বৈজ্ঞানিক নামকৰণ পদ্ধতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
দিব্য দত্ত (আলোচনা | বৰঙণি) নতুন পৃষ্ঠা: '''দ্বৈৰাশিক নামাকৰণ'''(দ্বিপদ নামাকৰণ বুলিও কয়) জীৱ বিজ্ঞানত ... |
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী:
'''দ্বৈৰাশিক নামাকৰণ'''(
বৰ্তমান প্ৰচলিত দ্বৈৰাশিক নামাকৰণ, আন্তঃৰাষ্ট্ৰীয় ভাবে গ্ৰহণ কৰা বিভিন্ন নীতিৰ দ্বাৰা নিয়ন্ত্ৰন কৰা হয়, যিবোৰৰ ভিতৰত দুটা অতি গুৰুত্বপূৰ্ণ নীতি হ'ল, “প্ৰাণীবৈজ্ঞানিক নামাকৰণৰ আন্তঃৰাষ্ট্ৰীয় নীতি('''[[:en:International Code of Zoological Nomenclature|ICZN]]''')” প্ৰাণীৰ বাবে, আৰু “শেলাই, ভেঁকুৰ আৰু উদ্ভিদ নামাকৰণৰ আন্তঃৰাষ্ট্ৰীয় নীতি('''[[:en:International Code of Nomenclature for algae, fungi, and plants|ICN]]''')।” যদিও দ্বিপদ নামাকৰণৰ দুয়োটা সংকেটতে সাধাৰণ নীতিসমূহ প্ৰায় একে, তথাপি দুয়োটাই ব্যৱহাৰ কৰা সূত্ৰ আৰু নীতি সমূহৰ মাজত কিছু পাৰ্থক্যও আছে, । আধুনিক ব্যৱহাৰত, নামটোৰ প্ৰথম অংশৰ, গণটোৰ, প্ৰথম বৰ্ণটো সদায় বৰফলাত লিখা হয়, কিন্তু দ্বিতীয় অংশটো যদিও, মানুহৰ নাম বা ঠাইৰ নামৰ দৰে নামবাচক বিশেষ্য পদৰ পৰা অনা হয়, তথাপি তেনেদৰে লিখা নহয়। সেইদৰে, যেতিয়া বৈজ্ঞানিক নামটো সাধাৰন ভাবে লিখা হয়, তেতিয়া নামটোৰ দুয়োটা অংশ হেলনীয়াকৈ লিখা হয়। যেনে, এনোৱেল ফ্লক্স (উদ্ভিদবিদ থমাছ ড্ৰোমণ্ডৰ নামেৰে নামাকৰণ কৰা হৈছে)ৰ বৈজ্ঞানিক নামটো ''[[:en:Phlox drummondii|Phlox drummondii]]'' বুলি লিখা হয়। বৈজ্ঞানিক কামত, অন্ততঃ যেতিয়া নামটো প্ৰথমবাৰৰ বাবে লিখা হয়, তেতিয়া বৈজ্ঞানিক নামটোৰ স্বত্বাধিকাৰীৰ নামটোও সাধাৰণতে লিখা হয়, লগতে প্ৰকাশৰ তাৰিখটোও কেতিয়াবা উল্লেখ কৰা হয়।
|