ৱিকিপিডিয়া:গুৱাহাটী ৱিকি মীট-আপ ৩ (ৱিকি চাহমেল): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
67 নং শাৰী:
 
==সন্মিলনৰ চমু বিৱৰণ==
২৫ অক্টোবৰ, ২০১৪ত [[অসম অভিযান্ত্ৰিক মহাবিদ্যালয়]], গুৱাহাটীত এখন ৱিকিপিডিয়াৰ কৰ্মশালা আৰু গুৱাহাটীত তৃতীয়খন অসমীয়া ৱিকি সন্মিলন অনুষ্ঠিত হয়। কৰ্মশালাৰ শেষত পুৰণি ৱিকিপিডিয়ান সকল মিলি আলোচনাত মিলিত কৰা হয়।
 
===উপস্থিতি===
* মুঠ উপস্থিতি:
* ৱিকিপিডিয়াৰ পুৰণি সদস্য: ৭ জন
 
===কাৰ্য বিৱৰণী===
<center>
স্থান: অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, গুৱাহাটী, ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ সন্মিলন কক্ষ
তাং : ২৫ অক্টোবৰ, ২০১৪ সময়: দিনৰ ১২.৩০ বজা </center>
 
 
* সভাখন নিৰ্ধাৰিত সময়তকৈ এঘণ্টা পলমকৈ প্ৰায় ১:৩০ বজাত আৰম্ভ হয়।
* আৰম্ভণিতে উদ্যোক্তা লিণ্টন শইকীয়াই সকলোকে আদৰণি জনায় আৰু হীৰক কুমাৰ ভূঞাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। ইয়াৰ পিছতে উপস্থিত লোকসকলে নিজৰ নিজৰ পৰিচয় দাঙি ধৰে।
* পুৰণি ৱিকিপিডিয়ান সকলক গামোছাৰে সম্বৰ্ধনা জনোৱা হয়।
* অসমীয়া ৱিকিপিডিয়ান দীপাংকৰ চেতিয়াই ৱিকিপিডিয়া আৰু অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে ন-শিকাৰুসকলক অৱগত কৰায়। ৱিকিপিডিয়াত কি লিখিব লাগে, কি লিখিব নালাগে, সাধাৰণ নীতিসমূহৰ কথা চমুকৈ কোৱা হয়। ইয়াৰ লগতে অসমীয়া ৱিকিউৎস আৰু ৱিকিমিডিয়া ভগ্নী প্ৰকল্পসমূহৰ কথা তেওঁলোকক কোৱা হয়।
* প্ৰশাসক বিষ্ণু শইকীয়াই ৱিকিপিডিয়াৰ সাধাৰণ নীতিসমূহ, ৱিকিপিডিয়াৰ গুৰুত্ব, অসমীয়া ৱিকিপিডিয়াৰ সমস্যা, লিখাৰ লাভালাভ আদি ব্যাখ্যা কৰা হয়।
* ৱিকিপিডিয়ান চিৰিং চন্দনে ৰ'দালি পৰ্টেবল সঁজুলিৰে কিদৰে সহজতে অসমীয়া টাইপ কৰিব পাৰি সেয়া সকলোকে দেখুৱায়।
* ইয়াৰ পিছত ৱিকিপিডিয়ান অনিমেষ বৰাই ৱিকিপিডিয়াত প্ৰবন্ধৰ সন্ধান কিদৰে কৰা হয়, কিদৰে একাউণ্ট সৃষ্টি কৰিব পাৰি, প্ৰবন্ধ এটা সম্পাদনা কৰিব পাৰি আদি কথা ন-শিকাৰুসকলক কৰি দেখুৱায়। ইংৰাজী প্ৰবন্ধৰ পৰা অসমীয়ালৈ অনুবাদ কৰিব পৰা কৌশল শিকোৱা হয় আৰু [[কেমিকেল ইঞ্জিনিয়াৰিং]] নামৰ প্ৰবন্ধ এটা আৰম্ভ কৰা হয়। আন আন ৱিকিপিডিয়ান সকলে ন-শিকাৰুসকলক হাতে-কামে সম্পাদনা কৰাৰ কৌশল শিকায়।
* ইয়াৰ পিছত ন-শিকাৰুসকলৰ প্ৰশ্নসমূহৰ যথাসম্ভৱ উত্তৰ দিয়া হয়। লগতে অসমীয়া ৱিকিপিডিয়াৰ ফেচবুকৰ গ্ৰুপ আৰু পেজখনৰ বিষয়ে অৱগত কৰোৱা হয়।
* ইয়াৰ পিছতে সকলোৱে চাহ গ্ৰহণ কৰে।
* অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসক শ্ৰী বিষ্ণু শইকীয়াই ৱিকিপিডিয়াত লিখা/সম্পাদনা কৰাৰ অভিজ্ঞতাৰ বিষয়ে চমু বক্তৱ্য তুলি ধৰে।
* কৰ্মশালাৰ শেষত FAQ পুথিখন আহ্বায়কৰ হাতত দিয়া হয়।
 
