বৈজ্ঞানিক নামকৰণ পদ্ধতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
8 নং শাৰী:
দ্বৈৰাশিক নামাকৰণ, ইয়াত বৰ্ণনা কৰাৰ দৰে, প্ৰজাতি নামাকৰণৰ এটা পদ্ধতি। প্ৰজাতিটোৰ নামটোৰ প্ৰথম অংশ এটা গণৰ নাম হোৱা বাবে ই গণ নামাকৰণৰ এটা পদ্ধতিকো সাঙুৰি লয়। কিছুমান শ্ৰেণীবিভাজন পদ্ধতিত গণৰ ওপৰৰ স্থান আৰু প্ৰজাতিৰ তলৰ স্থান ওপৰত ভিত্তি কৰিও নামাকৰণ কৰা হয়। এনে পদ্ধতিত গণৰ ওপৰৰ স্থানে (যেনে: [[পৰিয়াল (জীৱবিদ্যা)|পৰিয়াল]], [[বৰ্গ (জীৱবিদ্যা)|বৰ্গ]], [[শ্ৰেণী (জীৱবিদ্যা)|শ্ৰেণী]]) নামটোৰ এটা অংশ পূৰণ কৰে যিটো হেলনীয়াকৈ লিখা নহয়। যেনে, [[ঘৰচিৰিকা]]ৰ বৈজ্ঞানিক নাম [[:en:House sparrow|Passer ''domesticus'']], ই [[:en:Sparrow|Passeridae]] নামৰ পৰিয়ালৰ অন্তৰ্গত। পৰিয়ালৰ নামবোৰ প্ৰায়ে গণৰ নামৰ ওপৰত ভিত্তি কৰি দিয়া হয়।
 
প্ৰজাতিৰ তলৰ স্থানসমুহৰ নামত তিনিটা অংশ থাকে, প্ৰজাতিৰ নামৰ দৰেই হেলনীয়াকৈ লিখা হয়। এই ক্ষেত্ৰত ICZN আৰু ICN মাজত গুৰুত্বপূৰ্ণ পাৰ্থক্য পৰিলক্ষিত হয়। প্ৰাণীবিদ্যাত প্ৰজাতিৰ তলৰ একমাত্ৰ স্থানটো হৈছে উপপ্ৰজাতি আৰু নামটো সাধাৰণভাবে তিনিটা অংশত লিখা হয় ('''ত্ৰিপদ নাম''')। যেনে, [[:en:Tiger|বাঘ]]ৰ এটা উপপ্ৰজাতিৰ বৈজ্ঞানিক নাম ''[[ঢেঁকীয়াপতীয়া বাঘ|Panthera tigris tigris]]''। উদ্ভিদবিদ্যাত প্ৰজাতিৰ তলত কেইবাটাও স্থান থাকে আৰু সিহঁতৰ নামটো তিনিটা অংশতেই লিখা হয় যদিও নিৰ্দিষ্ট স্থানটো দেখুৱাবৰ বাবে এটা "সংযোগী পদ"ৰ (নামটোৰ অংশ নহয়) প্ৰয়োজন হয়। যেনে, [[:en:Cyclamen hederifolium|Ivy-leaved cyclamen]] ৰ বগা ফুল ফুলাবিধ <font color="blue">''Cyclamen hederifolium'' var. ''hederifolium'' forma ''albiflorum''। ইয়াত "var. ''hederifolium'' forma ''albiflorum''" এটা '''সংযোগী পদ'''। উদ্ভিদ জোপা hederifolium নামৰ '''ভ্যেৰাইটি'''ৰ অন্তৰ্গত albiflorum নামৰ এটা '''ফৰ্ম'''।
 
==বাহ্যিক সংযোগ==