১৫ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: ১/ খ্ৰীষ্টপূৰ্ব ৭০ত ৰোমৰ মহাকবি ভাৰ্জিলৰ জন্ম হয় । ২/ ১৫৪১ খ...
(কোনো পাৰ্থক্য নাই)

10:25, 17 October 2014ৰ সংস্কৰণ

১/ খ্ৰীষ্টপূৰ্ব ৭০ত ৰোমৰ মহাকবি ভাৰ্জিলৰ জন্ম হয় ।

২/ ১৫৪১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইটালীৰ পদাৰ্থবিদ , বেৰোমিটাৰৰ আৱিষ্কাৰক ইভানজেলিষ্টা টৰচেলিৰ জন্ম হয় ।

৩/ ১৮৭৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ জন্ম হয় ।

৪/ ১৯১৭ চনৰ আজিৰ দিনটোতে মহিলা গুপ্তচৰ মাতাহাৰী ফৰাচী সেনাৰ গুলীত নিহত হয় । নিপুণ নৰ্তকী মাতাহাৰীয়ে প্ৰথম মহাসমৰত জাৰ্মানীৰ চোৰাংচোৱা ৰূপে বিশেষ খ্যাতি অৰ্জন কৰিছিল ।

৫/ ১৯৩১ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি , মিছাইল মেন ডঃ এ পি জে আব্দুল কালামৰ জন্ম হয় ।

৬/ ১৯৬৪ চনৰ আজিৰ দিনটোতে চীনে প্ৰথম বাৰৰ বাবে পাৰমাণৱিক বোমা পৰীক্ষণ কৰে ।

৭/ ১৯৭৭ চনৰ আজিৰ দিনটোতে কণ্ঠশিল্পী , সুৰকাৰ জয়ন্ত হাজৰিকাৰ মৃত্যু হয় ।

৮/ ২০০০ চনৰ আজিৰ দিনটোতে সত্ৰীয়া নৃত্যশিল্পী ৰসেশ্বৰ শইকীয়া বৰবায়নৰ মৃত্যু হয় ।

৯/ ২০০৪ চনৰ আজিৰ দিনটোতে বিশিষ্ট সাহিত্যিক হেম বৰগোহাঞিৰ মৃত্যু হয় ।