কাৰ্ল মাৰ্ক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
27 নং শাৰী:
পেছাত এজন সফল আইনজীৱি হেনৰিখ মার্ক্স উদাৰবাদী চিন্তাৰ লোক আছিল। তেওঁৰ নাতিনী অর্থাৎ কার্ল মার্ক্সৰ জীয়ৰী এলেন’ৰৰ ভাষাত ‘মোৰ ককাদেউতা আছিল ১৮ শতিকাৰ এজন প্রকৃত ফৰাচী ভদ্রলোক; ৰুছো আৰু ভল্টেয়ৰ তেওঁৰ কণ্ঠস্থ আছিল’। দেউতাকৰ সৈতে মার্ক্সৰ সম্পর্ক আছিল অতিশয় মধুৰ। মৃত্যু পর্যন্ত দেউতাকৰ ছবি এখন মার্ক্সে সযতনে লগত লৈ ফুৰিছিল।
 
সুখ আৰু সমৃদ্ধিৰে ভৰা এক মধ্যবিত্তীয় পৰিবেশত মার্ক্সৰ শৈশৱ অতিবাহিত হয়। ত্রায়াৰ চহৰতেই তেওঁ পঢ়াশুনা আৰম্ভ কৰে আৰু পৰিয়ালৰ বন্ধু তথা প্রুছিয়ান ৰাষ্ট্রৰ প্রশাসনিক বিষয়া চার্ভেণ্ট বেৰণ লুদৱিগ ভন ৱেষ্টফালেনৰ তত্ত্বাৱধানত তেওঁ ত্রায়াৰ উচ্চ বিদ্যালয়ৰ পৰা ধ্রুপদী শিক্ষা লাভ কৰে। পাছলৈ এই লুদৱিগৰে দুহিতা [[জেনী ভন ৱেষ্টফালেন]]ক মার্ক্সে বিয়া কৰায়। অৱশ্যে স্কুলীয়া সময়ছোৱাত মার্ক্সে কোনো বিশেষ প্রতিভা প্রদর্শন কৰিবলৈ সক্ষম হোৱা নাছিল। লুদৱিগৰ প্রভাৱতেই মার্ক্সে হোমাৰ তথা শেক্সপীয়েৰৰ ৰছনাৱলী পঢ়িবলৈ ললে। <ref name="Callinicos 1996">{{cite book | author=Alex Callinicos | title=[[''The Revolutionary Ideas of Karl Marx'' http://aklatangbayan.files.wordpress.com/2013/02/revolutionary-ideas-of-karl-marx-alex-callinicos.pdf]] | year=1996 | publisher=Book Mark | isbn=1-898876-134 | pages = 13–14}}</ref>
 
==শিক্ষা আৰু প্রেম==