৯ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: ==জন্ম== # ১৮২৮ চনৰ আজিৰ দিনটোতে ৰুছ কথা-সাহিত্যিক লিঅ টলষ্টয়...
(কোনো পাৰ্থক্য নাই)

07:31, 9 September 2014ৰ সংস্কৰণ

জন্ম

  1. ১৮২৮ চনৰ আজিৰ দিনটোতে ৰুছ কথা-সাহিত্যিক লিঅ টলষ্টয়ৰ জন্ম হয় ।
  2. আজিৰ দিনটোতে ১৮৫০ চনত আধুনিক হিন্দী সাহিত্যৰ জনক ভৰতেন্দু হৰিশ্চন্দ্ৰৰ জন্ম হয় ।
  3. কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাৰ জন্ম হয় ১৯০৩ চনৰ আজিৰ দিনটোতে।
  4. ভাৰতীয় বিস্ময় বালক পদাৰ্থবিদ তথাগত অৱতাৰ তুলসীৰ জন্ম হৈছিল ১৯৮৭ বৰ্ষৰ আজিৰ দিনটোতে । তেওঁ ৯ বছৰ বয়সত হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি পাটনা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ১০ বছৰ বয়সত বি. এছ. ছি. আৰু ১২ বছৰ বয়সত এম. এছ. ছি. ডিগ্ৰী লাভ কৰে । ২০০৯ চনৰ আগষ্ট মাহত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বাংগালোৰৰ পৰা ২২ বছৰ বয়সতে পদাৰ্থবিজ্ঞানত পি. এইছ. ডি. ডিগ্ৰী অৰ্জন কৰে।

মৃত্যু

  1. ১০৮৭ ইংলেণ্ডৰ সম্ৰাট উইলিয়াম দি কনকুৱেৰৰ মৃত্যু হয় আজিৰ দিনটোতে ।
  2. ১৯৭৬ গণতান্ত্ৰিক চীনৰ প্ৰসিদ্ধ নেতা মাও-ছে-তুঙৰ মৃত্যু হয় আজিৰ দিনটোতে ।
  3. ২০০৪ চনৰ আজিৰ দিনটোতে বিশিষ্ট নাট্যকাৰ মুনীন ভূঞাৰ মৃত্যু হয় ।
  4. অসম সাহিত্য সভাৰ সভাপতি যোগেশ দাসৰ পৰলোপ্ৰাপ্তি ঘটে ১৯৯৯ চনৰ আজিৰ দিনটোতে।
  5. ভাৰ্গিজ কুৰিয়েন এগৰাকী অভিযন্তা আৰু সামাজিক সংগঠক। এখেতক "ভাৰতৰ শ্বেত বিপ্লৱৰ জনক", আৰু "ভাৰতৰ দুগ্ধ মানৱ" হিচাপে জনা যায় । এখেতে সংগঠিত কৰিছিল পৃথিৱীৰ সৰ্ববৃহৎ কৃষি বিকাশ কাৰ্যসূচী "ভাৰতৰ দুগ্ধ বিপ্লৱ"। এখেতৰ মৃত্যু হৈছিল ২০১২ বৰ্ষৰ আজিৰ দিনটোতে ৷
  6. কাশ্মীৰৰ বিশিষ্ট জাতীয়তাবাদী নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী শেখ আব্দুলাৰ মৃত্যু হয় ১৯৮২ চনৰ আজিৰ দিনটোতে ।

অনান্য

  1. ১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ চৰকাৰী ভাষা হিচাপে হিন্দী ভাষাই স্বীকৃতি লাভ কৰে ।
  2. ২০০১ চনৰ আজিৰ দিনটোতে বেইজিঙত মন্দিৰ এটা ভাগি ১৩জন লোকৰ মৃত্যু হয়।
  3. ১৯৭৯ চনৰ আজিৰ দিনটোতে যোগেন্দ্ৰ নাথ ভূঞা অসমৰ মুখ্যমন্ত্ৰী হয় । তেওঁ সেই বছৰৰে ১১ নৱেম্বৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল।