডাঙৰ হোৱাৰ লগতে সম্ভ্রান্ত ভন ৱেষ্টফালেন পৰিয়ালৰো জীয়ৰী আছিল। দুয়োটা পৰিয়ালৰ পৰাই মার্ক্স-জেনীৰ সম্পর্কটোৰ বিৰুদ্ধে উজৰ আপত্তি আহিবলৈ ধৰিলে। ৱেষ্টফালেন পৰিয়ালৰ কেইবাজনো সদস্য অতিশয় প্রতিক্রিয়াবাদী আছিল; ১৮৫০ৰ দশকত জেনীৰ ককায়েক এজন প্রুছিয়ান মন্ত্রীসভাৰ সদস্য হিচাপেও মনোনীত হৈছিল। আনফালে মার্ক্সৰ দেউতাকৰ মতে তেওঁৰ পুত্রৰ ঘৰ-সংসাৰ চলোৱাৰ ক্ষমতা তেতিয়ালৈকে বিকাশ হোৱাই নাছিল! পৰিয়ালৰ এই আপত্তিৰ বাবেই হয়তো বহু পলমকৈ ১৮৪৩ চনতহে জেনী আৰু মার্ক্সৰ বিবাহ সম্পন্ন হয়।