এককোষী জীৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
'''এককোষী জীৱ''' হল, সেইবোৰ [[জীৱ]] যিবোৰ জীৱৰ [[দেহ]] মাত্ৰ এটা [[কোষ]]ৰ দ্বাৰা গঠিত হয়।, আনহাতে [[বহুকোষী জীৱ]]বোৰৰ শৰীৰত একাধিক কোষ থাকে। ঐতিহাসিক ভাবে সৰল এককোষী জীৱ বোৰক '''ম'নাড''' বুলিও কয়।<ref>{{citation|url=http://www.biology-online.org/dictionary/Monad|title=Monad|publisher=Biology online|accessdate=2011-06-30}}</ref> [[বেক্টেৰিয়া]], [[আৰ্কিয়া]], [[প্ৰট'জৱা]], এককোষী [[শেলাই]] আৰু এককোষী [[ভেঁকুৰ]] আদি এককোষী জীৱৰ প্ৰধান গোট। এককোষী জীৱবোৰ দুটা ভাগত ভাগ কৰা হয়: [[প্ৰকোষকেন্দ্ৰীক]] জীৱ আৰু [[সংকোষকেন্দ্ৰীক]] জীৱ। এককোষী জাৱবোৰক জীৱনৰ পুৰণা ৰূপ বুলি গন্য কৰা হয়, সম্ভৱতঃ প্ৰায় ৩৮ নিযুত বছৰৰ আগৰ পৰাই বিদ্যমান।<ref>{{citation|url=http://library.thinkquest.org/27819/ch1_5.shtml|title=An Introduction to Cells|publisher=ThinkQuest|accessdate=2013-05-30}}</ref>
 
সংকোষকেন্দ্ৰীক জীৱ, বেছিভাগ [[প্ৰটিষ্টা]], আৰু কিছুমান [[ভেঁকুৰ]] এককোষী। যদিও এনে কিছুমান জীৱ সংঘবদ্ধ হৈ থাকে, তথাপি সিহঁত এককোষী। এনে জীৱবোৰ একেলগে জীৱন নিৰ্বাহ কৰে। সিহঁত প্ৰত্যেকেই পৰস্পৰে নিৰ্ভৰশীল হৈ জীয়াই থাকে। আনহাতে, '''ডাইক্ট'ষ্টেলিয়াম'''ৰ দৰে কিছুমান জীৱ, পৰিস্থিতি সাপেক্ষে এককোষী আৰু বহুকোষী দুয়োটা ৰূপতে পোৱা যায়।
 
বেছিভাগ এককোষী জীৱ ইমান ক্ষুদ্ৰ যে সিহঁতক [[অণুবীক্ষণ যন্ত্ৰ]]ৰ যোগেদিহে দেখা পোৱা যায়, সেইবাবে সিহঁতক [[অণুজীৱ]] বোলে। অৱশ্যে, কিছুমান প্ৰটিষ্ট আৰু বেক্টেৰিয়া খালি চকুৰেও দেখা পোৱা যায়।<ref>[http://www.mpg.de/english/illustrationsDocumentation/documentation/pressReleases/1999/news17_99.htm Max Planck Society Research News Release] Accessed 21 May 2009</ref> যেনে: