১৪ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: ==জন্ম== # ১৮৪৯ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ জীৱ বিজ্ঞানী আইভান পে...
(কোনো পাৰ্থক্য নাই)

08:08, 15 September 2014ৰ সংস্কৰণ

জন্ম

  1. ১৮৪৯ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ জীৱ বিজ্ঞানী আইভান পেট্ৰোভিচৰ জন্ম হয় । তেখেতে ১৯০৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল ।

মৃত্যু

  1. ১৩২১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইটালীৰ প্ৰসিদ্ধ কবি ডাণ্টে ( সম্পূৰ্ণ নাম ডাণ্টে আলিঘিয়েৰি ) ৰ মৃত্যু হয় ।
  2. আমেৰিকা যুক্টৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি উইলিয়াম মেককিনলিৰ মৃত্যু হৈছিল ১৯০১ চনৰ আজিৰ দিনটোতে ৷
  3. ১৯৭১ চনৰ আজিৰ দিনটোতে জনপ্ৰিয় বাংলা লেখক তাৰাশংকৰ বন্দোপাধ্যায়ৰ মৃত্যু হয় ।
  4. ২০০৪ চনৰ আজিৰ দিনটোতে আৰক্ষী বিষয়া আৰু জনপ্ৰিয় লেখক খবিৰ আহমেদৰ মৃত্যু হয় ।
  5. অসমৰ বৃহত্তম নদীদ্বীপ মাজুলীত নব্বৈৰ দশকত উগ্ৰপন্থীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, আৰু ১৯৯৭ চনত সমাজকৰ্মী সঞ্জয় ঘোষক অপহৰণ কৰি হত্যা কৰিছিল । এই ঘটনাৰ আধাৰত নিৰ্মাণ কৰা ‘‘এখন নেদেখা নদীৰ সিপাৰে’’ অসমীয়া চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল ২০১২ চনৰ আজিৰ দিনটোতে ৷ পৰিচালক আছিল বিদ্যুত কটকী ৷

অনান্য

  1. ১৮৯৭ চনৰ আজিৰ দিনটোতে বাল গংগাধৰ তিলকক ১৮ মাহৰ বাবে কাৰাদণ্ড দিয়া হৈছিল ।
  2. অনুৰাগ বসু লিখিত আৰু পৰিচালিত বৰ্ফি কথাছবিখনে মুক্তি পাইছিল ২০১২ চনৰ আজিৰ দিনটোতে ৷
  3. ১৯৯৪ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে নতুন ঔষধ নীতি গ্ৰহণ কৰে ।
  4. ১৯৩৯ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় আইন সভাৰ পৰামৰ্শ নকৰাকৈ ভাৰতক প্ৰথম মহাসমৰত জড়িত কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ আইন সভা ত্যাগ কৰে ।
  5. চন্দ্ৰ অভিমুখী ৰাছিয়াৰ মহাকাশযান ‘লুনা-২’ চন্দ্ৰৰ সৈতে সংঘৰ্ষ হোৱাত ধ্বংস প্ৰাপ্ত হৈছিল ১৯৫৯ চনৰ আজিৰ দিনটোতে ৷
  6. ১৯৫৯ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ সময়মতে নিশা ১২ বাজি ২ মিনিট ২৪ ছেকেণ্ডত ৰাছিয়াৰ পৰা উৎ ক্ষেপণ কৰা প্ৰথমখন মহাকাশ যান লুনা-৩ চন্দ্ৰত অৱতৰণ কৰে ।
  7. ১৯৯৮ চনৰ আজিৰ দিনটোতে কিৰিবাটি আৰু টোংগা ৰাষ্ট্ৰসংঘৰ সদস্য অন্তৰ্ভুক্ত হয় ।