কাৰ্ল মাৰ্ক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

refimprove tag
23 নং শাৰী:
 
==শৈশৱ==
১৮১৮ চনৰ ৫ মে তাৰিখে জার্মানীৰ ৰাইনলেণ্ড অঞ্চলৰ ত্রায়াৰ চহৰত কার্ল মার্ক্সৰ জন্ম হয়। তেওঁৰ পিতৃ-মাতৃ হেনৰিখ আৰু হেনৰিয়েট মার্ক্স দুয়োজনেই ইহুদী ধর্মযাজক পৰিয়ালৰ বংশধৰ আছিল। কিন্তু ১৮১৭ চনত তেওঁলোকে ইহুদী ধর্ম পৰিত্যাগ কৰি খৃষ্টান ধর্ম গ্রহণ কৰে। সেইসময়ত প্রুছিয়াৰ[[প্রুছিয়া]]ৰ ইহুদী বিৰোধী চৰকাৰী নিয়ম-কানুনসমূহ যথেষ্ঠ কাঢ়া আছিল; আনকি ইহুদীসকলে চৰকাৰী চাকৰি কৰাৰ ক্ষেত্রতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। এই জাতীয় বাধাসমূহৰ পৰা ৰক্ষা পাবলৈকে মার্ক্স দম্পত্তীয়ে ইহুদী ধর্ম পৰিত্যাগ কৰিছিল বুলি জনা যায়। অৱশ্যে প্রতিক্রিয়াশীল প্রুছিয়ান সাম্রাজ্যৰ আন আন অঞ্চলৰ বিপৰীতে ৰাইনলেণ্ড ৰাজনৈতিক তথা অর্থনৈতিকভাৱে যথেষ্ঠ আগবঢ়া আছিল। বিশেষকৈ ফৰাচী বিপ্লৱৰ আমূল পৰিবর্তনকামী চিন্তা-চর্চাই অঞ্চলটো দকৈ ছুই গৈছিল। এনে এক তুলনামূলকভাৱে মুক্ত পৰিবেশতে মার্ক্সৰ শৈশৱ অতিবাহিত হৈছিল।
 
পেছাত এজন সফল আইনজীৱি হেনৰিখ মার্ক্স উদাৰবাদী চিন্তাৰ লোক আছিল। তেওঁৰ নাতিনী অর্থাৎ কার্ল মার্ক্সৰ জীয়ৰী এলেন’ৰৰ ভাষাত ‘মোৰ ককাদেউতা আছিল ১৮ শতিকাৰ এজন প্রকৃত ফৰাচী ভদ্রলোক; ৰুছো আৰু ভল্টেয়ৰ তেওঁৰ কণ্ঠস্থ আছিল’। দেউতাকৰ সৈতে মার্ক্সৰ সম্পর্ক আছিল অতিশয় মধুৰ। মৃত্যু পর্যন্ত দেউতাকৰ ছবি এখন মার্ক্সে সযতনে লগত লৈ ফুৰিছিল।
 
সুখ আৰু সমৃদ্ধিৰে ভৰা এক মধ্যবিত্তীয় পৰিবেশত মার্ক্সৰ শৈশৱ অতিবাহিত হয়। ত্রায়াৰ চহৰতেই তেওঁ পঢ়াশুনা আৰম্ভ কৰে আৰু পৰিয়ালৰ বন্ধু তথা প্রুছিয়ান ৰাষ্ট্রৰ প্রশাসনিক বিষয়া চার্ভেণ্ট বেৰণ লুদৱিগ ভন ৱেষ্টফালেনৰ তত্ত্বাৱধানত তেওঁ ত্রায়াৰ উচ্চ বিদ্যালয়ৰ পৰা ধ্রুপদী শিক্ষা লাভ কৰে। পাছলৈ এই লুদৱিগৰে দুহিতা [[জেনী ভন ৱেষ্টফালেনকৱেষ্টফালেন]]ক মার্ক্সে বিয়া কৰায়। অৱশ্যে স্কুলীয়া সময়ছোৱাত মার্ক্সে কোনো বিশেষ প্রতিভা প্রদর্শন কৰিবলৈ সক্ষম হোৱা নাছিল। লুদৱিগৰ প্রভাৱতেই মার্ক্সে হোমাৰ তথা শেক্সপীয়েৰৰ ৰছনাৱলী পঢ়িবলৈ ললে।
 
==শিক্ষা আৰু প্রেম==