===আলোচনা===
;মিৰৰ ছাইট
[[সদস্য:Psneog|প্রভাকৰ শৰ্মা নেওগ]] : অসমীয়া ৱিকিপিডিয়াৰ আমাৰ নিজাকৈ (অৰ্থাৎ অসমৰ ৰাইজৰ) এটা মিৰৰ চাইটৰ আৱশ্যক।
::মিৰৰ ছাইটটোৰ আৱশ্যকতাৰ বিষয়ে সকলো একমত হয়। এই ছাইটটোৰ কাৰিকৰী দিশসমূহ তদাৰক কৰিবলৈ প্ৰভাকৰ শৰ্মা নেওগক দায়িত্ব দিয়াৰ কথা প্ৰস্তাৱ ৰখা হয়।
 
;ৱিকিপিডিয়াৰ প্ৰচাৰ পত্ৰিকা
::পূৰ্বতে কেইমাহ মানৰ বাবে প্ৰচাৰ পত্ৰিকাখন মাহেকীয়াকৈ প্ৰকাশ পাইছিল। অসমীয়া ই-আলোচনী সন্ধান আৰু সাহিত্য ডট অৰ্গত প্ৰচাৰ পত্ৰিকাখন প্ৰকাশ পাইছিল। অসমীয়া ৱিকিপিডিয়াৰ প্ৰচাৰৰ বাবে এই প্ৰচাৰ পত্ৰিকাখন নিয়মীয়াকৈ যুগুতাবলৈ সিদ্ধান্ত লোৱা হয়।
 
; প্ৰতিযোগিতা
::২০১৫ বৰ্ষত ৱিকিপিডিয়াৰ তৰফৰ পৰা প্ৰবন্ধ, চিত্ৰাংকন আৰু ফট’গ্ৰাফিৰ এখন প্ৰতিযোগিতাৰ আয়োজন কৰাৰ কথা সিদ্ধান্ত লোৱা হয়।
:::ফট’গ্ৰাফিৰ বিষয়: অসমৰ লগত জড়িত যিকোনো ফটো হ’ব পাৰে।
:::সময়সীমা: প্ৰায় তিনিমাহ মান
 
::অসমৰ কিছুমান মৃত ব্যক্তিৰ চিত্ৰ কমন্সত নাই। সেইসকলৰ চিত্ৰ অংকন কৰি কমন্সত আপল’ড কৰাৰ কথা প্ৰস্তাৱ ৰখা হয়। এই চিত্ৰসমূহৰ মাজৰপৰাই শ্ৰেষ্ঠ চিত্ৰখনক বাচনি কৰি পুৰষ্কৃত কৰা হ'ব।
 
; অসমীয়া ৱিকিঅভিধান
ইতিমধ্যে শব্দ অভিধানখন সক্ৰিয় অৱস্থাত আছে। সেয়ে শব্দ ৱেবছাইটটো ৱিকিঅভিধানৰ লগত sync কৰাৰ কথা প্ৰস্তাৱ দিয়া হয়। ইয়াৰ বাবে শব্দৰ কৰ্মকৰ্তাসকলক যোগাযোগ কৰি ৱিকিঅভিধান ড’মেইনৰ বাবে যো-জা চলোৱাৰ কথা সিদ্ধান্ত লোৱা হয়।
 
;সন্মিলনৰ প্ৰচাৰ
সন্মিলনখন অনুষ্ঠিত হোৱাৰ পাছত ইয়াৰ বিষয়ে এটা উন্নতমানৰ এটা বাতৰি প্ৰস্তুত কৰি বিভিন্ন বাতৰি কাকতত প্ৰচাৰ কৰাৰ দায়িত্ব সভাৰ আহ্বায়ক সকলক দিয়া হয়।
 
[[সদস্য:Ani ttbr|Ani ttbr]] ([[সদস্য বাৰ্তা:Ani ttbr|talk]]) 12:48, 27 অক্টোবৰ 2014 (UTC)
 
==চিত্ৰ==