১১ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: ১/ ১৭৩৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কলকাতাত হোৱা প্ৰবল ভূমিকম্...
(কোনো পাৰ্থক্য নাই)

10:30, 17 October 2014ৰ সংস্কৰণ

১/ ১৭৩৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কলকাতাত হোৱা প্ৰবল ভূমিকম্পৰ ফলত প্ৰায় তিনি লাখ লোকৰ মৃত্যু হয় ।

২/ ১৯০২ চনৰ আজিৰ দিনটোতে ভাৰতৰ সমাজবাদী ভাবাপন্ন ৰাজনৈতিক নেতা জয়প্ৰকাশ নাৰায়ণৰ জন্ম হয় ।

৩/ ১৯৪২ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্রৰ মেগা ষ্টাৰ অমিতাভ বচ্চনৰ জন্ম হয় ।

৪/ ১৮৮৯ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ পদাৰ্থবিদ জেমছ প্ৰেছকট জুলৰ মৃত্যু হয় ।

৫/ ১৯১৯ চনৰ আজিৰ দিনটোতে ডেনমাৰ্কৰ কবি তথা ঔপন্যাসিক কাৰ্ল এডলফ গিয়েলেপাৰপৰ মৃত্যু হয় ।

৬/ ১৯৮৮ চনৰ আজিৰ দিনটোতে বাংগালোৰত আনুষ্ঠানিক ভাৱে জনতা দল গঠন কৰা হয় । দলৰ নেতা নিৰ্বাচিত হয় বিশ্বনাথ প্ৰতাপ সিং ।

৭/ ২০০১ চনৰ আজিৰ দিনটোতে ভাৰতীয় মূলৰ সাহিত্যিক বিদিয়াধৰ সূৰযপ্ৰসাদ নাইপললৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয় ।

৮/ ২০০৪ চনৰ আজিৰ দিনটোতে ছুপাৰমেন ৰূপে খ্যাত ক্ৰিষ্টোফাৰ ৰীডৰ মৃত্যু হয় ।

৯/ ২০০৬ চনৰ আজিৰ দিনটোতে কিৰণ দেশাইলৈ তেওঁৰ " দি ইনহেৰিটেন্স অব্ লছ "" উপন্যাসৰ বাবে বুকাৰ বঁটা লাভ কৰে ।

১০/ ২০০৭ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ লেখিকা ডৰিছ লেছিঙলৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয় । এই বঁটা লাভ কৰা লেছিঙেই আটাইতকৈ বয়সীয়াল ব্যক্তি ।